ছিণ্ডিকেট চক্ৰক ৫৫ হাজাৰ আদায় দি তিনিচুকীয়াৰ পৰা বাগৰিলৈকে চোৰাং কাঠ নিৰ্বিঘ্নে সৰবৰাহ

আঁৰৰ ব্যক্তি কোন এই সৰকাৰ : গৰজি উঠিল মটক যুৱ-ছাত্ৰ সন্মিলন

0 21

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ এপ্ৰিল : উজনি অসমত বৃদ্ধি পাইছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা ৷ এই গুৰুতৰ অভিযোগ সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিৰ ৷ আজি এক বিবৃতিত তিনিচুকীয়া জিলা মটক যুৱ-ছাত্ৰ সন্মিলনৰ সাধাৰণ সম্পাদক সঞ্জয় গগৈয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে তিনিচুকীয়া জিলাৰ বনাঞ্চলসমূহ ইতিমধ্যে বনদস্যুৱে ধ্বংস কৰাৰ পাছত এতিয়া সীমান্তৱৰ্তী ৰাজ্য অৰুণাচলৰ পৰা গোপনে একাংশ বিশেষ লোকৰ ছত্ৰছায়াত জনৈক সৰকাৰ উপাধিৰ ব্যক্তিৰ নেতৃত্বত চলি থকা এই অবৈধ ব্যৱসায়ৰ বিষয়ে বন বিভাগে চকু মুদা কুলিৰ ভাও ধৰি অহা বুলি সন্মিলনে অভিযোগ কৰি অহাৰ পাছতো গা লৰা নাই সংশ্লিষ্ট বিভাগৰ ৷ অভিযোগ অনুসৰি জিলাখনৰ কাকপথাৰ পথেদি ডিৰাক গেটৰ পৰা তিনিচুকীয়ালৈকে প্ৰতিখন গাড়ীৰ পৰা ২৫ হাজাৰ টকা আৰু তিনিচুকীয়াৰ পৰা বাগৰিলৈকে প্ৰতিখন গাড়ীৰ পৰা ৩০ হাজাৰ টককৈ সংগ্ৰহ কৰে ছিণ্ডিকেট চক্ৰই ৷ অৰ্থাৎ অৰুণাচলৰ পৰা তিনিচুকীয়া হৈ বাগৰিলৈকে এখন চোৰাং কাঠৰ গাড়ীয়ে ছিণ্ডিকেট চক্ৰক ৫৫ হাজাৰ টকা আদায় দি সুকলমে সৰকি যাব পাৰে ৷ বাগৰিৰ পৰা আগৰচোৱাৰ দায়িত্ব লয় এই ছিণ্ডিকেটৰ সৈতে জড়িত আন এক চক্ৰই ৷ ইয়াৰ সমান্তৰালকৈ ঢলা আৰু মাৰ্ঘেৰিটাৰ পথেদিও নিতৌ অৰুণাচলৰ পৰা চোৰাং কাঠ সৰবৰাহ হৈ থকা বুলি সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিয়ে অভিযোগ কৰে ৷ বন বিভাগৰ নাকৰ তলতে চলি থকা চোৰাং কাঠৰ ৰমৰমীয়া বেহা বন্ধ কৰাৰ বাবে আৰক্ষী, প্ৰশাসন কিম্বা বনবিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে তিনিচুকীয়া জিলা মটক যুৱ-ছাত্ৰ সন্মিলনে এইক্ষেত্ৰত নিজাববীয়া ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি বিবৃতিটোত সকীয়াই দিয়া হয় ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More