জলতে নামিলা জল নাৰায়ণ…

0 186

দাদুল দেৱকৃষ্ণ বৰুৱা

জলতে নামিলা জল নাৰায়ণ
পথাৰত গঞ্জিলা ধান।
ব্ৰহ্মাণ্ডৰ ভিতৰে কৃষ্ণ উপজিলা
তাতে উপজিলা নাম।।

ওপৰৰ লোকগীতফাঁকিত জলত জল-নাৰায়ণ নমাৰ কথা কোৱাৰ দৰে বিজ্ঞানেও কৈছে— জলতেই জীৱৰ সৃষ্টি। জল বা পানী অবিহনে নহ’লহেঁতেন সৃষ্টি এই জীপাল পৃথিৱীৰ। কোৱা হয়— ”য’তেই জল ত’তেই জীৱ।” আকৌ কোৱা হয়— “পানীয়েই প্ৰাণীৰ প্ৰাণ।” পানী আছে বাবেই পৃথিৱী আছে। পানী কিমান উপকাৰী সেয়া জানিবলৈ এটা শ্ল’ভাকিয়ান প্ৰবাদেই যথেষ্ট। য’ত কোৱা হয় এনেদৰে— বিশুদ্ধ পানী বিশ্বৰ প্ৰথম আৰু অতি প্ৰয়োজনীয় ঔষধ।

inbound5467145102528756584পানীয়েই জীৱন— এই তথ্য এতিয়াও সলনি হোৱা নাই। এই কথা নজনা মানুহ হয়তো নায়েই। তথাপি সকলো যে সচেতন নহয় তাৰ প্ৰমাণ হিচাপে আমি দেখি আহিছোঁ পানীৰ অপচয়। পানীৰ অপচয় এতিয়া পথ আৰু ঘৰ দুয়োঠাইতে সাধাৰণ দৃশ্য। কিন্তু এই অপচয়ে আমাৰ বাবে কেনে ভয়ংকৰ ভৱিষ্যত এটা তৈয়াৰ কৰিছে সেই বিষয়ে ভাবিলেও পেটতে হাত-ভৰি লুকায়। পানী সংৰক্ষণৰ সজাগতাৰ অভাৱে বিশেষজ্ঞসকলৰ উদ্বেগ বৃদ্ধি কৰিছে। কাৰণ মাটিৰ তলৰ পানীৰ স্তৰ ক্ৰমান্বয়ে কমি আহিছে। পানীৰ গুণাগুণক লৈও প্ৰশ্ন উত্থাপন হৈছে। পানী কিমান গুৰুত্বপূৰ্ণ সেই কথা ডব্লিউ এইচ অডেনৰ এই উক্তিয়েও কয়— “হাজাৰ হাজাৰ মানুহ মৰম অবিহনে জীয়াই আছে; কিন্তু কওকচোন কোন পানী নোহোৱাকৈ জীয়াই আছে?”

পানী মাত্ৰ দুটা মৌল হাইড্ৰজেন আৰু অক্সিজেনেৰে গঠিত যদিও পৃথিৱীৰ আটাইতকৈ প্ৰচুৰ পৰিমাণৰ অণু। পৃথিৱীৰ ৭০ শতাংশতকৈ অধিক বা ৩৩৩ নিযুত ঘনমাইল পানী। কেৱল সাগৰ, নদী, নৈ, হ্ৰদ, বৰফৰ স্তুপ, হিমবাহ আৰু ডাৱৰত পানী পোৱাই নহয়; পৃথিৱীৰ প্ৰতিটো জীৱৰ শৰীৰতো পোৱা যায়। মানৱ দেহৰ শৰীৰৰ ৬০ শতাংশই পানীৰে গঠিত। তথাপি নিৰ্মল খোৱাপানীৰ বাবে হাহাকাৰ। Samuel Taylor Coleridge-এ The Rime of the Ancient Marinerত লিখাৰ দৰে—
Water, water, everywhere,
And all the boards did shrink;
Water, water, everywhere,
Nor any drop to drink.

জীৱনৰ উন্নতি হৈছে। প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ বৃদ্ধি পাইছে। ইয়াৰ লগে লগে দুৰ্লভ প্ৰাকৃতিক সম্পদ কমি আহিছে। ভূগৰ্ভস্থ পানী মানৱ জীৱনৰ বাবে অন্যতম প্ৰয়োজনীয় প্ৰাকৃতিক সম্পদ। আপোনালোকৰ বহুতেই বিশ্ব জল দিৱসৰ বিষয়ে জানে। তথাপি এই লেখাত বিশ্ব জল দিৱসৰ বিষয়ে সংক্ষিপ্ত আলোচনাৰ প্ৰয়াস কৰা হৈছে।

বিশ্ব জল দিৱসৰ ইতিহাস
১৯৯২ চন। বিশ্বৰ পৰিৱেশবিদসকল পানীৰ ব্যাপক অপচয় আৰু সম্পদৰ অভাৱৰ সম্ভাৱনাক লৈ চিন্তিত। ব্ৰাজিলৰ ৰিঅ’ দি জেনেৰিঅ’ত হৈছিল এক আন্তঃৰাষ্ট্ৰীয় সন্মিলন। এই সন্মিলনত পানীৰ গুৰুত্ব, পানীৰ অপচয়, অদূৰ ভৱিষ্যতে পানী সংগ্ৰহৰ সীমাবদ্ধতা আৰু বিভিন্ন বিষয়ত আলোচনা কৰা হয়। বহুকেইটা সিদ্ধান্তও লোৱা হয়। এই সিদ্ধান্তসমূহ আৰু পানীৰ গুৰুত্বৰ বিষয়ে বিশ্ববাসীক অৱগত কৰিবলৈ তেওঁলোকে এটা বিশেষ দিন পালন কৰাৰ সিদ্ধান্ত লয়। সেই বছৰৰে ২২ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে এই প্ৰস্তাৱ গ্ৰহণ কৰে— প্ৰতি বছৰে ২২ মাৰ্চৰ দিনটো ‘বিশ্ব জল দিৱস’ হিচাপে পালন কৰা হ’ব। ইয়াৰ পিছতে পিছৰ বছৰত ১৯৯৩ চনত প্ৰথমবাৰৰ বাবে ২২ মাৰ্চৰ দিনটো বিশ্ব জল দিৱস হিচাপে পালন কৰা হয়।

inbound8714123781133222408‘বিশ্ব জল দিৱস-২০২৩’ৰ মূল বিষয়
‘বিশ্ব জল দিৱস ২০২৩’ৰ মূল বিষয় হৈছে— Accelerating the change to solve the water and sanitation crisis. অৰ্থাৎ— “পানী আৰু অনাময় সংকট সমাধানৰ বাবে পৰিৱৰ্তন ত্বৰান্বিত কৰা”। এই মূল বিষয়টোৱে বিশ্বৰ জল সংকটৰ সৈতে মোকাবিলা কৰাৰ বাবে অধিক ক্ষিপ্ৰতাৰে পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু পানী সম্পৰ্কীয় বহনক্ষম উন্নয়নৰ লক্ষ্যসমূহৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি পূৰণত গুৰুত্ব আৰোপ কৰিছে।

পানী আৰু প্ৰাচীন ভাৰত
সুদূৰ অতীতৰপৰাই পানী, ভূমি আৰু অৰণ্য মানৱ সভ্যতাৰ ভেটি। আজিও এই পৰিস্থিতিৰ ৰূপান্তৰ ঘটা নাই। বৈদিক যুগৰ চিন্তাশীল মানুহে প্ৰকৃতি আৰু পৰিৱেশত শক্তি আৰু সৌন্দৰ্য আৱিষ্কাৰ কৰিছিল। ঋগ্বেদিক যুগত জীৱ-জন্তুৰ বাবে খোৱাপানী আৰু মানুহৰ খোৱাপানীৰ শুদ্ধিকৰণ আৰু সংৰক্ষণৰ কথা প্ৰাচীন পুথিত উল্লেখ আছে। সামবেদত জীৱ আৰু পানীৰ গুৰুত্ব, পৰিৱেশ তন্ত্ৰত পানীৰ ভূমিকা, জলচক্ৰ আদিৰ বিষয়ে উল্লেখ পোৱা যায়। বৈদিক যুগত ‘গো’ শব্দৰ অৰ্থ আছিল পানী, ৰশ্মি, বাক্য, পৃথিৱী, গৰু আদি। বৈদিক ভাষাত ১০১টা পানীৰ নাম আছিল। এই যুগত পানীক আটাইতকৈ গণতান্ত্ৰিক তৰল (most democratic liquid) বুলি কোৱা হয়। সেই যুগত জীৱনৰ অমৃত (elixir of life), খাদ্য (= খাদ্য) আশ্ৰয় পানী। ‘অন্তঃকোষীয়’ পদাৰ্থত পানী হৈছে প্ৰধান পৰিভ্ৰমণকাৰী তৰল পদাৰ্থ। গতিকে জীৱন-ধাৰণৰ পদ্ধতিক পানীৰ লগত তুলনা কৰা হয়। “হে পানী, তুমিয়েই সুখৰ উৎস”, “হে মাণ্ডুক-কন্যা বৰষুণৰ শব্দৰ দৰে শব্দ কৰা” আদিয়ে কয় জীৱনৰ সকলো পৰ্যায়তে পানীৰ কথা। পানীৰ ওপৰত এই নিৰ্ভৰশীলতাৰ কথা আজিও ৰাজনীতিত দেখা যায়। চিৰ প্ৰবাহিত নদীত ডাঙৰ ডাঙৰ মথাউৰি নিৰ্মাণ নকৰা, নদীৰ গতিপথৰ ভূগোল সলনি নকৰা, জলচক্ৰৰ সম্পদ বিকৃত নকৰা, আনক বঞ্চিত কৰি পানীৰ স্বাৰ্থপৰ জমা বন্ধ কৰা; কুঁৱা বা পুখুৰীৰ খোৱাপানী অপহৰণ নকৰা, পুখুৰী আৰু বিলৰ পানীৰ অপব্যৱহাৰ নকৰা আদি নিয়মবোৰ যদি প্ৰাচীন ভাৰতত মানি লোৱা হৈছিল, তেন্তে আজিকালি কিয় মানি লোৱা নহয়? গংগাজল আৰু গংগা নদীৰ পবিত্ৰতা বজাই ৰাখিবলৈ ‘ব্ৰহ্মাণ্ড পুৰাণ’ত কঠোৰ নিৰ্দেশনা আছিল। আনকি গঙ্গাৰ পবিত্র পানীত শৌচ্য, আচমন, গাত্র সংবাহন, মল ঘর্ষণ, বস্ত্র ত্যাগ, ফুল-মালা-নির্মালি ইত্যাদি বিসর্জন নিদিয়াৰ ১৩টা বিধি আছিল।

inbound3317461975069095569‘সাংখ্যা’ শব্দৰ অৰ্থ হ’ল সমান জ্ঞান বা বিচাৰ। মুক্তিবাদীসকলৰ মতে সম্যক জ্ঞান থকাসকলেই হৈছে ‘সংখ্যা’। সাংখ্যা দৰ্শনৰ বিশ্লেষণত পঞ্চভূতৰ ভিতৰত এটা হ’ল আপ বা পানী। অস্তিত্বক উদযাপন কৰা হয় যাতে বা যিটো বিস্তৃত হয়। পানীৰ ওপৰত সকলো অস্তিত্বই লাভৱান হয়— পানীয়েই জীৱন। সেউজীয়া মানেই জীৱন আছে। সেউজীয়া জীৱন শক্তিৰ প্ৰকাশ আৰু ই পানীকেন্দ্ৰিক। ‘সৰস’, ‘ইৰা’, ‘ইলা’ শব্দৰ অৰ্থও পানী আৰু সেয়ে সৰস্বতী, ইৰাৱতী নদী আৰু সেই নদীৰ কাষৰ সভ্যতা কাৰো অচিনাকি নহয়। ভাৰতৰ এটা অংশক ইলাবৃত্বৰ্ষ বুলি কোৱা হৈছিল। ‘অপ’ মানে পানী, ব্ৰহ্মাক ‘অব্জযোনি’ আৰু সাগৰক ‘আব্দি’ বোলা হয়। ‘পুষ্কৰ’ মানে পানী বা ডাৱৰ— যাৰপৰা পুষ্কৰণি, পুখুৰীৰ সৃষ্টি। ইৰাক, ইৰাবান, ঐৰাৱত আদি শব্দৰ মূল পানী বা ইৰা। পানীৰ সমাৰ্থক শব্দৰ সন্ধান কৰিলে পানীক আগুৰি থকা মানুহৰ প্ৰয়োজন, আৱেগ, উদ্ভাৱন, কল্পনা আৰু প্ৰেমৰ বৈচিত্ৰময় আৰু অন্তহীন প্ৰকাশ দেখা পোৱা যায়। যি বৈ যায় সেয়াই ‘অম্বু’। নদীৰ পানীক নদ্যম্বু, বদ্বুদকে অম্বুবিম্ব বোলে।

ভাৰত আৰু ভূতল জল
সমগ্ৰ বিশ্বতে ভূগৰ্ভস্থ পানীৰ মাত্ৰা কমি আহিছে। বিশ্বৰ প্ৰায় ২৫ শতাংশ ভূগৰ্ভস্থ পানী ভাৰতে নিষ্কাশন কৰে। ভাৰত এই ক্ষেত্ৰত আমেৰিকা আৰু চীনতকৈ আগবাঢ়ি আছে। ভাৰতত ২০০২ চনৰপৰা ২০১৬ চনৰ ভিতৰত ভূগৰ্ভস্থ পানীৰ স্তৰ অতিশয় হ্ৰাস পাইছে। এই পৰিমাণ হৈছে বছৰি ১০-২৫ মিলিমিটাৰ। গড় হিচাপত দেশখনত ভূগৰ্ভস্থ পানীৰ স্তৰ ৫৪ শতাংশ হ্ৰাস পাইছে। চিন্তনীয় কথাটো হ’ল ভাৰতত কৃষিৰ বাবে ব্যৱহৃত পানীৰ ৭০ শতাংশই ভূগৰ্ভস্থ পানীৰপৰা আহে। তথ্য অনুসৰি যদি ভূগৰ্ভস্থ পানীৰ স্তৰ এনেদৰে হ্ৰাস পাই থাকে তেন্তে ভাৰতৰ ৪০ শতাংশতকৈ অধিক জনসংখ্যাৰ বাবে খোৱাপানী এক গুৰুতৰ সমস্যা হৈ পৰিব। আমাৰ অসমতো ইতিমধ্যে বহু লোক আৰ্ছেনিকৰ সংস্পৰ্শলৈ আহিছে।

inbound7105526101694070288ভূগৰ্ভস্থ পানীৰ মজুত হ্ৰাস পোৱা বাবে সকলো মানুহৰ বাবে বিশুদ্ধ পানী পোৱাটো কঠিন হৈ পৰিছে। আনহাতে এই ভূগৰ্ভস্থ পানী প্ৰদূষণো বৃদ্ধি পাইছে। বিভিন্ন দেশৰ গৱেষকসকলে বহুদিনৰপৰা এই কথা কৈ আহিছে। ভূগৰ্ভস্থ পানীয়ে বিশ্বৰ ৯৯ শতাংশ খোৱাপানী যোগান ধৰে বুলি গৱেষকসকলে আঙুলিয়াই দিছে। যদি সেই পানীৰ যোগানত টান পৰে বা প্ৰদূষিত হৈ থাকে’ তেন্তে জনস্বাস্থ্য আন্দোলন ক্ষতিগ্ৰস্ত হ’ব, লগতে পৰিৱেশ-তন্ত্ৰত বিৰূপ প্ৰভাৱ পৰিব।

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ এক প্ৰতিবেদনত উল্লেখ কৰিছে যে দেশৰ ভূগৰ্ভস্থ পানী অতি দ্ৰুতগতিত শেষ হ’বলৈ গৈ আছে। অহা ২৮ বছৰত সমগ্ৰ দেশতে খোৱাপানীৰ সংকট বৃদ্ধি পাব। কেন্দ্ৰীয় চৰকাৰে এনে চাঞ্চল্যকৰ তথ্য সংসদত দাখিল কৰিছে। একে সময়তে দেশৰ মুঠ ১৩খন চহৰ চিনাক্ত কৰিছে (দিল্লী, গুৰুগ্ৰাম, বেংগালুৰুকে ধৰি) য’ত ভূগৰ্ভস্থ পানী উলিওৱাৰ হাৰ ১০০ শতাংশতকৈ বহুগুণ বেছি বুলি কোৱা হৈছে।

inbound5498782202424534619কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা তথ্য অনুসৰি ২০২৮ চনৰ ভিতৰত গুৰুগ্ৰাম, ২০৩১ চনৰ ভিতৰত ইন্দোৰ আৰু বিকানেৰ, ২০৩৫ চনৰ ভিতৰত অমৃতসৰ আৰু ২০৫০ চনৰ ভিতৰত হায়দৰাবাদৰ বাবে পৃষ্ঠীয় পানীৰ উৎস (পুখুৰী, নদী, বিল বা তেনেধৰণৰ পানীৰ উৎস) অবিহনে ভূতল জল মহাৰ্ঘত পৰিণত হ’ব; কাৰণ— মাটিৰ তলৰ পানীৰ পৰিমাণ দ্ৰুতগতিত শেষ হৈ গৈ আছে। আজমেৰৰ নামো এই তালিকাত সন্নিৱিষ্ট কৰা হৈছে।

আমি কি কৰিব পাৰোঁ
আগন্তুক দিনবোৰৰ বাবে পৰ্যাপ্ত গছপুলি ৰোপণ কৰিবলৈ এতিয়াৰপৰাই আৰম্ভ কৰক। সঁচাকৈয়ে ইয়াৰ কোনো বিকল্প নাই। কিন্তু এই ক্ষেত্ৰতো বুদ্ধিমত্তাৰ প্ৰদৰ্শন কৰা উচিত। বৃহৎ পৰিমাণৰ ভূগৰ্ভস্থ পানী শোষণ কৰা ইউকেলিপ্টাছৰ দৰে গছৰ পুলি ৰোপণ এৰাই চলিব লাগে আৰু মাটিত ৰাসায়নিক পদাৰ্থ প্ৰয়োগ কৰিব নালাগে। কাপোৰ ধোৱাৰ বেলিকা পানীৰ ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। ভূগৰ্ভস্থ পানী মূৰ্খৰ দৰে অপচয় কৰিব নালাগে।

inbound1570121715630929601বহুতে হয়তো ভাবিব পাৰে যে পৃথিৱীৰ প্ৰায় ৭১ শতাংশ পানীৰে গঠিত, গতিকে পানীক লৈ চিন্তা কৰিবলগীয়া কি আছে? কিন্তু বাস্তৱত ব্যৱহাৰযোগ্য পানীৰ শতকৰা হাৰ যথেষ্ট কম। তদুপৰি খোৱাপানীৰ পৰিমাণো কম। ইতিমধ্যে প্ৰথম বিশ্বৰ বহু দেশত দেখা গৈছে যে সাধাৰণ মানুহে পেকেটত পানী কিনিব লগা হয়। ভাৰতৰ দৰে দেশত জনমূৰি পানী ব্যৱহাৰৰ কোনো ধাৰণা নাই। ইয়াৰ পৰিণতি যথেষ্ট ভয়ংকৰ হ’ব পাৰে। গতিকে সকলোৱে পানীক লৈ বিজ্ঞানসন্মতভাৱে আগবঢ়া উচিত।

উপসংহাৰ
মানুহে পানী যে মহাৰ্ঘ সেয়া অতীত কালতে বুজি পাইছিল। তেন্তে এতিয়া কিয় বুজি নাপায়? অতৃপ্ত ইচ্ছাই মানুহক উন্মাদ, অস্থিৰ আৰু জেদী কৰি তোলে। তেতিয়া তেওঁলোকৰ মংগলবোধ নোহোৱা হৈ যায়। সাম্প্ৰতিক মানুহেও আত্মপূৰ্ণ সত্তা আৰু সৃষ্টি আৰু চিন্তাৰ সমৃদ্ধি আৰু পৰিচয়ৰ জ্ঞান হেৰুৱাই পেলাইছে। প্ৰকৃতি, প্ৰাণ, জগত, জীৱন, সৃষ্টি— সকলো বস্তুৰ প্ৰতি অসন্মান, অৱজ্ঞাই মানুহক অজ্ঞান আৰু মূৰ্খ কৰি তুলিছে। আজিৰ পৃথিৱীত জ্ঞান অবিহনে প্ৰেম নাই। মানুহ শ্ৰেষ্ঠ— এই বিশ্বাস মানুহে নিজেই দিছে। কিন্তু এতিয়া মানুহ কেৱল মানুহৰেই নহয়, সমগ্ৰ পৃথিৱীৰ বাবেই অপকাৰী।

inbound7923444164106133230জল ৰাজনীতি আৰু জল যুদ্ধ প্ৰায় অনিবাৰ্য। কোৱা হয়, তৃতীয় বিশ্বযুদ্ধ পানীৰ বাবেই হ’ব! যুদ্ধত প্ৰথম হতাহতি হয় সত্য, ন্যায় আৰু মূল্যবোধ। তাৰ পিছত? তাৰ পিছত আমি পানীৰ কথা পাতিবলৈ আহিব পাৰিমনে উভতি? শেষত সামান্য কাব্যিকতা—
“সাগৰৰ নীলা পানী আকাশৰ প্ৰতিফলন আৰু আপোনাৰ কৰ্মবোৰ আপোনাৰ চিন্তাৰ প্ৰতিফলন।”

(‘বিশ্ব জল দিৱস- ২০২৩’ উপলক্ষে এই লেখা)

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More