চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ সদৌ অসম নতুনকৈ প্ৰাদেশিকীত মধ্য ইংৰাজী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ

লখিমপুৰত  অধিবেশনঃআন্দোলনৰ হুংকাৰ।

0 22

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ,১৯ মাৰ্চঃ লখিমপুৰত আজি সদৌ অসম নতুকৈ প্ৰাদেশিকীত মধ্য ইংৰাজী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ লখিমপুৰ জিলা সমিতিৰ অধিবেশনৰ মুকলি ৰাজহুৱা সভাত কৰ্মচাৰী সকলে চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰে।জিলাখনৰ সোৱণশিৰিৰ কঠালগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ চৌহদত অনুষ্ঠিত অধিবেশনত লখিমপুৰ জিলাৰ উপৰি ধেমাজি,মাজুলী আৰু শোণিতপুৰ জিলাৰ প্ৰতিনিধি সকলো উপস্থিত থাকে। তাৰাবীৰ ছেত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত কৰ্মচাৰী সকলে ক্ষোভ প্ৰকাশ কৰি কয় যে-২০২২চনৰ চেপ্তেম্বৰ মাহত ৰাজ্যৰ শিক্ষা বিভাগে নতুকৈ সমগ্ৰ অসমত মধ্য ইংৰাজী বিদ্যালয়ত ১৫৪১গৰাকী কৰ্মচাৰীক চতুৰ্থ বৰ্গৰ কৰ্মচাৰী পদত নিযুক্তি দিলে যদিও নিযুক্তিৰ নামত চূড়ান্ত অন্যায় কৰিলে।বিগত ২০/২৫ বছৰে বিনা বেতনে সেৱা আগবঢ়ায় অহা এই সকল কৰ্মচাৰীক চৰকাৰে মাথোঁ ৮০০০ হাজাৰ টকা ফিক্সট পেত দৰমহা দি চুড়ান্ত অন্যায় কৰিলে।চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে ডিএল এড বা কোনো প্ৰশিক্ষণৰ প্ৰয়োজন নথকা সত্বেও চৰকাৰে সামান্য মজুৰি দি কৰ্মচাৰীসকলক চূড়ান্ত বঞ্চনা কৰি ভৱিষ্যত অন্ধকাৰ দিশলৈ ঠেলি দিয়া কাৰ্যক আহবায়ক ক্ৰমে -মনোজ পাঠৰী, দুল বৰা, ধন টায়ে, তাৰাবীৰ ছেত্ৰী, পূনানন্দ নাথ, দীপক বড়ী, ৰাতুল পেগু আদি বিষয় ববীয়া সকলে তীব্ৰ খেদ প্ৰকাশ কৰে।সন্থাই মুখ্যমন্ত্ৰীক অচিৰে কৰ্মচাৰী সকলক পূৰ্ণ পৰ্যায়ৰ দৰমহা দিবলৈ দাবী জনায় অন্যথা আগন্তক সময়ত তীব্ৰ আন্দোলনৰ কাৰ্যসূচী লবলৈ বাধ্য হব বুলিও সকীয়াই দিয়ে।অন্যহাতে আজিৰ সভাত লখিমপুৰ জিলা নতুকৈ প্ৰাদেশিকীকৰণ হোৱা মধ্য ইংৰাজী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ জিলা সমিতিখনো গঠন কৰা হয়।মনোজ পাঠৰীক সভাপতি, খোজ কুমাৰ পেগুক উপসভাপতি,ৰাতুল পেগুক সম্পাদক আৰু ধন টাৱেক সহ সম্পাদক হিচাপে লৈ জিলা সমিতিখন গঠন কৰা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More