জনজাতিকৰণৰ পৰা বঞ্চিত ছয় জনগোষ্ঠী : প্ৰতিবাদত উত্তাল তিনিচুকীয়া

0 19

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৫ ছেপ্টেম্বৰ : কেন্দ্ৰীয় চৰকাৰে দেশৰ পাঁচখন ৰাজ্যৰ ১২ টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ কথা ঘোষণা কৰাৰ পাছতে বঞ্চিত অসমৰ ছয় জনগোষ্ঠীৰ প্ৰতিবাদত আজি উত্তাল হৈ পৰে তিনিচুকীয়া ৷ আজি পুৱাৰ ভাগত সদৌ মৰাণ ছাত্ৰ সন্থা আৰু সদৌ অসম মটক যু্ৱ-ছাত্ৰ সন্মিলনে তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ থানা চাৰিআলিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী অৰ্জুন মুণ্ডা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে ’জনজাতিকৰণৰ নামত আমাক প্ৰতাৰণা নকৰিব, আমাক জনজাতিকৰণ লাগিবই, জনজাতিকৰণ আমাৰ প্ৰাপ্য, বিজেপি হায় হায়, নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, অৰ্জুন মুণ্ডা হায় হায়, অমিত শ্বাহ মুৰ্দাবাদ, সৰ্বানন্দ সোনোৱাল লেই লেই চেই চেই, হিমন্ত বিশ্ব শৰ্মা গ’ বেক’ আদি শ্ল’গান দি চৌপাশ কঁপাই তোলে ৷ অসমৰ আদিম জনগোষ্ঠী মৰাণ, মটককে ধৰি ছয় জনগোষ্ঠীক কেন্দ্ৰীয় চৰকাৰে কৰা প্ৰতাৰণা কেতিয়াও সহ্য কৰা নহব আৰু ইয়াৰ পৰিণাম ভয়াবহ হ’ব বুলি প্ৰতিবাদকাৰীসকলে সকীয়াই দিয়ে ৷ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত জনজাতিকৰণৰ টোপ দি এতিয়া বঞ্চিত কৰা এইখন চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷ শীঘ্ৰে ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰিলে অনাগত দিনত অসম বন্ধৰ দৰে কাৰ্য্যসূচীও গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি তেওঁলোকে কয় ৷ ইয়াৰ পৰৱৰ্তী সময়ত চহৰখনৰ থানা চাৰিআলিত পুনৰ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাত ক্ষোভ উজাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More