চৰকাৰে বিদ্যালয় বন্ধ কৰি শিক্ষানুষ্ঠানসমূহ ধবংস কৰিব বিচাৰিছেঃ আপ

লখিমপুৰত আম আদমি পাৰ্টিৰ সংবাদমেল

0 20

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৭ ছেপ্টেম্বৰঃ ৰাজ্যৰ দৰিদ্ৰ আৰু সাধাৰণ শ্ৰেণীৰ লোকসকলৰ সন্তানৰ বাবে শিক্ষা ব্যৱস্থাক দুৰ্লভ কৰিবলৈ ৰাজ্যৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ চৰকাৰৰ দিনতে কচৰৎ আৰম্ভ কৰিছিল আৰু এতিয়া তেওঁ সেই ষড়যন্ত্ৰৰ সফল ৰূপ দিবলৈ আৰম্ভ কৰিছে৷ এই অভিযোগ আম আদমি পাটি, লখিমপুৰ জিলা সমিতিৰ৷ আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত আম আদমি পাৰ্টিৰ হৈ জিলা সাধাৰণ সম্পাদক মুকুট গগৈ, জিলা সমন্বয়ক স্বপ্না বৰুৱা আৰু জিলা সংখ্যালঘু কোষৰ সমন্বয়ক ইউচুফ আলিয়ে এখন সংবাদমেল সম্বোধন কৰি এনে গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ তেওঁলোকে কয় সৰ্বশিক্ষা অভিযান মিছনে বিদ্যালয়ৰ আন্তগাঁথনি উন্নয়নৰ বাবে কোটি কোটি টকা মোকলাই দিয়াৰ পিছতো ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ অৱস্থা বেয়াৰ ফালেহে গতি কৰে৷ ১৭১০খন চৰকাৰী বিদ্যালয় বন্ধ কৰি এনে বিদ্যালয়সমূহ আন বিদ্যালয়ৰ লগত চামিল কৰা কাৰ্য কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে বুলি সদৰি কৰি চৰকাৰৰ এনে কাৰ্যই বিদ্যালয় ধবংসৰ বাদে অন্য একো নহয় বুলি কয়৷ চৰকাৰে ষড়যন্ত্ৰৰে বিদ্যালয়সমূহ বন্ধ কৰিছে বুলিও আপে অভিযোগ কৰে৷ আনহাতে বিজেপি চৰকাৰে জাত পাতৰ ৰাজনীতি কৰিছে বুলি উল্লেখ কৰি শিক্ষকসকলক বিভিন্ন কামত লগোৱাৰ বাবেই বিদ্যালয়ৰ শৈক্ষিক দিশত অৱনতি ঘটিছে বুলি কয়৷ একেদৰে হিমন্ত চৰকাৰে মাদ্ৰাছা সমূহ উচ্ছেদ কৰা কাৰ্যতো আপে গভীৰ উদ্বেগ প্ৰকাশ কৰি এনে কাৰ্য বন্ধ কৰাৰ দাবী জনায়৷ মুখ্যমন্ত্ৰীৰ হাতত চৰকাৰী শিক্ষাখণ্ড সুৰক্ষিত নহয় বুলিও সংবাদমেলত আপে দাবী কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More