চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে ১০মাৰ্চত দিছপুৰ চলো কাৰ্যসূচী টিউটৰৰ

সুদা হাতে অৱসৰ গ্ৰহণ কৰিছে ৰাজ্যৰ শ শ টিউটৰ শিক্ষকে

0 13

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ,৩ মাৰ্চঃ ১০মাৰ্চত দিছপুৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ককালত টঙালি বান্ধিছে ৰাজ্যৰ শ শ টিউটৰে।উক্ত দিনা দিছপুৰ চলো কাৰ্যসূচীৰে চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে সবল প্ৰতিবাদ সাব্যস্ত কৰিব সদৌ অসম টিউটৰ সন্থাই।সন্থাৰ বিষয়ববীয়াই জানিবলৈ দিয়া অনুসৰি চৰকাৰক বহুবাৰ অনুনয় বিনয় কৰাৰ পাছতো টিউটৰ সকলৰ প্ৰতি তিলমানো মানৱীয়তা প্ৰদৰ্শন নকৰিলে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে।যাৰ ফলত বাধ্য হৈ ধাৰাবাহিক প্ৰতিবাদৰ বাবে সাজু হৈছে বঞ্চিত টিউটৰ সকলে।প্ৰাথমিক আৰু মধ্য ইংৰাজী টিউটৰ সন্থাৰ উদ্যোগত দিছপুৰ চলো কাৰ্যসূচীত ৰাজ্যৰ সকলো টিউটৰ শিক্ষকে অংশ গ্ৰগণ কৰিব বুলি জনা গৈছে।টিউটৰ সন্থাৰ অভিযোগ যোৱা ২০২১ বৰ্ষৰ ৫ফেব্ৰুৱাৰীত ৰাজ্যৰ শিক্ষা বিভাগে ১৬হাজাৰোধিক ভেন্সাৰ শিক্ষকক সামান্য পাৰিতোসিকৰ বিনিময়ত টিউটৰ হিচাপে নিযুক্তি দিলে।অতি পৰিতাপৰ কথা যে ১০হাজাৰ পৰা ১৬০০০ টকাৰ বিনিময়ত টিউটৰ হিচাপে নিযুক্তি পোৱা এই সকল টিউটৰৰ বাবে নাই কোনো চৰকাৰী মৰ্যাদা। নীতিগত ভাৱে ২০১৩বৰ্ষৰ প্ৰাদেশিকীকৰণৰ দৰে ২০২১ বৰ্ষৰ প্ৰাদেশিকীকৰণ কৰা সকলক হম মৰ্যাদা দিব লাগে যদিও চৰকাৰে বিত্তীয় দুৰৱস্থাৰ দোহাই দি এই সকল শিক্ষকৰ ওপৰত কঠোৰ আইন জাপি দি টিউটৰ হিচাপে নিযুক্তি দিলে।প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যন্ত চৰকাৰে নিযুক্তি দিয়া টিউটৰ সকলে সম্প্ৰতি চূড়ান্ত আৰ্থিক সংকটত ভূগিব লগা হৈছে।অতি দুৰ্ভাগ্য জনক কথাটো হল বহু কেইগৰাকী টিউটৰে আৰ্থিক দুৱস্থাৰ বাবেই চিকিৎসা কৰিব নোৱাৰি মৃত্যুক সাবতি লব লগা হৈছে।ইয়াৰোপৰি পৰিয়ালৰ ভৰণ পোষণৰ ক্ষেত্ৰতো সংকটত পৰা টিউটৰ সকলৰ প্ৰতি চৰকাৰে তিলমানো গুৰুত্ব নিদিয়া বুলি টিউটৰ সন্থাই ক্ষোভ প্ৰকাশ কৰিছে।অন্যহাতে ইতিমধ্যে শতাধিক টিউটৰে অৱসৰ গ্ৰহণ কৰিলে যদিও তেঁওলোকে চৰকাৰৰ পৰা ফুটাকৰি এটাও নোপোৱাকৈ সুদাহাতে অৱসৰ গ্ৰহণ কৰিব লগা হৈছে।চৰকাৰে এনে দৰে অৱসৰ ক্ষণ গনা টিউটৰ সকলক ভৱিষ্যৎ অন্ধকাৰ দিশলৈ ঠেলি দিয়া কাৰ্যত টিউটৰ সমাজ নীৰৱ হৈ নাথাকে বুলি সকীয়নি দি অনাগত দিনত শ্ৰেণীকোঠা এৰি ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী লবলৈ বাধ্য হব বুলিও সকীয়াই দিয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More