চৰকাৰী বিভাগৰ কৃপাত তেজপুৰ কৃত্ৰিম বানত জুৰুলা চহৰলৈ পৰিৱৰ্তন

0 22

শতাব্দ প্ৰতিনিধি, তেজপুৰ,১৫জুলাই: কেবল গুৱাহাটী মহানগৰীয়েই নহয় বৰ্তমান ধাৰাবাহিক বৰষুণত বানত তেজপুৰ পৌৰ সভা অন্তৰ্গত বহুকেইটা অঞ্চল ডুব যোৱাটো এক নিয়মীয়া ঘটনাত পৰিণত হৈছে।আজি তেজপুৰ চহৰৰ একাধিক অঞ্চল কৃত্ৰিম বানৰ কৱলত পৰাৰ লগতে লোকনিৰ্মাণ বিভাগৰ কেইবাটাও পথৰ ওপৰত একাঁঠু পানীত ডুব যায়। জমা হোৱাত যাতায়াতৰ ক্ষেত্ৰত ৰাইজ ব্যাপক সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। এনেদৰে দিনক দিনে তেজপুৰ পৌৰ সভা, তেজপুৰ নগৰ উন্নয়ন কৰ্তৃপক্ষ , তেজপুৰ ৰাজহ চক্ৰ আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ ৰহস্যজনক উদাসীনতাৰ সুযোগ লৈ ইমানদিনে বৰষুণৰ পানী ওলাই যোৱা পূৰ্বৰ সকলো পথ ক্ৰমান্বয়ে নিঃশেষ হোৱাৰ পাছত বৰ্তমান কৃত্ৰিম বানৰ সমস্যা তেজপুৰৰ নতুন নতুন অঞ্চললৈ বিয়পি পৰিছে। উল্লেখ্য যে আজিও তেজপুৰ একাডেমী, বাণ থিয়েটাৰৰ সমীপত, সদৰ থানাৰ উত্তৰ দিশে থকা পথ, ঈদগাহ ফিল্ডৰ সন্মুখত ,আই এম এ বিল্ডিঙৰ পৰা গাৰোৱানপট্টি সংযোগী পথৰ দুয়োকাষে তথা আৱৰ্ত্ত ভৱনৰ কাষতো কৃত্ৰিম বানৰ সৃষ্টি হয়। প্ৰাকৃতিক জলাশয়, চৰকাৰী হোলাৰ মাটিত অবাধ বেদখল চলি অহা সত্বেও সংশ্লিষ্ট চৰকাৰী পক্ষই এই ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই।দৰ্প, অহংকাৰত মত্ত একাংশ বিষয়াৰ বাবে এনেবোৰ সমস্যাৰ প্ৰতি চকু দিবলৈ সময়ৰ অভাৱ।সম্প্ৰতি তেজপুৰৰ কাষৰীয়া সকলো অঞ্চলতে দ পথাৰ,হোলা আদি পুতি থকা হৈছে।চহৰখনৰ কাষৰীয়া অঞ্চলত কৃষি পথাৰৰ অস্তিত্ব শূন্য।উল্লেখযোগ্য যে,প্ৰকৃততে কৃষি ভূমি ক্ৰয় বিক্ৰয় হ’লেও ভূমি আইন অনুসৰি ইয়াত কৃষি কাৰ্যৰ বাহিৰে আন কামত ব্যৱহাৰ কৰিব নোৱাৰি যদিও তেজপুৰত এবাৰ ক্ৰয় বিক্ৰয় হোৱাৰ পাছত এনে ভূমিত কি কামত ব্যৱহাৰ কৰা হৈছে সেয়া চোৱাৰ সময় কাৰো নাই।পূৰ্বৰ কৃষি প্ৰধান অঞ্চল, ডিপোতা, গটঙা, গৰৈমাৰী, ডেকাৰগাঁও, মাজগাঁও, তৰাজান কুমাৰগাঁও, দেউৰীগাঁও আদিত বৰ্তমান কৃষি পথাৰ প্ৰায় নিঃশেষ হৈছে।তদুপৰি,পুনৰ মাটিৰ দালাল সক্ৰিয় হৈ উঠা চহৰখনৰ কাষৰীয়া অঞ্চলত বিঘাই বিঘাই দ পথাৰ দালালে ক্ৰয় কৰি সেয়া কেইদিনমানৰ পাছতে অধিক মূল্যত বিক্ৰী কৰা কাৰ্য অব্যাহত আছে।পূৰ্বৰ পিতনি সদৃশ প্ৰাকৃতিক হোলা সমূহ ইচ্ছামতে দখল কৰি লোৱা সত্বেও চৰকাৰী বিভাগ সমূহ ৰহস্যজনক ভাবে হাতসাবতি বহি থকাত কৃত্ৰিম বানে ভয়ংকৰ ৰূপ ল’বলৈ আৰম্ভ কৰাত তেজপুৰৰ বহু সংখ্যক লোক ক্ষোভিত হোৱাৰ লগতে এনে হোলা সমূহ পূৰ্বৰ তথ্য অনুসৰি এতিয়া এক জৰীপ চলাই এই হোলা সমূহত হোৱা বেদখল, বিভিন্ন নিৰ্মাণ, গোহালি আদিৰ লগতে সকলো ধৰণৰ আৱৰ্জনা পেলোৱা কাৰ্য বন্ধ কৰা নতুবা প্ৰয়োজন অনুসৰি উচ্ছেদ কৰাৰো দাবী উত্থাপন হৈছে।তেজপুৰ পৌৰ অঞ্চলতে একাধিক হোলাত গোহালিৰ আৱৰ্জনা পেলোৱা হয় যদিও এই সমূহ জনবহুল অঞ্চলৰ পৰা স্থানান্তৰৰ ব্যৱস্থা নকৰাকলৈও স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More