চৰ্চাৰ শীৰ্ষত আই লাভ শিৱসাগৰ

ঐতিহাসিক বৰপুখুৰী পাৰৰ নৱনিৰ্মিত চেল্ফী পইন্টক লৈ পৰ্য্যটক, সাধাৰণ ৰাইজৰ ব্যাপক উচাহ

0 12
শতাব্দ প্ৰতিনিধি, শিৱসাগৰ, ১০ জুনঃ বুৰঞ্জীপ্ৰসিদ্ধ আহোম ৰাজত্বকালৰ স্বৰ্ণীল ইতিহাসেৰে বিশ্বৰ বুকুত সগৌৰৱেৰে উজ্বলি থকা শিৱসাগৰ জিলাৰ চৌপাশে সিঁচৰিত হৈ থকা পৌৰাণিক ভাস্কৰ্যসমূহে দেশী-বিদেশী পৰ্যটকসকলক হাত বাউলী দি মাতি থকাৰ সময়তেই এইবাৰ ঐতিহাসিক বৰপুখুৰীৰ পাৰত পৰ্যটক, দৰ্শনাৰ্থীৰ বাবে সংযোগ হ’ল এক নতুন আকৰ্ষণ। কেৱল বিদেশী পৰ্যটকেই নহয় দেশৰ ভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ সৰ্বসাধাৰণ ৰাইজ, শিক্ষাৰ্থী, দৰ্শনাথীৰ সুবিধাৰ্থে সংযোগ ঘটা এই  নতুন আকৰ্ষণৰ নামেই হ’ল আই লাভ শিৱসাগৰ। মই শিৱসাগৰক ভাল পাওঁ। আহোম যুগৰ নান্দনিক ভাস্কৰ্যৰে খোদিত ঐতিহাসিক সম্পদ সমূহৰ দুৰ্বাৰ আকৰ্ষণে শিৱসাগৰলৈ মন্ত্ৰমুগ্ধৰ দৰে মাতি অনা পৰ্য্যটকসকলক ইতিহাস প্ৰসিদ্ধ বৰপুখুৰী আৰু তাৰ পাৰত থকা এছিয়াৰ দ্বিতীয় বিখ্যাত সোণৰ কলচীযুক্ত শিৱদৌল, দেৱী দল, বিষ্ণু দলৰ নান্দনিক দৃশ্য এবাৰ উপভোগ কৰিবৰ বাবেই দৌল তিনিটাৰ বিপৰীত দিশে নাতিদূৰৈত বৰপুখুৰীৰ পাৰত নিৰ্মাণ কৰা নৱনিৰ্মিত চেল্ফী পইন্টন্টোৰ নামেই হৈছে আই লাভ শিৱসাগৰ। শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু শিৱসাগৰ জিলাখনৰ অন্যতম আগশাৰীৰ থলুৱা ব্যৱসায়ীক প্ৰতিস্থান পৱন মাৰ্বলচ আৰু আই চি আই চি আই বেংক শিৱসাগৰ শাখাৰ সহযোগত নিৰ্মাণ কৰা সৌন্দৰ্য্যবৰ্ধক প্ৰতীক পট স্বৰূপ চেল্ফী পইন্টটো ৫ জুনৰ সন্ধিয়া এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত ৰাইজৰ বাবে মুকলি কৰা হয়। শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰা, সৌন্দৰ্য্যবৰ্ধক চেল্ফী পইন্টৰ ৰূপকাৰ অসম চৰকাৰৰ কৰ্মশ্ৰী উপাধিৰে বিভূষিত অতিৰিক্ত উপায়ুক্ত বিতুপন নেওগ, পৱন মাৰ্বলচৰ পৰিয়ালৰ হৈ প্ৰদীপ বৰঠাকুৰ(বাবা) আই চি আই চি আই বেংকৰ সহকাৰী শাখা প্ৰৱন্ধক দেৱজিত গগৈৰ লগতে বহু গণ্যমাণ্য বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে ৰাইজৰ বাবে মুকলি কৰি দিয়ে শিৱসাগৰ জিলা উপায়ুক্ত মেঘ নিধি দাহালে। দেশী বিদেশী পৰ্যটক তথা ৰাইজৰ বাবে মুকলি কৰি দিয়া চেল্ফী পইন্টোক লৈ সাধাৰণ ৰাইজ দৰ্শনাথীৰ মাজত সম্প্ৰতি বৃদ্ধি পাইছে তীব্ৰ আকৰ্ষণ। সঘনাই শিৱসাগৰ বৰপুখুৰীৰ ৰূপ পান কৰিবলৈ অহা দৰ্শনাথীৰ ভিৰ পৰিলক্ষিত হৈছে চেল্ফী পইন্টত ।উল্লেখ্য যে, বৰপুখুৰীৰ লগতে শিৱদৌল চাৱলৈ অহা দৰ্শনাৰ্থীসকলে এক নিৰ্দিষ্ট দুৰত্বৰ পৰা বৰপুখুৰীৰ লগতে ইতিহাস প্ৰসিদ্ধ শিৱদৌলৰ নৈসৰ্গিক দৃশ্য নিজৰ মৱাইল ফোনত আৱদ্ধ কৰিবৰ বাবে ব্যাকুল হৈ পৰে। বিশেষকৈ নিজৰ শৰীৰৰ বিপৰীত দিশে ইতিহাস প্ৰসিদ্ধ শিৱদৌলৰ অপৰূপ সৌন্দৰ্য্য আৰু বৰপুখুৰীৰ পানীত ঢৌ উঠা প্ৰতিবিম্বিত ৰূপ নিজৰ মৱাইল ফোনত এক বিশেষ উচ্চতাৰ স্থানৰ পৰা আৱদ্ধ কৰিবৰ বাবেই অতি আটক ধূনীয়াকৈ উন্নত মানদণ্ডৰ মাৰ্বল, টাইলচ সংযোগেৰে নিৰ্মাণ কৰা আই লাভ শিৱসাগৰ শীৰ্ষক চেল্ফী পইন্টতো বৰ্তমাণ সময়ত সকলো শ্ৰেণীৰ লোকৰ বাবে সৰ্বাধিক চৰ্চা আৰু উৎসূকতাৰ অন্যতম কেন্দ্ৰবিন্দু  হৈ পৰিছে।যাৰ বাবে প্ৰতিদিনেই বৰপুখুৰী, শিৱদৌল পৰিদৰ্শন কৰিবলৈ অহা পৰ্য্যটকসকলে এই চেল্ফী পইন্টতৰ পৰাই আপোন পাহৰা হৈ মৱাইলত পৰিয়াল, আত্মীয়ৰ লগতে প্ৰিয়জনৰ  সৈতে চেল্ফী উঠাৰ দৃশ্য সমুহ বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More