জনজাতিকৰণ-স্বায়ত্তশাসন প্ৰদানৰ দাবীত লখিমপুৰত চুতীয়া ছাত্ৰ সন্থাই উলিওৱা প্ৰতিবাদী জোঁৰ সমদলত আৰক্ষীৰ বাধা

আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ হাতৰ পৰা কাঢ়ি ললে জোঁৰ 

0 20

 শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৫ ছেপ্টেম্বৰঃ চুতীয়া জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণ কৰা আৰু স্বায়ত্তশাসন প্ৰদানৰ দাবীত আজি লখিমপুৰত সদৌ লখিমপুৰ জিলা চুতীয়া ছাত্ৰ সন্থাই উলিওৱা প্ৰতিবাদী জোঁৰ সমদলত আৰক্ষীয়ে বাধা প্ৰদান কৰে৷ সন্ধিয়া ৬ বজাত চুতীয়া ছাত্ৰ সন্থাই তেওঁলোকৰ কাৰ্যালয়ৰ পৰা হাতে হাতে জোঁৰ লৈ সমদল উলিওৱাৰ সময়তে আৰক্ষীয়ে বাধা প্ৰদান কৰি প্ৰতিবাদী সমদলকাৰী হাতৰ পৰা আৰক্ষীয়ে জলন্ত অগ্নিশিখাসমূহ কাঢ়ি লৈ নিৰ্বাপিত কৰে৷ অৱশ্যে আৰক্ষীৰ বাধা নেওচি প্ৰতিবাদী সমদলকাৰীসকলে বিভিন্ন শ্ল’গান দি নগৰৰ মাজেৰে প্ৰতিবাদী সমদল উলিয়ায়৷ আমাৰ দাবী মানিবই লাগিব, চুতীয়া জাতিক শীঘ্ৰে জনজাতিকৰণ কৰি স্বায়ত্তশাসন প্ৰদান কৰক, অসম চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোডী হুচিয়াৰ, বিজেপি চৰকাৰ হায় হায়, চুতীয়া ছাত্ৰ সন্থা জিন্দাবাদ আদি বিভিন্ন ধবনি দি নগৰৰ মাজেৰে বৃহৎ প্ৰতিবাদী সমদল উলিয়াই পুনৰ কাৰ্যালয়ত সামৰণি মাৰে৷ আজিৰ এই প্ৰতিবাদী সমদলত জনগোষ্ঠীটোৰ কেবাশ পুৰুষ মহিলাই অংশগ্ৰহণ কৰি লখিমপুৰৰ ৰাজপথ কঁপাই তোলে৷ আজিৰ প্ৰতিবাদী সমদলত চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ৰাজেন বৰা, কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাজু চুতীয়া, জিলা সভাপতি অমৃত দাস, সাধাৰণ সম্পাদক বলিন চুতীয়া, উপদেষ্টা জয়ন্ত হাজৰিকা আদিৰ লগতে বহু নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More