চৰকাৰৰ শিক্ষাবিৰোধী নীতি:তেজপুৰত এ আই ডি এছ অ’ৰ প্ৰতিবাদ

0 34

শতাব্দ  প্ৰতিনিধি তেজপুৰ ,১৭আগষ্ট: ৰাজ্য চৰকাৰে ৰাজহুৱা খণ্ডৰ বিদ্যালয় সমূহত নৱম আৰু দশম শ্রেণীৰ ছাত্র-ছাত্রীৰ টিউচন মাছুল ৭০ টকাৰ পৰা ১২০ টকালৈ বৃদ্ধি কৰা , ৰাজহুৱা আদৰ্শ বিদ্যালয়ত ছাত্র ছাত্রীৰ মাহিলী মাছুল তিনিশ টকা কৰা আৰু পুজিঁৰ অভাৱৰ দোহাই দি ৰাইজ তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী পৰা দান বৰঙনি সংগ্ৰহ কৰি বিদ্যালয় পৰিচলনা কৰাৰ শিক্ষা বিৰোধী তিনিটা সিদ্ধান্তক তীব্র বিৰোধিতা কৰি ছাত্র সংগঠন এ আই ডি এছ অ’ৰ অসম ৰাজ্যিক কমিটিৰ আহ্বান মৰ্মে আজি ,শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত তেজপুৰত এক প্ৰতিবাদী কৰ্যসূচী ৰূপায়ন কৰা হয়। সংগঠনটোৱে চৰকাৰৰ শিক্ষাবিৰোধী এই সিদ্ধান্তবোৰৰ তীব্র নিন্দা কৰি কয় যে জনমতৰ হেঁচাত শিক্ষা অধিকাৰ আইন, ২০০৯ ত দেশৰ ৬-১৪ বছৰৰ ছাত্র ছাত্রীক সম্পূর্ণ বিনামূলীয়া শিক্ষা প্রদান কৰাৰ সিদ্ধান্ত লবলৈ বাধ্য হৈছিল। এতিয়া আদৰ্শ বিদ্যালয়ত মাছুল ধার্য কৰি চৰকাৰে আইন উলংঘ কৰাই নহয়, ৰাইজৰ ন্যায্য আশা আকাংক্ষাকো অস্বীকাৰ কৰিছে।প্ৰতিবাদকাৰী সংগঠনটোৱে আৰু কয় যে জাতীয় শিক্ষানীতি, ২০২০ ৰাজ্যত দ্রুত বাস্তবায়িত কৰাৰ আচল উদ্দেশ্য হৈছে শিক্ষা ব্যৱস্থাৰ সামগ্ৰিক ব্যক্তিগতকৰণ আৰু ব্যৱসায়ীকৰণৰ বাট মুকলি কৰি দিয়া। চাহ শ্রমিক সকলৰ লৰা-ছোৱালীৰ পঢ়াশুনা কৰাৰ সুযোগ কৰি দিয়াৰ বাবে আবাসিক আদৰ্শ বিদ্যালয় স্থাপনৰ কথা কৈ মাত্র ২০ শতাংশ আসন দুখীয়া শ্রেণীৰ পৰিয়ালৰ ছাত্ৰ-ছাত্রীৰ বাবে সংৰক্ষিত ৰাখি ব্যৱসায় কৰিব বিচাৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। ফলত আদৰ্শ বিদ্যালয় চাহ বাগিচাত গঢ়ি উঠিলেও তাত সাধাৰণ চাহ শ্রমিক পৰিয়ালৰ ছাত্ৰ-ছাত্রীৰ পঢ়াশুনাৰ সুযোগ নাথাকিব । এইবোৰ আদৰ্শ বিদ্যালয়ৰ পাঠ্যক্রম ‘চি বি এছ চি’ ৰ অধীনত থকাৰ যি সিদ্ধান্ত লোৱা হৈছে এয়া শিক্ষাৰ কেন্দ্ৰীকৰণৰ নীল নক্সা বুলিও কয় প্ৰতিবাদকাৰী সকলে। শিক্ষা ব্যৱস্থা পৰিচালনা, পাঠ্যক্রম প্ৰস্তুত কৰা আৰু নিযুক্তিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ যি ভূমিকা আছিল তাক সম্পূর্ণ খর্ব কৰা হব বুলি উল্লেখ কৰি প্ৰতিবাদকাৰী সকলে লগতে কয় যে, ইয়াৰ ফলত বিভিন্ন ৰাজ্যৰ ইতিহাস, ভূগোল, সাহিত্য ইত্যাদি ছাত্র ছাত্রীৰ বাবে অধ্যয়ন কৰাৰ সুযোগ নাথাকিব। ৰাজহুৱা শিক্ষা ব্যৱস্থাক ব্যয়বহুল কৰা, আদৰ্শ বিদ্যালয় স্থাপন কৰাৰ নামত শিক্ষাৰ ব্যৱসায়ীকৰণ আৰু পিপিপি আৰ্হিৰ ভিত্তিত স্কুলসমূহক ব্যক্তিগত মালিকৰ হাতত গতাই দিয়াৰ চক্রান্তৰ বিৰুদ্ধে তীব্র ছাত্র আন্দোলন গঢ়ি তোলাৰ বাবে সংগঠনটোৱি ৰাজ্যৰ সকলো স্তৰৰ ছাত্র- ছাত্ৰীক আহ্বান জনোৱাৰ লগতে ৰাজ্যৰ শুভবুদ্ধিসম্পন্ন, ৰাইজ তথা অবিভাৱকক এই শিক্ষাবিৰোধী নীতিৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিবলৈও আহ্বান জনায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More