জলজীৱন আঁচনিৰ নামত ৰঙাপৰাত প্ৰৱঞ্চনা দৰিদ্ৰ পৰিয়ালক

0 16

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৩আগষ্ট: শোণিতপুৰ জিলাৰ ৰঙাপৰাত অভিলাষী জলজীৱন আঁচনি ৰূপায়ণৰ নামত আৰ্থিকভাবে দৰিদ্ৰ লোকক প্ৰতাৰণা কৰাৰ অভিযোগ উঠিছে৷ এই সন্দৰ্ভত শেহতীয়াকৈ শোণিতপুৰৰ উপায়ুক্ত কাৰ্যালয়ত দাখিল কৰা এক গুৰুতৰ অভিযোগ অনুসৰি,এক আঁচনিৰ বাবে প্ৰয়োজনীয় ভূমি প্ৰলোভনৰে ৰঙাপৰাৰ এটা পৰিয়ালৰ পৰা অধিগ্ৰহণ কৰি পাছত সেই পৰিয়ালটোক চূড়ান্ত প্ৰতাৰণা কৰাৰ বিপৰীতে বৰ্তমান এই আঁচনিৰ ৰূপায়ণৰ কামো বন্ধ আছে৷ অভিযোগ অনুসৰি,ৰঙাপৰা বিধান সভা সমষ্টিৰ নামনি গাঁও পঞ্চায়ত অন্তৰ্গত নগাপথাৰৰ জৰ্জ খেৰীয়া ইন্দুৱাৰ আৰু তেওঁৰ পৰিয়ালৰ ডেৰ-দুইকথা ম্যাদী পট্টাৰ ভূমি জলজীৱন আঁচনিৰ ৰূপায়ণৰ বাবে হস্তগত কৰে এটা চক্ৰই৷ জৰ্জে তেওঁৰ পিতৃৰ দিনৰে পৰা খেতি আৰু দিনহাজিৰা কৰি পৰিয়ালটো চলাই আহিছে৷ যোৱা প্ৰায় ছয়মাহ পূৰ্বে জৰ্জৰ পূৰ্ব পৰিচিত ৰঙাপৰাৰে কেইজনমান যুৱকে তেওঁক সাক্ষাৎ কৰি সেই অঞ্চলত জলজীৱন মিছনৰ অধীনত এক পানীযোগান আঁচনিৰ প্ৰকল্প স্হাপন হ’ব বুলি সদৰি কৰি তাৰ বাবে প্ৰয়োজনীয় ভূমি জৰ্জৰ পৰা বিচাৰে৷ ইয়াৰ বিনিময়ত জৰ্জে মাটিৰ উপযুক্ত মূল্য আৰু কৰ্মসংস্হাপন লাভ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে৷ বিশেষ আনুষ্ঠানিক শিক্ষা নথকা আৰু আৰ্থিকভাবে জুৰুলা জৰ্জে পূৰ্বৰে পৰা চিনাকী যুৱককেজনৰ কথাত সন্মত হয় আৰু তেওঁৰ সেই ভূমিত জলজীৱন মিছনৰ আঁচনিৰ বাবে দিবলৈ সন্মতি প্ৰদান কৰে৷ ইপিনে এই সন্মতি লাভৰ পাছতেই ৰঙাপৰাৰ এজন ঠিকাদাৰে ইয়াত কাম আৰম্ভ কৰিবলৈ আহে৷ উল্লেখযোগ্য যে,জৰ্জক তেওঁৰ মাটি আঁচনি ৰূপায়নৰ বাবে দিয়া সন্দৰ্ভত যুৱকৰ দলটোৱে জৰ্জৰ পৰা কিছু নথিত স্বাক্ষৰ লয় আৰু স্বাক্ষৰ হ’লেহে চৰকাৰে মাটিৰ বিপৰীতে ধন আদায় দিব বুলি কয়৷ এনে কাৰণতে নথিত স্বাক্ষৰ কৰা জৰ্জ আৰু তেওঁৰ পৰিয়ালৰ চকুৰ সন্মুখতে ঠিকাদাৰে আঁচনি ৰূপায়ণৰ কাম যথেষ্টখিনি আগবঢ়াই নিয়ে৷ কিন্তু দিন যোৱাৰ লগে লগে ভূমিৰ গৰাকী জৰ্জে এটকাও লাভ নকৰাত তেওঁৰ সন্দেহ জন্মে আৰু কিছুদিন পূৰ্বে জৰ্জৰ পৰিয়ালে ঠিকাদাৰক নিৰ্মাণ কাৰ্য বন্ধ কৰিবলৈ কয়৷ বৰ্তমান ইয়াত নিৰ্মাণকাৰ্য বন্ধ আছে যদিও ইতিমধ্যে ভূমি সম্পৰ্কীয় নথিপত্ৰত স্বাক্ষৰ কৰা জৰ্জ আৰু তেওঁৰ পৰিয়ালটো বিপাঙত পৰিছে৷ পূৰ্বে ভূমি নিশ্চিত নকৰাকৈ আঁচনিৰ বাবে স্হান নিৰ্বাচন তথা ঠিকাদাৰো নিশ্চিত হোৱা আৰু ইয়াৰ বাবে দিনহাজিৰা কৰি কোনোমতে চলি থকা এটা পৰিয়ালক প্ৰতাৰণা কৰা যুৱকৰ কাণ্ডই জলজীৱন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত স্হানবিশেষে দালালৰো টিঘিলঘিলনি অব্যাহত থকাটোকেই প্ৰতিপন্ন কৰিছে৷উল্লেখযোগ্য যে,ঘটনা সন্দৰ্ভত ভুক্তভোগী জৰ্জে শোণিতপুৰৰ উপায়ুক্তৰ ওচৰত দাখিল কৰা অভিযোগ পত্ৰৰ প্ৰতিলিপি ৰঙাপৰা আৰক্ষী থানালৈয়ো প্ৰেৰণ কৰিছে যদিও চলাহী কথাৰে ভূমি দখল কৰা যুৱকৰ দলটোৰ বিৰুদ্ধে এই পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই৷ইপিনে,ৰঙাপৰাত জলজীৱন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত বৰজুলিকে ধৰি আন কেতবোৰ স্হানত ঠিকাদাৰে ৰাজনৈতিক দম্ভালিৰে অতি নিম্নমানদণ্ডৰ কাম কৰাৰ অভিযোগ উঠাই নহয়,বহুকেটা কাম অতি লেহেমীয়া গতিত কৰা তথা আৰম্ভই নোহোৱা সত্বেও এই ক্ষেত্ৰত স্হানীয় বিধায়ক কৃঞ্চকমল তাঁতিয়েও গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে৷আঁচনিৰ নামত এটা অসহায় পৰিয়ালক একাংশ মধ্যভোগীয়ে কৰা প্ৰৱঞ্চনাৰ পাছত ভুক্তভোগী পৰিয়ালটোৱে প্ৰৱঞ্চক মধ্যভোগীয়ে শাস্তি লাভ কৰিবনে বুলি প্ৰশ্ন উত্থাপন কৰাৰ লগতে তেওঁলোকৰ ম্যাদী পট্টাৰ ভূমিৰ বিপৰীতে সঁচাকৈয়ে উচিত মূল্য লাভ কৰিবনে নকৰে সেইলৈ গভীৰ আশংকাত ভূগিছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More