জন হেনৰিৰ সন্ধানত…

(মে দিৱস বিশেষ)

0 93

দাদুল দেৱকৃষ্ণ বৰুৱা

আজি পহিলা মে’। বিশ্বজুৰি পালিত হয় আজিৰ দিনটো মে’ দিৱস হিচাপে। এই দিনটো শ্ৰমিকসকলৰ দাবী আদায়ৰ দিন হিচাবে প্ৰতিষ্ঠিত। এই শ্ৰমিক দিৱসৰ গীত হিচাবে আমি শুনি আহিছোঁ পল ৰবচনৰ ৰচনা, হেমাংগ বিশ্বাসৰ অনুবাদ আৰু গায়নেৰে এটি বিশেষ গীত। যিটো গীতত কোৱা হৈছে জন হেনৰি নামৰ এজন শ্ৰমিকৰ কথা। জন হেনৰি কোন? কোন এই জন হেনৰি? জন হেনৰি তেজ মঙহৰ মানুহনে? জন হেনৰিৰ আটিল দেহেৰে বৈ আহিছিলনে শ্ৰমৰ বেলিকা ঘামৰ লুণীয়া নৈ? আহক, আমি বিচাৰি যাওঁ জন হেনৰিক।

  • সাহসৰ এটা নাম
    ঊনবিংশ শতাব্দীৰ সত্তৰৰ দশক। গৃহযুদ্ধৰ উত্তাপত পুৰি ভাগ হৈ গৈছে আমেৰিকা। আফ্রিকান-আমেৰিকান কৃষ্ণাঙ্গসকলৰ বাবে নিজৰ দেশখনো যেন হৈ উঠিছে নৰক; দাসপ্রথাৰ কাৰণে। কিন্তু সেইবাৰ যেন বান্ধ ভাগিছে ধৈৰ্যৰ। কৃষ্ণাঙ্গ দাসসকলৰ জীৱন বুলিবলৈ যেন একোৱেই বাকী নাছিল। অৱহেলিত, নিষ্পেষিত আৰু অতি সাধাৰণ এই জীৱনত গর্ব কৰিবৰ বাবে বিশেষ কিবা থাকিবই বাৰু কি? কিন্তু এটা বিষয় লৈ তেওঁলোকে ঠিকেই গর্ব কৰে। জন হেনৰি! জন হেনৰিৰ দৰে শক্তিশালী মানুহ আৰু দুজন নাছিল সেই সময়ত। কৃষ্ণাঙ্গসকলৰ জীৱনৰ এক বৃহৎ অহংকাৰৰ ঠাই আছিল জন উইলিয়াম হেনৰি নামৰ মানুহজন। যাৰ কিংবদন্তি পৰৱর্তী কালত হৈ উঠিছিল পৃথিৱীব্যাপী কৃষ্ণাঙ্গসকলৰ অনুপ্রেৰণাৰ মন্ত্র। 1651339953924
  •  আমেৰিকান গৃহযুদ্ধৰ সময়ত
    ১৮৬৩-৬৪ চনৰ কথা। আমেৰিকান গৃহযুদ্ধৰ এক গুৰুত্বপূর্ণ ৰণাঙ্গন তেতিয়া প্রিন্স জর্জ কাউন্টি। ইউনিয়ন বাহিনীৰ কৃষ্ণাঙ্গ যোদ্ধাসকল মিলিত হয় চহৰৰ চিটি পইন্টত। মাত্র চল্লিশ মাইল দূৰৰ পিটছবার্গ তেতিয়াও কনফেডাৰেট বাহিনীৰ দখলত। দুবছৰ আগৰে পৰাই ইউনিয়ন বাহিনীয়ে ব্যাপক চেষ্টা চলাইছে কনফেডাৰেটসকলৰ দুর্গ ভাঙি দিবলৈ। কিন্তু কোনো ধৰণেই সফল হোৱা নাছিল। শেষবাৰৰ বাবে চলোৱা আক্ৰমণ আৰু ৰোধিব নোৱাৰিলে কনফেডাৰেটসকলে। ভাগি পৰিল তেওঁলোকৰ প্রতিৰক্ষা বেহু। ইউনিয়ন বাহিনীয়ে দখল কৰি লয় পিটছবার্গ। এই যুদ্ধত মৃত্যু হ’ল উভয়পক্ষৰ প্রায় ২০ হাজাৰ সৈন্য। এইসকল যোদ্ধাক ঠাই দিয় হ’ল প্রিন্স জর্জ কাউন্টিৰ বিভিন্ন জলাশয়ত। যুদ্ধৰত দুয়োটা পক্ষৰ কামত নালাগিলেও এই মৃতদেহসমূহ সাৰ কাৰখানাৰ মালিকসকলৰ বাবে আছিল বেছ কামৰ বস্তু। মৃতদেহৰ হাড়ৰ পৰা সাৰ উৎপাদনৰ উদ্দেশ্যে সেই সময়ত এইসমূহ জলাশয়ৰ পৰা মৃতদেহ উঠোৱাৰ কাম কৰাই আছিল কাৰখানাৰ মালিকসকলে। জন উইলিয়াম হেনৰি আছিল এই মৃতদেহ তোলা শ্রমিকসকলৰ মাজৰ এজন। দিনত মৃতদেহ উদ্ধাৰ আৰু ৰাতি ঘৰলৈ উভতি অহা— এয়াই আছিল তেওঁৰ সেই সময়ৰ দৈনন্দিন ৰুটিন। ইয়াৰ মাজতে জীৱনে নতুন মূৰ লয় হেনৰিৰ।
  • ব্লেক ক’ড আৰু জন হেনৰি
    গৃহযুদ্ধৰ ফলত আমেৰিকাৰ বিভিন্ন স্থানত যি বিপ্লৱৰ জুই বিয়পি পৰিছিল তাক নিয়ন্ত্রণৰ বাবে নতুন কিছু আইন সৃষ্টি কৰা হৈছিল। এই আইনৰ আওঁতাত বিনা কাৰণত কোনোবাই চহৰত ঘূৰাপকা কৰিলেও শাস্তি দিয়া হয়। আপাত দৃষ্টিত বেছ যুক্তিযুক্ত আৰু বর্ণ নিৰপেক্ষ আইন। কিন্তু কিছুদিন পিছতেই দেখা গ’ল— আচামী হিচাবে যিসকলক আদালতলৈ অনা হৈছে সেই সকলোৱেই আছিল কৃষ্ণাঙ্গ! পৰৱর্তী কালত বিশ্লেষকসকলে এই কাৰ্যক ‘ব্লেক ক’ড’ নামেৰে অভিহিত কৰে। সেই সময়ত বহু কৃষ্ণাঙ্গক এই আইনৰ অচিলা লৈ কাৰাগাৰলৈ নিক্ষেপ কৰা হয়। জন হেনৰি আছিল সেই আচামীসকলৰে এজন।
  • ভুৱা গোচৰত অভিযুক্ত হেনৰি
    গ্রেপ্তাৰৰ পিছত যেতিয়া হেনৰিক আদালতৰ কাঠগৰাত তোলা হ’ল তেতিয়া আন এক অকল্পনীয় পৰিস্থিতিৰ মুখামুখি হ’ল হেনৰি। বিনা কাৰণত ঘূৰাফিৰা কৰা বাবে নহয়; তেওঁক গ্ৰেপ্তাৰ কৰা দেখুওৱা হৈছিল ডকাইতিৰ ঘটনাত! ৱাইজমেনছ্ গ্রোচাৰি নামৰ এখন দোকানত চুৰিৰ ঘটনাত তেওঁক আটক কৰা হয়। কোৱা উচিত যে, সেই সময়ত এনেধৰণৰ কেচ-মামলাৰ ভৱিষ্যত নির্ভৰ কৰিছিল দায়িত্বৰত অফিচাৰৰ ওপৰত। কিন্তু হেনৰিৰ অদৃষ্টক বেয়া বুলিয়েই ক’ব লাগিব। কাৰণ তেওঁৰ গোচৰৰ দায়িত্বত থকা বিষয়া চার্লছ বার্ড আছিল কৃষ্ণাঙ্গৰ প্রতি বিদ্বেষ পোষণকাৰী এজন ব্যক্তি। ‘বর্বৰ’ আৰু ‘উশৃঙ্খল’ কৃষ্ণাঙ্গসকলক পদানত কৰাই আছিল তেওঁৰ কাম! কোনো উপযুক্ত অভিযোগ নাছিল হেনৰিৰ বিপক্ষে। সেই সময়ত কমপক্ষে ২০ ডলাৰ নিনিলে তেনে ক্ষেত্ৰত ডকাইতিৰ আওঁতাত নপৰিছিল। কিন্তু সেই দোকানৰ মুঠ সম্পত্তিৰ মূল্যহে আছিল মাত্র ৫০ ডলাৰ! ফলত হেনৰিৰ বিৰুদ্ধে অভিযোগ পাক্কা কৰিবলৈ বিপক্ষৰ উকিলে গেলামালৰ দোকানখনক বাস কৰা ঘৰ হিচাবে উল্লেখ কৰে। আৰু এই বাস কৰা ঘৰত ডকাইতিৰ দৰে গুৰুতৰ অভিযোগত দহ বছৰ কাৰাবাসৰ শাস্তি দিয়া হয় হেনৰিক। কিন্তু সেই সময়ত নিজৰ ওপৰত চলা এই অনধিকাৰ চর্চাৰ বিৰুদ্ধে একোৱেই ক’বলৈ নাছিল আমেৰিকাৰ হাজাৰ হাজাৰ কৃষ্ণাঙ্গৰ। নাছিল হেনৰিৰো। অগত্যা তেওঁ কাৰাবাস বৰণ কৰিবলগীয়া হয়। হেনৰিৰ ঠিকনা হয় ভার্জিনিয়াৰ কাৰাগাৰ।1651339953937
  •  কাৰাগাৰৰ পৰা পাহাৰলৈ
    গেছ’লিন যুগৰ পূৰ্বে ৰে’ললাইন নির্মাণৰ বাবে প্রচুৰ শ্রমিকৰ প্রয়োজন হৈছিল। আমেৰিকাৰ অর্থনীতিত ৰে’লৰ যি ব্যাপক প্রসাৰ প্রয়োজন হৈছিল তাৰ বাবে পাহাৰ কাটি, সুৰংগ তৈয়াৰ কৰি নিৰ্মাণ কৰিবলগীয়া হৈছিল বাষ্প ইঞ্জিন চলাৰ পথ। এই ব্যাপক কর্মযজ্ঞত চামিল কৰা হয় কৃষ্ণাঙ্গ শ্রমিকসকলক। সেই সময়ত কাৰাগাৰবোৰত এক অদ্ভুত নিয়ম চলিছিল। শাস্তিপ্রাপ্ত কৃষ্ণাঙ্গ আচামীসকলক কাৰাগাৰ কর্তৃপক্ষই দৈনিক ২৫ চেন্ট মজুৰিৰ বিনিময়ত ভাড়া দি ৰে’লপথ নির্মাণৰ কামত লগাইছিল। ভার্জিনিয়াৰ কাৰাগাৰত থকা অন্য কয়েদীসকলৰ লগত জন হেনৰিয়েও ৰে’লপথ নির্মাণৰ শ্রমিক হিচাবে যোগ দিয়ে C&O (Chesapeake & Ohio) কোম্পানীত। তেওঁৰ কাম আছিল পাহাৰ কাটি সুৰংগ তৈয়াৰ কৰা। এটা হেণ্ড ড্রিল পাহাৰৰ গাত সুমুৱাই সেইটোক হাতুৰীৰে পিটি পিটি পাহাৰ কাটিব লাগে। এইটো আছিল অমানুষিক পৰিশ্রমৰ কাম। কিন্তু হেনৰিয়ে সেই কাম কৰে একেবাৰে হেলাৰঙে। এইটো যেন তেওঁৰ বাবে কোনো কামেই নহয়। অলপ দিনৰ ভিতৰতেই তেওঁ পৰিচিত হৈ উঠে সকলোৰে মাজত। দীর্ঘদেহী, ইস্পাততুল্য পেশীৰ অধিকাৰী হেনৰিয়ে যেতিয়া পাহাৰ কাটে, তেতিয়া তেওঁৰ কণ্ঠই যেন উজ্জীৱিত কৰে তেওঁৰ সঙ্গীসকলক। এনে শক্তিশালী মানুহ যে তেওঁলোকৰ মাজৰেই এজন— এইদৰে ভাবিয়েই গর্ব হয় তেওঁলোকৰ। শ্বেতাঙ্গসকলৰ সকলো অত্যাচাৰৰ ক্ষোভ যেন তেওঁলোকে জাৰে হাতত থকা হেণ্ড ড্রিল পিটি!
  • হাতৰ হাতুৰী আৰু ষ্টীম ড্রিল
    এদিন কোম্পানীৰ পক্ষৰ পৰা ষ্টীম ড্রিল নামৰ একধৰণৰ পাহাৰ কটা স্বয়ংক্রিয় যন্ত্র কিনাৰ প্রস্তাৱ লোৱা হ’ল। এই যন্ত্র ব্যৱহাৰ কৰি পাহাৰ কটা সহজ। আৰু যিহেতু পাহাৰ কটাৰ মেচিন পোৱা গৈছে সেয়ে অচিৰেই শ্রমিকসকলক জনাই দিয়া হ’ল যে, এতিয়া তেওঁলোকৰ ইমানখিনি লোক প্রয়োজন নহ’ব। মুহূর্ততে আকাশ ভাগি পৰিল সাধাৰণ শ্রমিকসকলৰ মূৰত। চাকৰি হেৰুওৱাৰ শঙ্কাত নামি আহিল ঘোৰ অন্ধকাৰ! কিন্তু, হেনৰিয়ে প্রতিবাদ কৰিলে কোম্পানীৰ এই সিদ্ধান্তৰ। কোম্পানীৰ বিষয়াৰ সমুখত তেওঁ ক’লে— এই মেচিনে তেওঁক হৰুৱাব নোৱাৰে! মেচিনতকৈয়ো দ্রুততাৰে আৰু অধিক কাম কৰিব পাৰিব তেওঁ। হেনৰিৰ কথা শুনি আৰু সাহস দেখি কোম্পানীৰ বৰমূৰীয়া আচৰিত হ’ল। প্ৰত্যাহ্বান জনালে হেনৰিকে; যদি তেওঁ এই যন্ত্রক হৰুৱাব পাৰে, তেন্তে কাৰোৰে চাকৰি নাযাব!
  • মেচিন আৰু মানুহৰ প্ৰতিযোগিতা
    অৱশেষত আহিল সেই দিনটো। ভার্জিনিয়াৰ বিগ বেণ্ড টানেলত পাহাৰ কটাৰ প্রতিযোগিতা আৰম্ভ হ’ল। বাওঁফালে মেচিন আৰু সোঁফালে হেনৰি। আৰম্ভ হ’ল মানুহ আৰু যন্ত্রৰ অসম যুঁজ। এই যুঁজ গভীৰৰ পৰা গভীৰতালৈ যোৱাৰ। ৬ ফুট উচ্চতা আৰু ২০০ পাউণ্ড ওজনের বিশালদেহী হেনরি তার হাতে থাকা ৯ পাউন্ড ওজনৰ হাতুৰী আৰু হেণ্ড ড্রিলেৰে যুঁজি থাকিল জীৱনৰ সকলোতকৈ বৃহৎ যুঁজ। এই যুঁজ কেৱল হেনৰিৰ নহয়। এই যুঁজ যন্ত্র বনাম মানুহৰ, এই যুঁজ শ্বেতাঙ্গ বনাম কৃষ্ণাঙ্গৰ, এই যুঁজ শোষিত বনাম শোষকৰ!

 এটা গৰ্বিত গল্প
সর্বশক্তি প্ৰয়োগেৰে হেনৰিয়ে চলাই গ’ল যুঁজ। অৱশেষত বেলা পৰি আহিল। ফলাফলৰ সময়। দেখা গ’ল হেনৰিয়ে পাহাৰ কাটি আগুৱাইছে ১৪ ফুট। আৰু মেচিনে গোটেই দিনটোত কাটিব পাৰিছে মাত্র চাৰে ৯ ফুট পাহাৰ! টানেলৰ মাজৰ পৰা উল্লাসধ্বনি ভাঁহি আহিল। ভাঁহি আহিল হেনৰিৰ জয়গান। পিছ মুহূর্তেই হাতৰ পৰা হাতুৰী সৰি পৰিল হেনৰিৰ। মাটিত লুটি খাই পৰিল তেওঁৰ অৱসন্ন দেহটোও। যন্ত্রৰ লগত যুদ্ধত তেওঁ জিকিলে ঠিকেই, কিন্তু ক্লান্তিৰ ওচৰত হাৰ মানিবলগীয়া হ’ল তেওঁ। অকল্পনীয় পৰিশ্রমত ভাগি পৰা শৰীৰ লৈ মৃত্যু হ’ল জন উইলিয়াম হেনৰিৰ। কৃষ্ণাঙ্গ আৰু শোষিত শ্রেণীৰ বাবে ৰাখি গ’ল গর্ব কৰিব পৰা এটা গল্প!

  •  লোককথা নে বাস্তৱ
    বিংশ শতাব্দীপর্যন্ত জন হেনৰিৰ এই কিংবদন্তিক লোককথা বুলিয়েই কোৱা হৈছিল। কিন্তু পৰৱর্তীকালত হোৱা গৱেষণাত দেখা গৈছে যে, জন হেনৰি কেৱল লোককথাৰ চৰিত্র নাছিল। কলেজ অব উইলিয়াম এণ্ড মেৰিৰ ইতিহাসৰ অধ্যাপক স্কট ৰেনণ্ডছ নেলচনে হেনৰিৰ লোককথাৰ ওপৰত এক গৱেষণাধর্মী কিতাপ প্ৰকাশ কৰে, য’ত তেওঁ প্রমাণ কৰিছে যে, জন উইলিয়াম হেনৰি নামৰ এজন লোক সঁচাকৈয়ে আছিল, যিজনে সেই সময়ত কাৰাগাৰৰ বন্দী অৱস্থাত C&O কোম্পানীৰ শ্রমিক হিচাবে ৰে’ললাইন নিৰ্মাণৰ কাম কৰিছিল। অৱশ্যে হেনৰিৰ শাৰীৰিক বর্ণনা আৰু যন্ত্র বনাম মানুহৰ প্ৰতিযোগিতাক লৈ তেওঁ সন্দেহ প্রকাশ কৰে। সেয়া যিয়েই নহওক কিয়, একো নাযায় বা নাহে তেওঁলোকৰ। জন হেনৰি কৃষ্ণাঙ্গসকলৰ বাবে প্রবাদতুল্য পুৰুষ। তেওঁৰ কীর্তিক লৈ লিখা হৈছে অসংখ্য মালিতা। হেনৰিক লৈ লিখা গানৰ ৰেকর্ডেড ভাৰ্ছনৰ সংখ্যাই দুই শতাধিক। আমেৰিকাত প্রথম ৰেকর্ডেড কান্ট্রি ছং হেনৰিক লৈয়েই লেখা। লোকসাহিত্য গৱেষকসকলৰ মতে— এইটো আমেৰিকাৰ সকলোতকৈ বেছি গৱেষণাকৃত গীত। কেৱল আমেৰিকাই নহয়, হেনৰিৰ এই মালিতাক লৈ গোটেই পৃথিৱীত যিমান সংখ্যক গৱেষণা হৈছে সেয়া নজিৰবিহীন। ফলত জন হেনৰি আচলতে বাস্তৱিক চৰিত্র আছিল নে কাল্পনিক আছিল, সেই প্রশ্নও অপ্রাসঙ্গিক হৈ পৰিছে। পৃথিৱীৰ যিকোনো স্থানতেই শোষিত-বঞ্চিত শ্রেণীৰ আন্দোলন-বিপ্লৱত, বিপ্লবীসকলৰ সংগী হৈছে জন হেনৰিৰ হাতুৰী। যাৰ আঘাততত নিশ্চিহ্ন হৈ যায় সকলো অন্যায়, শোষণ আৰু অবিচাৰ।
  •  বিশ্ব সংস্কৃতিত জন হেনৰি
    জন হেনৰিৰ কাহিনীক লৈ দুই ধৰণৰ গান দেখা যায়। এবিধ হ’ল বেলাড, যিবিধ ‘জন হেনৰিৰ বেলাড’ নামেৰে পৰিচিত। আনবিধ গান ‘হাতুৰী সঙ্গীত’ হিচাবে পৰিচিত। তেওঁক লৈ সৃষ্টি হোৱা বেলাডসমূহত সাধাৰণতে চাৰিটা অংশ থাকে, জন হেনৰিৰ বাল্যকাল আৰু ষ্টীল ড্রাইভিঙৰ কাম আৰম্ভ কৰা, যন্ত্রৰ লগত প্রতিযোগিতা, মৃত্যু আৰু কবৰ, তেওঁৰ পত্নীৰ প্রতিক্রিয়া। জন হেনৰিক লৈ প্ৰচলিত প্রায় দুশটা ৰেকর্ডেড বেলাডৰ সন্ধান পোৱা গৈছে। আফ্রিকান-আমেৰিকানসকলৰ ব্লুজ হিচাবে খ্যাত গানৰ ভিতৰত এইটোৱেই প্রথম। প্রথম ৰেকর্ডেড কান্ট্রি ছং এই জন হেনৰি বেলাড। লাইব্রেৰি অৱ কংগ্রেছৰ লোকসাহিত্য গবেষকসকলৰ মতে এইটো আমেৰিকাৰ সকলোতকৈ অধিক গৱেষণাকৃত লোকগান। অনেক সঙ্গীতজ্ঞই এই বেলাডৰ আধাৰত গীত ৰচনা কৰিছে। যেনে— হেৰি বেলাফোন্ট, ফুৰি লুইছ, পিংক এণ্ডাৰচন, ই মেইনাৰ, লিয়ন বিব, লিড বেলি, জনি কেছ, পল ৰবচন, ব্রুচ স্প্রিংষ্টিন আৰু অনেকে। অসমীয়া আৰু বাংলালৈ হেমাঙ্গ বিশ্বাসে অনুবাদ কৰা আৰু গোৱা পল ৰবচন ৰচিত গীতটোৰ কথা আমি জানোৱেই। গীতটোৰ সুৰ পৰম্পৰাগত।
  •  কথাছবিত হেনৰি
    ২০০০ চনত Mark Henn-ৰ পৰিচালনাত ডিজনীয়ে John Henry নামৰ এনিমেছন ছবিখন নির্মাণ কৰিছ। এই কথাছবিয়ে ২০০০ চনৰ গিফোনি চলচিত্র পুৰস্কাৰো জয় কৰে। ১৯৭৩ চনত Nick Bosustow আৰু David Adams পেৰামাউন্ট পিকচাৰৰ বাবে ১১ মিনিটৰ চলচিত্র The Legend of John Henry নির্মাণ কৰে। ১৯৭৪ চনত এই কথাছবিখন অকাডেমি পুৰস্কাৰৰ বাবে মনোনীত হৈছিল। ১৯৫৫ চনত জন হেনৰিৰ জীৱনক লৈ Tall Tale শীৰ্ষক ছবিখন নিৰ্মাণ কৰে Roger Aaron Brown-এ। ১৯৯৬ চনত নিৰ্মিত Basquiat ছবিৰো কাহিনী আছিল জন হেনৰিক লৈ। ১৯৪৬ চনত George Pal-এ John Henry and the Inky-Poo শীৰ্ষক উচ্চ প্ৰশংসিত এনিমেছন ছবিখন নিৰ্মাণ কৰে।
  •  অন্যান্য ক্ষেত্ৰত জন হেনৰি
    ১৯৯৬ চনত যুক্তৰাষ্ট্রৰ ডাক বিভাগে জন হেনৰিৰ ছবিসহ ৩২ চেন্টৰ ডাক টিকট প্রকাশ কৰে। আমেৰিকান দৌৰৰ ঘোঁৰা জন হেনৰিৰ নামকৰণ কৰা হয় এই কিংবদন্তি জন হেনৰিৰ নামত। ছুপাৰমেন কমিকছৰ The Death and Return of Supermanত এটি চৰিত্রৰ নাম দিয়া হৈছিল জন হেনৰি, যিটো চৰিত্ৰৰ হাতত দিয়া হৈছিল এটা মস্ত ষ্টীল ড্রাইভিং হাতুৰী। Julius Lester-এ লিখি উলিয়াইছে John Henry শীৰ্ষক গ্ৰন্থখন। Ezra Jack Keatsৰ John Henry: An American Legend গ্ৰন্থখন প্ৰকাশ পায় ১৯৬৫ চনত। ২০০১ চনত প্ৰকাশ হয় Colson Whiteheadৰ উপন্যাস John Henry Days। একাধিক ভিডিঅ’ গেমতো জন হেনৰি হৈছে এক উল্লেখযোগ্য চৰিত্ৰ। জন হেনৰিক লৈ অঁকা হৈছে অসংখ্য ছবি। যিবোৰ ছবিত বিবৃত হৈছে তেওঁৰ জীৱন কাহিনী।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More