ছদিনৰ অন্তত অসমে উঠাই ল’লে মেঘালয়লৈ যাতায়তৰ নিষেধাজ্ঞা

0 16

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ নৱেম্বৰ : দেওবাৰে (২৭ নৱেম্বৰ) মেঘালয়লৈ যোৱা নিষেধাজ্ঞা অসমে প্ৰত্যাহাৰ কৰিছে। ৰাজ্য দুখনৰ আন্তঃৰাজ্যিক সীমান্তৰ মুক্ৰ’ গাঁৱত সংঘটিত গুলীচালনাৰ ঘটনাৰ পিছত ছদিন পূৰ্বে জাৰি কৰা মেঘালয়লৈ যোৱাৰ নিষেধাজ্ঞা অসমে উঠাই লয়। যোৱা ২২ নৱেম্বৰত মুক্ৰ’ গাঁৱত সংঘটিত গুলীচালনাৰ ঘটনাত কমেও ছজন লোক– পাঁচজন মেঘালয়বাসী আৰু এজন অসমৰ বনৰক্ষীয়ে প্ৰাণ হেৰুৱাইছিল। ২৭ নৱেম্বৰৰ পৰা অসমৰ পৰা অহা বাহনসমূহক মেঘালয় ৰাজ্যত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে। অসমৰ পৰা অহা যান-বাহনসমূহক আৰক্ষীৰ এস্কৰ্টৰ ব্যৱস্থা কৰা হৈছে, য’তেই প্ৰয়োজন হয়। যোৱা ২২ নৱেম্বৰত মুক্ৰ’ গাঁৱৰ অসম-মেঘালয় সীমান্তত সংঘটিত গুলীচালনাৰ ঘটনাৰ পিছতে অসম আৰক্ষীয়ে ৰাইজক মেঘালয়লৈ যোৱাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাই ট্ৰেভেল এডভাইজাৰী জাৰি কৰিছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More