চৰকাৰী ভূমি বেদখল কৰি বিজেপিয়ে মাকুম মণ্ডলৰ কাৰ্য্যালয় স্থাপনৰ গুৰুতৰ অভিযোগ

0 106

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ নৱেম্বৰ : চৰকাৰী ভূমি বেদখল কৰি বিজেপি দলে মাকুম মণ্ডলৰ কাৰ্য্যালয় স্থাপন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ আজি এক বিবৃতিত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভাপতি মৌচুম বৰুৱাই কয় যে তিনিচুকীয়া জিলা প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই সকলো ভূমি আইন উলংঘা কৰি বিজেপি দলে চৰকাৰী ভূমি বেদখল কৰি মাকুম মণ্ডল সমিতিৰ কাৰ্য্যালয়টো মাকুমৰ তৰুণ নগৰস্থিত সৎসঙ্গ বিহাৰলৈ যোৱা পথত নিৰ্মাণ কৰিছে ৷ উল্লেখ্য, চৰকাৰী ভূমি বেদখল কৰি নিৰ্মাণৰ অভিযোগ উঠা মাকুম মণ্ডল সমিতিৰ কাৰ্য্যালয়টো আজি বিজেপি দলৰ নেতা, পালিনেতাৰ উপস্থিতিত ডিগবৈ বিধায়ক সুৰেণ ফুকনে উদ্বোধন কৰে ৷ অভিযোগ অনুসৰি বন বিভাগৰ ভূমি বেদখল কৰি উক্ত কাৰ্য্যালয় নিৰ্মাণ কৰা হৈছে ৷ প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভাপতি মৌচুম বৰুৱাই বিবৃতিটোত কয় বিধানসভাত আইন প্ৰণয়নকাৰী শাসকীয় দলৰ বিধায়কে পুনৰবাৰ প্ৰমাণ কৰিলে যে বৰ্তমান অসমত আইন, শৃংখলা বোলা কোনো বস্তু নাই ৷ ৰজাঘৰীয়া হ’লে এতিয়া এশ খুন মাফৰ দৰে পৰিস্থিতি অসমত বিৰাজমান অসমত ৷ ইয়াৰোপৰি উক্ত কাৰ্য্যালয়লৈ মাকুম পৌৰসভাৰ বিগত সময়ৰ সকলো চৰকাৰী আচবাব যেনে প্ৰাক্তন সভানেত্ৰীৰ টেবুল, এম এম বি লিখা চকী ইত্যাদি স্থানান্তৰ কৰা হ’ল বুলি অভিযোগত প্ৰকাশ ৷ কংগ্ৰেছী নেতা বৰুৱাই সদৰি কৰা মতে উক্ত মাটি বন বিভাগে বিদ্যুৎ বিভাগক ট্ৰেন্সফৰ্মাৰ বহুৱাৰ বাবে পাৰস্পৰিক বুজাবুজিত প্ৰদান কৰিছিল ৷ পৰিতাপৰ বিষয় যে সেই মাটিতেই ট্ৰেন্সফৰ্মাৰটোৰ নিচেই কাষতে কাৰ্য্যালয়টো নিৰ্মাণ কৰি বিজেপি দলে ৰাইজৰ বাবে সমগ্ৰ অঞ্চলটোৱেই বিপজ্জনক কৰি তুলিলে ৷ উল্লেখ্য যে কেইমাহমান পূৰ্বে চৰকাৰী ভূমিত অবৈধভাৱে হোটেল স্থাপন কৰাৰ অভিযোগত তিনিচুকীয়া জিলা প্ৰশাসনে বুলডজাৰ লগাই ভাঙি দিছিল এজন থলুৱা যুৱকৰ এখন ৰেষ্টুৰেণ্ট ৷ তেনেস্থলত আজি মাকুমত নিৰ্মাণ হোৱা বিজেপিৰ কাৰ্য্যালয়ৰ ক্ষেত্ৰত প্ৰশাসনে কিয় চকু মুদা কুলিৰ ভাও ধৰিছে বুলি প্ৰশ্ন তোলাৰ লগতে আইন উলংঘাকাৰী, ভূমি বেদখলকাৰী বিধায়ক সুৰেণ ফুকনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী আৰু তিনিচুকীয়া জিলা প্ৰশাসনৰ দাবী জনাইছে প্ৰদেশ যুৱ কংগ্ৰেছ উপ-সভাপতি মৌচম বৰুৱাই।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More