চৰাইদেউ জিলাত ক্রেতা আৰু বিক্রেতাৰ মিলন সমাৰোহ অনুষ্ঠিত

0 124

চৰাইদেউ, ২২ এপ্ৰিল: চৰাইদেউ জিলাৰ কৃষি বিভাগ তথা অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰ (APART) -ৰ অধীনত আত্মা (ATMA), চৰাইদেউৰ উদ্যোগত আজি সোণাৰি আঞ্চলিক পঞ্চায়তৰ বহুমুখী ভৱনত এখনি ক্রেতা আৰু বিক্রেতাৰ মিলন সমাৰোহ, ২০২১-২২ অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই ক্রেতা আৰু বিক্রেতাৰ মিলন সমাৰোহৰ আয়োজনে জিলাখনৰ কৃষক সকলে নিজৰ উৎপাদিত শস্যৰ সঠিক মূল্য লাভ কৰাৰ পথ প্ৰশস্ত কৰিব বুলি আশা প্ৰকাশ কৰে। এই সমাৰোহ জিলাখনত পোনপ্রথম বাৰৰ বাবে আয়োজন কৰা হৈছে বুলি অৱগত কৰি তেওঁ কয় যে, সমাৰোহ খনিৰ মাধ্যমেৰে কৃষক ৰাইজে কোনো মধ্যভোগী নোহোৱাকৈ পোনপটীয়াকৈ ক্রেতাৰ সৈতে যুগসূত্ৰ স্থাপন কৰাৰ এক উৰ্বৰা মঞ্চ লাভ কৰিছে আৰু এয়া জিলাখনৰ কৃষিখণ্ডৰ উন্নয়ন আৰু কৃষিজীৱী ৰাইজৰ বাবে আশাব্যঞ্জক বতৰা। ভৱিষ্যতেও এই ধাৰা অব্যাহত ৰখাৰ লগতে কেন্দ্ৰীয় ভাৱে এনে সমাৰোহ আয়োজনৰ পৰিবৰ্তে জিলাখনৰ গ্ৰাম্যাঞ্চল তথা কৃষি প্ৰধান এলেকা সমূহতো এনে সমাৰোহ আয়োজন কৰাৰ বাবে বিভাগীয় বিষয়া সকলক তেওঁ আহ্বান জনায় যাতে এনে পদক্ষেপৰ দ্বাৰা কৃষক সকল অধিক লাভান্বিত হ’ব পাৰে। তেওঁ কৃষক সকলক চৰকাৰী আঁচনি সমূহৰ বিষয়ে সবিশেষ জানি তথা এইসমূহৰ সুযোগ গ্ৰহণ কৰি আৰ্থিক ভাৱে স্বচ্ছল হ’বলৈ আহ্বান জনায়। অবিভক্ত শিৱসাগৰ জিলাৰ মহকুমা কৃষি বিষয়া (উদ্যান শস্য) তথা এপাৰ্টৰ ন’ডেল বিষয়া অমৃত শইকীয়াই সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰি বিশ্ব বেংকৰ আৰ্থিক সাহায্যৰ দ্বাৰা পৰিচালিত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্পৰ অধীনত আয়োজিত ক্রেতা আৰু বিক্রেতাৰ সমাৰোহৰ জৰিয়তে কৃষকে উৎপাদিত শস্যৰ উচিত মূল্য লাভ কৰিব পাৰিব বুলি উল্লেখ কৰে। তেওঁ কৃষক সকলে তেওঁলোকৰ উৎপাদিত ধান বৰ্তমানে ১৯৪০ টকাৰ চৰকাৰী ভাৱে আগবঢ়োৱা সমৰ্থিত মূল্যত ধান ক্ৰয় কেন্দ্ৰ সমূহত বিক্ৰী কৰাৰ সুন্দৰ সুযোগ লাভ কৰিছে বুলিও উল্লেখ কৰে। তেওঁ কৃষক সকলক তেওঁলোকৰ উৎপাদিত শস্যক বিভিন্ন সামগ্ৰীলৈ ৰূপান্তৰিত কৰি মূল্য সংযোজনৰ মাধ্যমেৰে অধিক লাভান্বিত হ’ব বুলি উল্লেখ কৰে। চৰাইদেউ জিলাৰ ভাৰপ্ৰাপ্ত জিলা কৃষি বিষয়া ৰবীন ইয়েনে সভাখনত অংশগ্ৰহণ কৰি সমবেত ক্রেতা-বিক্রেতা সকলক উৎসাহিত কৰাৰ লগতে অহা ২৪ এপ্ৰিলত জিলাখনত অনুষ্ঠিত হ’বলগীয়া গাওঁ সভাত যোগদান কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে, এই গাওঁ সভাত যি সকল পি. এম. কিষাণ আঁচনিৰ হিতাধিকাৰীয়ে কে. চি. চি কাৰ্ড পূৰ্বতে লাভ কৰা নাছিল, সেই সকলক এই কাৰ্ড প্ৰদানৰ ব্যৱস্থা কৰা হ’ব। তেওঁ লগতে অহা ২৫ এপ্ৰিলৰ পৰা ১ মে’ লৈ জিলাখনত ফচল বীমা পাঠশালাৰ আয়োজন কৰা হৈছে বুলি উল্লেখ কৰি পি. এম. কিষাণ আঁচনিৰ যিসকল হিতাধিকাৰীয়ে নিজৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ডৰ নম্বৰ সংযোজন (AADHAR Seeding) কৰা নাই তেওঁ লোকক অতি এই কাৰ্য সম্পন্ন কৰিবলৈ কয়। আজিৰ সভাৰ আঁত ধৰে এপাৰ্টৰ খণ্ড প্ৰযুক্তি পৰিচালক উৎপল বড়াই। ক্রেতা আৰু বিক্রেতাৰ মিলন সমাৰোহৰ লগত সংগতি ৰাখি আজি জিলাখনৰ বিভিন্ন আত্ম-সহায়ক গোট আৰু ব্যক্তিগত তথা উদ্যমী কৃষক সকলৰ উৎপাদিত শস্য, উদ্যান শস্য, শাক পাচলি, পিঠা-পনা আদিৰ বিপনী আৰু প্ৰদৰ্শনীৰো আয়োজন কৰা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More