‘জগদীন্দ্ৰ মোহন দত্ত প্ৰকৃতি-সাহিত্য বঁটা’ প্ৰদান কৰিব নৰ্থ লখিমপুৰ কলেজে 

অসমীয়া ভাষাত প্ৰকৃতি সাহিত্য লেখকক স্বীকৃতি দিয়া-উৎসাহিত কৰাৰ উদ্দেশ্যে এই বঁটা প্ৰৱৰ্তনৰ সিদ্ধান্ত

0 505

প্ৰকৃতি-সাহিত্য হিচাপে চিহ্নিত কৰিব পৰা নিৰ্দিষ্ট এখন প্ৰকাশিত গ্ৰন্থৰ বাবে ‘জগদীন্দ্ৰ মোহন দত্ত প্ৰকৃতি-সাহিত্য বঁটা’ প্ৰদানৰ ঘোষণা নৰ্থ লখিমপুৰ কলেজৰ। উত্তৰ-পূব ভাৰতৰ পৰিৱেশ সংৰক্ষক গোষ্ঠী নেচাৰ্চ বেকনৰ লগত নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৬ জুনঃ  নৰ্থ লখিমপুৰ কলেজত আজি অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত ‘জগদীন্দ্ৰ মোহন দত্ত প্ৰকৃতি-সাহিত্য বঁটা’ প্ৰদানৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ কথা সদৰি কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ বিমান চন্দ্ৰ চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অসমীয়া বিভাগৰ মুৰব্বী ড॰ অৰবিন্দ ৰাজখোৱাই উক্ত বঁটাৰ বিষয়ে বিশদভাৱে ব্যাখ্যা আগবঢ়ায় । চলিত বৰ্ষৰপৰা প্ৰদান কৰিবলগা এই বঁটাত থাকিব নগদ ১০ হাজাৰ টকা, এটা স্মাৰক, এখম মানপত্ৰ আৰু অংগবস্ত্ৰ । বঁটাৰ বাবে নগদ ধন জগদীন্দ্ৰ মোহন দত্তৰ পৰিয়ালৰ হৈ সৌম্যদ্বীপ দত্তই নৰ্থ লখিমপুৰ মহাবিদ্যালয়ক বৰঙণি যোগাব । এই বঁটা প্ৰকৃতি-সাহিত্য হিচাপে চিহ্নিত কৰিব পৰা নিৰ্দিষ্ট এখন প্ৰকাশিত গ্ৰন্থৰ বাবে সংশ্লিষ্ট লেখকজনক দিয়া হ’ব । সম্পাদিত গ্ৰন্থ, কোনো ডিগ্ৰীৰ বাবে দাখিল কৰা গৱেষণা গ্ৰন্থ বা মৌলিকতা নথকা গ্ৰন্থ বঁটাৰ আওতাৰ বাহিৰত থাকিব । লেখক গৰাকীৰ বয়সৰ ক্ষেত্ৰত কোনো নিৰ্ধাৰিত সীমা নাথাকে। বঁটা প্ৰদান কৰা বছৰটোত প্ৰকাশ পোৱা গ্ৰন্থক উক্ত বছৰটোত আওতালৈ অনা নহ’ব । তাৰ আগৰ দহটা বছৰত প্ৰকাশিত উৎকৃষ্ট গ্ৰন্থক বঁটাৰ বাবে নিৰ্বাচন কৰা হ’ব । প্ৰত্যেক বছৰৰ জুলাই-আগষ্ট মাহত বঁটা প্ৰাপকৰ নাম ঘোষণা কৰা হ’ব আৰু নৱেম্বৰ-ডিচেম্বৰ মাহত কলেজত বা কলেজে নিৰ্বাচন কৰা আন ঠাইত বঁটাটো প্ৰদান কৰা হ’ব । এই বঁটা প্ৰৱৰ্তনৰ উদ্দেশ্য সম্পৰ্কে ৰাজখোৱাই কয় যে, ‘প্ৰকৃতি-সাহিত্যৰ যোগেদি প্ৰকৃতি সংৰক্ষণৰ হকে সবল জনমত গঠন কৰিব পাৰি । অসমীয়া ভাষাত তেনেধৰণৰ সাহিত্য ৰচনা কৰা ব্যক্তিসকলক স্বীকৃতি দিয়াৰ উদ্দেশ্যে আৰু উৎসাহিত কৰাৰ উদ্দেশ্যে এই বঁটা প্ৰৱৰ্তন কৰা হৈছে। প্ৰকৃতি-সাহিত্যক এটা সুকীয়া সাহিত্য-ধাৰা হিচাপে অসমত প্ৰথম চৰ্চা আৰম্ভ হয় নৰ্থ লখিমপুৰ কলেজত। কলেজখনৰ অসমীয়া বিভাগে ২০১৮ চনৰপৰা তেনেধৰণৰ চৰ্চা কৰি আহিছে। ২০২১ চনত এখন গ্ৰন্থও প্ৰকাশ কৰে। ২০২১ চনৰ পৰাই স্নাতকোত্তৰ শ্ৰেণীত ‘অসমীয়া প্ৰকৃতি সাহিত্য’ নামৰ এখন পূৰ্ণাঙ্গ কাকতো সন্নিৱিষ্ট কৰে। প্ৰকৃতি-সাহিত্যক প্ৰকৃতি সংৰক্ষণৰ হকে অধিক শক্তিশালী ৰূপত গঢ়ি তুলিবৰ বাবে কলেজখনে কৰা চেষ্টাৰ অংশ হ’ব ‘জগদীন্দ্ৰ মোহন দত্ত প্ৰকৃতি-সাহিত্য বঁটা’।’ উল্লেখযোগ্য যে এই বঁটাৰ বাবে গ্ৰন্থ নিৰ্বাচনৰ বাবে এক তিনি তৰপীয়া ব্যৱস্থা নিৰ্ধাৰণ কৰা হৈছে। প্ৰাথমিক তালিকা আৰু ৰেফাৰীৰ নিৰ্বাচনৰ পৰৱৰ্তী পৰ্যায়ত জুৰী বৰ্ডে বঁটা প্ৰাপকৰ নাম চূড়ান্ত কৰিব।
আজিৰ সভাতেই উত্তৰ-পূব ভাৰতৰ পৰিৱেশ সংৰক্ষক গোষ্ঠী নেচাৰ্চ বেকনৰ লগত নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। যোৱা প্ৰায় পাঁচ বছৰে দুয়োটা প্ৰতিষ্ঠানে যৌথভাৱে প্ৰকৃতি সংৰক্ষণৰ বাবে বিভিন্ন কাম কৰি আহিছে যদিও ইয়াক অধিক সবল পৰ্যায়লৈ নিবৰ বাবে এই চুক্তি সম্পন্ন কৰা হৈছে। এই চুক্তি অনুসৰি দুয়োপক্ষই যুটীয়াভাৱে পৰিৱেশ অধ্যয়ন আৰু প্ৰকৃতি সাহিত্য সম্পৰ্কীয় গৱেষণামূলক কাম সম্পন্ন কৰিব পাৰিব। লগতে যুটীয়াকৈ গ্ৰন্থ প্ৰকাশ, বক্তৃতা, কৰ্মশালা, সজাগতা সভা, আলোচনা-সত্ৰৰ আয়োজন আদি কাম কৰিব পাৰিব। উল্লিখিত ‘জগদীন্দ্ৰ মোহন দত্ত প্ৰকৃতি সাহিত্য বঁটা’ প্ৰদানৰ ক্ষেত্ৰতো দুয়োপক্ষৰ সহযোগ থাকিব। এই চুক্তিৰ সময়সীমা ২০২২ চনৰ জুনৰ পৰা ২০২৭  চনৰ মে’লৈ পাঁচ বছৰৰ বাবে বাহাল থাকিব আৰু দুয়োপক্ষৰ সন্মতি সাপেক্ষে ম্যাদ বৃদ্ধি কৰিব পাৰিব। চুক্তিত স্বাক্ষৰ কৰে অধ্যক্ষ ড॰ চেতিয়া, নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্ত আৰু অসমীয়া বিভাগৰ মুৰব্বী ড॰ অৰবিন্দ ৰাজখোৱাই। সৌম্যদ্বীপ দত্তই নিজৰ ভাষণত অসমীয়া বিভাগে প্ৰকৃতি সংৰক্ষণৰ হকে বহুমাত্ৰিকভাৱে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয়। বিশেষকৈ বিভাগটোৱে অসমীয়া প্ৰকৃতি-সাহিত্য অধ্যয়নৰ বাটকটীয়া হিচাপে লোৱা ভূমিকা সদায়ে স্মৰণীয় হৈ থাকিব বুলি কয়। অধ্যক্ষ ড॰ বিমান চন্দ্ৰ চেতিয়াই প্ৰস্তাৱিত বঁটা আৰু সম্পন্ন হোৱা চুক্তিয়ে অসমত প্ৰকৃতি সংৰক্ষণ আৰু প্ৰকৃতি সাহিত্য চৰ্চাৰ ক্ষেত্ৰত শক্তিশালী পদক্ষেপ ল’ব বুলি আশা প্ৰকাশ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More