জলবায়ু পৰিৱৰ্তন আৰু প্ৰদূষণৰ পৰিণতিঃ গুৰুতৰ বিপদত বিশ্বৰ আৰ্ধেক শিশু

0 20

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ অক্টোবৰ : গ্ৰেটা থুনবাৰ্গৰ পৰা লেখক অমিতাভ ঘোষলৈকে পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ ফলত হোৱা ক্ষতিৰ প্ৰতি অতিশয় চিন্তিত। তেওঁলোকে নিজৰ উদ্বেগ ব্যক্ত কৰি আহিছে। এনে নহয় যে বিভিন্ন স্তৰত এই সন্দৰ্ভত ইতিবাচক আলোচনা হোৱা নাই। কিন্তু দ্ৰুতগতিত অৱনতি ঘটা পৰিৱেশৰ কিবা ইতিবাচক পৰিৱৰ্তন হৈছেনে? নাই, তেনে পৰিৱৰ্তন নিশ্চয় হোৱা নাই। শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদনে আঙুলিয়াই দিছে এই কথা। প্ৰতিবেদন অনুসৰি জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা পৰিৱেশৰ ক্ষতিৰ বাবে বৰ্তমান বিশ্বৰ প্ৰায় ১ বিলিয়ন শিশু বিপদত পৰিছে। ‘কিডছ ৰাইটছ’ নামৰ এটা অধিকাৰ সুৰক্ষা সংস্থাই ১৯ অক্টোবৰ বুধবাৰে এক প্ৰতিবেদনত এই সন্দৰ্ভত সতৰ্ক কৰি দিছে। সংগঠনটোৱে লগতে কয় যে যোৱা দশকত নৱ প্ৰজন্মৰ জীৱনৰ মান বিশেষ উন্নতি হোৱা নাই। ৰাষ্ট্ৰসংঘই দিয়া পৰিসংখ্যাৰ ভিত্তিত এইবাৰৰ কিডছ ৰাইটছ ইনডেক্স প্ৰস্তুত কৰিছে ‘কিডছ ৰাইটছ’ নামৰ অধিকাৰ সংগঠনটোৱে। ইয়াত কোৱা হৈছে যে বৰ্তমান প্ৰায় ৮২ কোটি শিশু গৰমৰ সংস্পৰ্শলৈ আহিছে। নেদাৰলেণ্ডস্থিত সংস্থাটোৱে কৈছে যে পানীৰ নাটনিয়ে বিশ্বৰ ৯২ কোটি শিশুৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পেলাইছে। মেলেৰিয়া, ডেংগু আদি ৰোগেও ৬০ কোটি শিশু অৰ্থাৎ ৪টা শিশুৰ ভিতৰত ১টা শিশুক আক্ৰান্ত কৰিছে! ‘কিডছ ৰাইটছ ইনডেক্স’ হৈছে একমাত্ৰ সূচকাংক যিয়ে বিশ্বৰ বিভিন্ন দেশসমূহে শিশুৰ অধিকাৰক কেনেদৰে সন্মান কৰে তাৰ তথ্য প্ৰকাশ কৰে। শিশুৰ অধিকাৰ অতি কম সংখ্যক দেশতহে কাৰ্যকৰী কৰা হয়। এই শিশু অধিকাৰ ৰূপায়ণ সূচকাংকৰ শীৰ্ষত আছে আইচলেণ্ড, ছুইডেন, ফিনলেণ্ড। ১৮৫ খন দেশৰ ভিতৰত তলত আছে ছিয়েৰা লিয়ন, আফগানিস্তান আৰু চাদ। সূচকাংকৰ শীৰ্ষ তিনিখন দেশৰ ভিতৰত পূৰ্বৰ বছৰৰ তুলনাত কেৱল ছুইডেনৰ অৱস্থানহে সলনি হৈছিল। চতুৰ্থ স্থানৰ পৰা দ্বিতীয় স্থানলৈ উন্নীত হয় দেশখন। প্ৰতিবেদনত এংগোলা আৰু বাংলাদেশৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হৈছে। ইয়াত কোৱা হৈছে যে দুয়োখন দেশে শিশু অধিকাৰৰ স্ক’ৰৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। যোৱা দুটা দশকৰ ভিতৰত এইবাৰ প্ৰথমবাৰৰ বাবে শিশু শ্ৰমিকৰ সংখ্যাই ১৬ কোটি অতিক্ৰম কৰিছে। কিডছ ৰাইটছ ইনডেক্সৰ তথ্য অনুসৰি যোৱা ৪ বছৰত শিশু শ্ৰমিকৰ সংখ্যা ৮৪ লাখ বৃদ্ধি পাইছে। কিডছ ৰাইটছৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ মাৰ্ক ডুলাৰ্টে এই বছৰৰ প্ৰতিবেদনক বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মৰ শিশুৰ বাবে চিন্তনীয় বুলি অভিহিত কৰিছে। তেওঁ কয় যে দ্ৰুতগতিত পৰিৱৰ্তিত জলবায়ুৱে শিশুৰ ভৱিষ্যৎ আৰু তেওঁলোকৰ মৌলিক অধিকাৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More