জনসমুদ্ৰত পৰিণত বাহঁবাৰী শ্ৰী শ্ৰী কলিয়া গোঁসাই থান

0 32

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৮মাৰ্চঃ আনন্দ আৰু ৰঙৰ উৎসৱ ফাকুৱা আৰু দৌল উৎসৱ তেজপুৰৰ বিভিন্ন স্থানত ধৰ্মীয় পৰম্পৰা তথা উলহমালহৰে অনুষ্ঠিত হৈছে। এই উপলক্ষে সাংস্কৃতিক নগৰী তেজপুৰৰ নিকটৱৰ্ত্তী বাঁহবাৰী আৰু বিহগুৰি মৌজাৰ মধ্যস্থল থিয়আটিত অৱস্থিত শ্ৰীশ্ৰীকলিয়া গোঁসাই থানত কালিৰে পৰা পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ফাকুৱা আৰু দৌল উৎসৱ আৰম্ভ হৈছে। উল্লেখ্যযে ২৯ বছৰীয়া দৌল উৎসৱৰে সমৃদ্ধ শ্ৰীশ্ৰীকলিয়া গোঁসাই থানত এইবাৰ এই উৎসৱৰ ৰূপালী জয়ন্তী সমাৰোহৰ উদযাপন কৰা হৈছে।কালি পুৱা উদযাপন সমিতিৰ সভাপতি মহেন্দ্ৰ বৰুৱাই মূল পতাকা উত্তোলন কৰাৰ লগতে বৃহতৰ অঞ্চলটোৰ ২৫গৰাকী নামঘৰীয়াই ২৫খন পতাকা উত্তোলনৰে ৰূপালী জয়ন্তী কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। আনহাতে দৌল পূৰ্ণিমা উৎসৱ উপলক্ষে পুৱা শ্ৰীশ্ৰীকলিয়া গোঁসাই থান লোকাৰণ্য হৈ পৰে৷ বিভিন্ন জনগোষ্ঠীৰ অগনণ ভক্তই ধূপ বন্তি জ্বলায় ৷ ককালভাগী মহিলা সমিতিয়ে হোলী গীত পৰিবেশন কৰি এক অন্যমাত্ৰা প্ৰদান কৰে।ইফালে পুৱা ১০-৩০মেলাৰ দ্বাৰ উন্মোচন কৰে তেজপুৰ মহাবিদ্যালয় অধ্যাক্ষ ড°জ্যোতি কমল হাজৰিকাই৷দিনৰ ১১বজাত পশ্চিম তেজপুৰ আঞ্চলিক বাথৌ মহাসভাৰ দ্বাৰা আৰ্জ,পৰিছালনা কৰে থানেশ্বৰ বড়োৱে।দুপৰীয়া এক বজাৰ পৰা শ্ৰী শ্ৰী কলিয়া গোঁসাই থান পৰিচালনা সমিতিৰ সভাপতি মহেন্দ্ৰ বৰুৱাৰ সভাপতিত্ব অনুষ্ঠিত হোৱা মুকলি সভাত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে অঃভাঃউঃসাঃসভাৰ তেজপুৰৰ সম্পাদক তথা লেখক শান্তনু বৰুৱা, ৰূপালী জয়ন্তী উপলক্ষে প্ৰস্তুত কৰি উলিওৱা স্মৃতিগ্ৰন্থখন আনুষ্ঠানিক ভাবে উন্মোচন কৰে ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জন কলিতাই আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তব্য তেজপুৰ মহাবিদ্যালয় অধ্যাক্ষ ৰাখে ডঃ জ্যোতি কমল হাজৰিকাই।আজিও এই থানলৈ অজস্ৰ লোকৰ সমাগম ঘটে৷ আনহাতে তেজপুৰৰ বিভিন্ন অঞ্চলৰ নামঘৰ তথা গাঁও সমূহত আজি পৰম্পৰা অনুসৰি গোঁসাই ফুৰুৱা হয়৷ ডেকাৰগাঁও, ঘৰপৰা চুবুৰী, পৰ্বতীয়া, মিলনপুৰ, মাজগাঁও বৰনামঘৰকে ধৰি তেজপুৰৰ বিভিন্ন অঞ্চলৰ ৰাজহুৱা নামঘৰত নামপ্ৰসংগ কৰাৰ লগতে গোঁসাই ফুৰুৱা হয়৷ চহৰখনৰ মাজমজিয়াত অৱস্হিত কামৰূপীয় সনাতন ধৰ্মমণ্ডলীৰ নামঘৰতো দৌল উৎসৱ উপলক্ষে কালি পূজা অনুষ্ঠিত হোৱাৰ লগতে নাম প্ৰসংগ কৰা হয়৷ একেদৰে ঐতিহ্যমণ্ডিত নিকামূল সত্ৰতো নামপ্ৰসংগৰে দৌলউৎসৱ পালন কৰা হয়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More