ছহিদ কনকলতা বৰুৱালৈ শ্ৰদ্ধাঞ্জলি তেজপুৰতঃ ১৮ টকীয়া পতাকা ব্লেকত বিক্ৰী তিনিশ টকাত

0 43

শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৩আগষ্ট: তেজপুৰৰ ঔগুৰি পাহাৰ স্হিত কনকলতা উদ্যানত আজি শোণিতপুৰ প্ৰশাসনে দেশৰ স্বাধীনতা আন্দোলনৰ ছহিদ কনকলতা বৰুৱাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ উদ্যানখনত থকা স্বাধীনতা সংগ্ৰামী তথা ছহিদ গৰাকীৰ প্ৰতিমূৰ্ত্তিত পুস্পাঞ্জলি অৰ্পণৰ লগতে ইয়াত দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰা হয়৷ শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই জাতীয় পতাকা উত্তোলনৰে আৰম্ভ কৰা এই কাৰ্যসূচীত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা,শোণিতপুৰ জিলা পৰিষদৰ অধ্যক্ষা ডলী চোৰেণ তথা জিলা প্ৰশাসনৰ বিষয়া সকলেও অংশ লয়৷ কাৰ্যসূচীত অসম ৰাইফলছৰ পাইপ বেণ্ড দলে ছহিদ কনকলতা বৰুৱাৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে জীৱিকা সখীৰ জৰিয়তে এক চাফাই অভিযানো ৰূপায়ণ কৰি হয়৷ আনহাতে আজি পুৱা শোণিতপুৰ আৰক্ষীৰ দ্বাৰাও দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱ তথা ঘৰে ঘৰে জাতীয় পতাকা কাৰ্যসূচীৰ অংশ হিচাপে এক মটৰচাইকেল ৰেলীৰ আয়োজন কৰা হয়৷ শোণিতপুৰৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই মুকলি কৰা এই ৰেলীত শোণিতপুৰ আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ৩০নম্বৰ বেটেলিয়নৰ মুঠ ১৫০গৰাকী বাইকাৰ্ছে অংশ লয়৷ তেজপুৰ আৰক্ষী নিৱেশৰ পৰা আৰম্ভ হোৱা এই ৰেলী পৰোৱা চাৰিআলি, মিছন চাৰিআলি আৰু ত্ৰিবেণী পইন্ট হৈ পুনৰ আৰক্ষী নিৱেশত সামৰণি পৰে৷ ইপিনে,তেজপুৰ পৌৰসভাৰ অন্তৰ্গত তথা লিচু পুখুৰী হিচাপে পৰিচিত পল্টন পুখুৰীতো দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিবসৰ স’তে সংগতি ৰাখি আজিৰে পৰা তিনি দিনীয়া কাৰ্যসূচীৰে ‘অমৃত সৰোবৰ মহোৎসৱ’ পালন কৰা হৈছে । আজি প্ৰথম দিনৰ কাৰ্যসূচীত তেজপুৰ সমষ্টিৰ বিধায়ক ৰাভা, উপায়ুক্ত মিশ্ৰ, তেজপুৰ পৌৰ সভাৰ সভাপতি প্ৰজ্ঞানু ভট্টাচাৰ্য, কাৰ্যবাহী বিষয়া বৰষা তালুকদাৰ আৰু আন‌ সদস্য সকলে অংশগ্ৰহণ কৰে।ইয়াত আজি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে পলটন পুখুৰীৰ পাৰত গছপুলি ৰোপণ আৰু অন্যান্য কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ তদুপৰি আজি তেজপুৰৰ বহুকেখন চৰকাৰী তথা বেচৰকাৰী বিদ্যালয়েও দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱ আৰু ঘৰে ঘৰে পতাকা কাৰ্যসূচীৰ ৰূপায়ণ কৰে৷তেজপুৰৰ এখন বেচৰকাৰী বিদ্যালয় ডনবস্ক’ৰ ছাত্ৰছাত্ৰী সকলে ৩৭(ক)নম্বৰ ৰাষ্ট্ৰীয় পথৰে এক সমদল কৰাৰ লগতে বিদ্যালয় চৌহদতো দেশভক্তি মূলক বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে৷একেদৰে তেজপুৰ কলেজিয়েট হাইস্কুলৰ ছাত্ৰছাত্ৰী সকলেও এক বৰ্ণিল শোভাযাত্ৰা কৰে৷ উল্লেখযোগ্য যে,তেজপুৰত আজি একোখন জাতীয় পতাকা বিচাৰি বহুসংখ্যক লোকে হাবাথুৰি খাবলগীয়া হয়৷ তদুপৰি,প্ৰথম অৱস্থাত ১৮টকাত বিক্ৰী কৰা একোখন পতাকাৰ মূল্য আজি এশৰ পৰা তিনিশ টকা পৰ্যন্ত বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰিছে বহুকেইজন লোকে৷ আজি তেজপুৰত বহু সংখ্যক বাসগৃহৰ সন্মুখত জাতীয় পতাকা উত্তোলন কৰা হয় যদিও এনে বহু পতাকা নিশালৈকে তেনেদৰেই উত্তোলিত হৈ থাকে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More