ছুইচ বেংকত বাঢ়িছে ভাৰতীয়ৰ টকা

১৪ বছৰত সর্বোচ্চ আমানতৰ পৰিমাণ

0 24

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ জুন : ভাৰতীয়ই ছুইচ বেংকত ৰখা টকাৰ পৰিমাণ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। বিগত ১৪ বছৰৰ ভিতৰত সকলোতকৈ বেছি পৰিমাণৰ টকা ছুইচ বেংকত ৰাখিছে ২০২১ চনত। ভাৰতীয় ব্যক্তি আৰু সংস্থাবোৰে বিভিন্ন ছুইচ বেংকত ৰখা টকাৰ মুঠ পৰিমাণ হৈছে ৩০,৫০০ কোটি (৩.৮৩ বিলিয়ন ছুইচ ফ্রাঙ্ক)। আমানত বেছি হ’লেও ছিকিউৰিটিজৰ মাধ্যমেৰে হোল্ডিং আমানতৰ তুলনাত বাঢ়িছে। ২০২০ চনৰ শেষত ছুইচ বেংকত জমা টকাৰ পৰিমাণ আছিল ২০,৭০০ কোটি। চেভিংছ একাউন্ট বেলেন্স বাঢ়ি হৈছে ৪,৮০০ কোটি টকা। SNBয়ে জনাইছে যে, ২০২১ চনৰ শেষত ছুইচ বেংকসমূহত ভাৰতীয় আমানতকাৰীসকলে ৰখা মুঠ টকাৰ পৰিমাণ ৩,৮৩১.৯১ মিলিয়ন ছুইচ ফ্রাঙ্ক। ইয়াৰ ভিতৰত ৬০২.০৩ মিলিয়ন ছুইচ ফ্র্যাঙ্ক আমানতকাৰীসকলৰ ডিপ’জিট। ২০২০ চনৰ শেষত ইয়াৰ পৰিমাণ আছিল ৫০৪ মিলিয়ন ছুইচ ফ্র্যাঙ্ক। ১,২২৫ মিলিয়ন ছুইচ ফ্র্যাঙ্ক হোল্ড আছে অন্য বেংকৰ মাধ্যমেৰে, যি ২০২০ চনৰ শেষত আছিল ৩৮৩ মিলিয়ন ছুইচ ফ্র্যাঙ্ক। ইয়াৰ উপৰি ট্রাষ্টৰ মাধ্যমেৰে ৩ মিলিয়ন ছুইচ ফ্র্যাঙ্ক জমা হৈছে, যি ইয়াৰ আগেয়ে আছিল ২ মিলিয়ন ছুইচ ফ্র্যাঙ্ক। ২,০০২ মিলিয়ন ছুইচ ফ্র্যাঙ্ক আছে বণ্ড, চিকিউৰিটিজ আৰু অন্যান্য বিভিন্ন আর্থিক উপায়েৰে ৰখা ভাৰতীয় গ্রাহকৰ টকা। এই পদ্ধতিতেই সকলোতকৈ বেছি পৰিমাণৰ টকা ৰখা হৈছে বুলি জানিব পৰা গৈছে। এই পদ্ধতিত ২০২০ চনৰ শেষৰ পৰা টকা ৰখা হৈছিল ১,৬৬৫ মিলিয়ন। ছুইচ কর্তৃপক্ষই সকলো সময়তে এই কথা জনাই আহিছে যে, চুইজাৰলেণ্ডত জমা থকা ভাৰতীয় নাগৰিকসকলৰ সম্পদক ‘ক’লা টকা’ হিচাবে বিবেচনা কৰা নহ’ব। তেওঁলোকে আৰু জনাইছে যে, টেক্স জালিয়াতি আৰু কৰ ফাঁকিৰ বিৰুদ্ধে যুদ্ধত ভাৰতক সক্রিয়ভাৱে সমর্থন কৰে চুইজাৰলেণ্ডে। চুইজাৰলেণ্ড আৰু ভাৰতৰ মাজত টেক্স সংক্রান্তত তথ্যৰ স্বয়ংক্রিয় আদান-প্রদান ২০১৮ চনৰ পৰা কার্যকৰী হৈছে। এই পদ্ধতিত ২০১৮ চনৰ পৰা চুইছ আর্থিক প্রতিষ্ঠানৰ একাউন্টত থকা সমস্ত ভাৰতীয় বাসিন্দাৰ টকাৰ বিস্তাৰিত তথ্য ২০১৯ চনৰ ছেপ্টেম্বৰত ভাৰতক প্রথমবাৰ জনোৱা হৈছিল। ইয়াৰ পিছত প্রতি বছৰে এই কাম কৰা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More