ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ জুন : মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে আন কেইবাটাও দাবীত মটক যুৱ-ছাত্ৰ সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আজি উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় । হাতে হাতে বেনাৰ, প্লেকাৰ্ড লৈ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা যুৱক-যুৱতী নিৰ্বিশেষে প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ দাবীৰ সমৰ্থনত বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে । কাৰ্যসূচীৰ অন্তত জিলা প্ৰশাসনৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয় । স্মাৰকপত্ৰত মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে আলফা সমস্যাৰ শান্তি আলোচনাৰে সমাধান কৰা, মটক জনগোষ্ঠীৰ কৃতিচিহ্নসমূহ বেদখলমুক্ত আৰু সংৰক্ষণ কৰা, মূল্যবৃদ্ধি ৰোধ কৰা, বান-গড়াখহনীয়া প্ৰতিৰোধ কৰাকে ধৰি কেইবাটাও দাবী উত্থাপন কৰা হয় । লগতে দাবীসমূহ সমাধানৰ ক্ষেত্ৰত ক্ষিপ্ৰতাৰে কাৰ্য্যকৰী পদক্ষেপ গ্ৰহণ নকৰিলে অনাগত দিনত আন্দোলন তীব্ৰ কৰি তোলা হ’ব বুলিও সকিয়াই দিয়া হয় ।
পূৰ্বৱৰ্তী লেখা
মন্ত্ৰী ৰূপে শপত ল’লে জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচাই