ছোভিয়েট নষ্টালজিয়া পাহৰি সেনা হ’ব আত্মনিৰ্ভৰশীল

আধুনিকীকৰণৰ বাবে প্ৰস্তুত ব্লুপ্ৰিণ্ট

0 13
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ আগষ্ট : ভাৰতীয় সেনা বাহিনীৰ বহুল পৰিৱৰ্তন হ’বলৈ ওলাইছে৷ ছোভিয়েট যুগৰ অস্ত্ৰৰ সলনি ভাৰতত নিৰ্মিত অস্ত্ৰ সেনাৰ হাতত থাকিব। ২৮ আগষ্টত ভাৰতীয় সেনাই ঘোষণা কৰে যে দেশৰ পদাতিক বাহিনীক যান্ত্ৰিক সঁজুলিৰে সজ্জিত কৰা হ’ব। সেনাবাহিনীক ভৱিষ্যতমুখী কৰি তুলিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হ’ব। এই নতুন সংযোজনসমূহ হ’ব বাহন, মিছাইল চিষ্টেম আৰু নৈশযুদ্ধৰ গিয়েৰৰ পৰা আৰম্ভ কৰি এণ্টি ড্ৰ’ন ব্যৱস্থালৈকে। থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি আধুনিকীকৰণৰ পথত সেনাবাহিনীক আগুৱাই নিব বুলিও জনোৱা হৈছে। চোৰাংচোৱা সংস্থাসমূহৰ পৰা চোৰাংচোৱাগিৰিৰ ক্ষেত্ৰত এই আধুনিকীকৰণ অতি ফলপ্ৰসূ হ’ব বুলি সেনাই আশা প্ৰকাশ কৰিছে। দ্ৰুতগতিত এই নতুন মেকানাইজড ব্যৱস্থাৰে সজ্জিত হ’ব সেনাবাহিনী। নাম প্ৰকাশ নকৰাকৈ এক সূত্ৰই সংবাদ মাধ্যমক জনোৱা মতে, হাইকমাণ্ডে প্ৰস্তুত হৈ থকা আধুনিকীকৰণ ৰ’ডমেপৰ জৰিয়তে সেনাবাহিনীক অধিক মাৰাত্মক আৰু চঞ্চল কৰি তুলিব বিচাৰে। যুদ্ধৰ পৰিস্থিতিত যাতে সেনাই দ্ৰুত আৰু ফলপ্ৰসূভাৱে কাম কৰিব পাৰে তাৰ বাবে সমগ্ৰ বাহিনীটো সংগঠিত কৰা হৈছে। বৰ্তমান ভাৰতীয় যান্ত্ৰিক পদাতিক ইউনিটত ছোভিয়েট যুগৰ বিএমপি-২ আছে। পূব লাডাখত চীনা বাহিনীক ৰোধ কৰাত বিএমপি-২ যথেষ্ট ফলপ্ৰসূ বুলি প্ৰমাণিত হয়। এনে অৱস্থাত জনা গৈছে যে ভাৰতীয় প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰ কৰি অধিক উন্নত প্ৰযুক্তি সেনাক গতাই দিয়া হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ

মোদীৰ আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত বিএমপি-২ বাহন সলনি কৰা হ’ব। ভাৰতত নিৰ্মিত ৪৮০ খন অত্যাধুনিক Infantry Combat Vehicles সেনাৰ হাতত অৰ্পণ কৰা হ’ব। ইয়াৰ বাবে সেনাৰ হৈ সামৰিক অধিগ্ৰহণ পৰিষদৰ পৰা অনুমতি বিচৰা হ’ব। জানিব পৰা মতে কিছুমান ক্ষেত্ৰত আধুনিকীকৰণৰ বাবে ইতিমধ্যে অনুমোদন আহিছে। প্ৰসংগক্ৰমে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নেতৃত্বত চলা সামৰিক অধিগ্ৰহণ পৰিষদৰ জৰিয়তেহে সেনাই সামৰিক সঁজুলি আৰু অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰাৰ অনুমোদন লাভ কৰে। সূত্ৰ অনুসৰি, নাগ মিছাইল চিষ্টেম (১৩খন নাগ মিছাইল কেৰিয়াৰ আৰু ২৯৩টা মিছাইল), ১৭৭খন পদাতিক যুদ্ধ বাহন, ১০৫ খন সামৰিক সাজসজ্জিত বাহন প্ৰৱৰ্তনৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ জৰিয়তে সেনাই ছোভিয়েট যুগৰ সাজসজ্জিত বাহন আৰু এণ্টি টেংক গাইডেড মিছাইল সলনি কৰিব। এই পৰিকল্পনা কাৰ্যকৰী হ’লে চীনৰ বিৰুদ্ধে ভাৰতৰ প্ৰতিৰক্ষা শক্তিশালী হ’ব বুলি পশ্চিম সেনা কমাণ্ডৰ অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল আৰ পি সিঙে কয়।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More