জলবিদ্যুৎ প্ৰকল্প : অৰুণাচল চৰকাৰৰ ওপৰত ক্ষুণ্ণ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ

0 40
শতাব্দ বিশেষ প্ৰতিনিধি, ২২ মে’ :
বৃহৎ বৃহৎ জলবিদ্যুৎ প্ৰকল্প স্থাপনেৰে উন্নয়নৰ সৌধ গঢ়িবলৈ বদ্ধপৰিকৰ হোৱা অৰুণাচল প্ৰদেশ চৰকাৰৰ ওপৰত খড়্গহস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ আৰু কেন্দ্ৰীয় বন, পাৰিপাৰ্শ্বিকতা, জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অধীনস্থ বন পৰামৰ্শদাতা কমিটী। অৰুণাচল প্ৰদেশৰ ল’ৱাৰ দিবাং ভেলী জিলাত বনাঞ্চল অধিগ্ৰহণ কৰি নিৰ্মাণ কৰিবলৈ লোৱা ২,৮৮০ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পটোৰ বন সম্পৰ্কীয় পূৰ্ব চৰ্ত পালন কৰাৰ সন্দৰ্ভত বন পৰামৰ্শদাতা কমিটীয়ে সংশ্লিষ্ট সকলো পক্ষৰ পৰা তিনি সপ্তাহৰ ভিতৰত উত্তৰ বিচাৰিছে। ইয়াৰ পূৰ্বে দেশৰ এখন আগশাৰীৰ ইংৰাজী দৈনিক কাকতত ৪ ফেব্ৰুৱাৰী তাৰিখে প্ৰকাশিত এখন অনুসন্ধানমূলক প্ৰতিৱেদনৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে নিজাববীয়াকৈ ছু-মট’ জাননী যোগে দিবাং জলবিদ্যুৎ প্ৰকল্পটোৰ অনুমোদনৰ ক্ষেত্ৰত আৰোপ কৰা বন সম্পৰ্কীয় চৰ্তসমূহ কিমান দূৰ ৰূপায়ণ কৰা হৈছে তাৰ উত্তৰ বিচাৰি কেন্দ্ৰীয় বন, পাৰিপাৰ্শ্বিকতা আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়, অৰুণাচল প্ৰদেশ চৰকাৰ আৰু এন এইচ পি চি ৰ পৰা উত্তৰ বিচাৰিছে। দৈনিক কাকতখনৰ মতে ২০০৪-২০২০ চনৰ ভিতৰত অনুমোদন জনোৱা  অৰুণাচলৰ দুটা বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ ফলত পাৰিপাৰ্শ্বিকতাৰ যি বিপুল পৰিমাণৰ ক্ষতি হ’ব তাক পূৰণ কৰিবৰ বাবে যি সমূহ কঠোৰ চৰ্ত আৰোপ কৰা হৈছিল, সেইসমূহ একাষৰীয়া, গুৰুত্বহীন কৰি নতুবা কাকততেই আৱদ্ধ ৰখা হৈছে। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে যোৱা বৃহস্পতিবাৰে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ক অহা ১৪ জুলাইত হ’বলগীয়া পৰৱৰ্তী শুনানীৰ পূৰ্বেই শপতনামাত থকা ভুল-ত্ৰুটী সমূহ আঁতৰাবলৈ নিৰ্দেশ দিছে।
পাৰিপাৰ্শ্বিকতাৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ আশংকাতেই দিবাং জলবিদ্যুৎ প্ৰকল্পটোৰ প্ৰস্তাৱ দুবাৰকৈ নাকচ হৈছিল যদিও ২০১৫ চনত নদীৰ অৱবাহিকা অঞ্চলৰ সুৰক্ষাৰ বাবে এখন ৰাষ্ট্ৰীয় উদ্যান গঠন তথা ঘোষণাৰ পূৰ্ব চৰ্ত সাপেক্ষে প্ৰাথমিক অনুমোদন জনোৱা হৈছিল কিন্তু এই চৰ্ত পালন নকৰা স্বত্তেও ২০২০ চনত প্ৰকল্পটোৰ ক্ষেত্ৰত বন সম্পৰ্কীয় চূড়ান্ত অনুমোদন দিয়া হয়।
তেনেদৰে ২০০০ মেগাৱাটৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৰো ক্ষেত্ৰত ২০০৪ চনতেই বন সম্পৰ্কীয় অনুমোদন জনোৱা হৈছিল। পূৰ্ব চৰ্ত হিচাপে প্ৰকল্পৰ ৯০০ বৰ্গ কিলোমিটাৰ জোৰা কেটচমেণ্ট আৰু নিমজ্জিত অঞ্চলত এখন অভয়াৰণ্য ৰূপে ঘোষণা কৰিব লাগিব। কিন্তু পাছলৈ ইয়াৰ পৰিমাণ প্ৰায় আধালৈ হ্ৰাস কৰা হয়। আশ্চৰ্যকৰ কথা যে, আজি  সুদীৰ্ঘ ১৭ বছৰৰ পাছতো ৰাজ্য চৰকাৰে মাত্ৰ ১২৭ বৰ্গ কিলোমিটাৰ অঞ্চলৰ বাবেহে জাননী জাৰি কৰিছে। ইয়াৰোপৰি প্ৰকল্পটোৰ বাবে ক্ষতি হোৱা বনাঞ্চলৰ পৰিৱৰ্তে ৰাজ্য চৰকাৰে যি compensatory Afforestation কৰিব লাগে তাৰো কাম আগবঢ়োৱা নাই। এই বিষয়টোৰ সন্দৰ্ভত ইতিমধ্যে কেন্দ্ৰীয় পাৰিপাৰ্শ্বিকতা বিভাগৰ সচিবে অৰুণাচল চৰকাৰৰ বন বিভাগৰ প্ৰধান সচিবলৈ কেইবাবাৰো পত্ৰ প্ৰেৰণ কৰি কোনো সদুত্তৰ পোৱা নাই।
ভাৰতৰ ভিতৰতে বৃহত্তম এই জলবিদ্যুৎ প্ৰকল্প দুটাৰ বাবে অৰুণাচল প্ৰদেশৰ কেইবাহাজাৰ হেক্টৰ বনভূমি লগতে বিৰল জৈৱ বৈচিত্ৰতা মে চিৰকালৰ বাবে হেৰুৱাবলগীয়া হৈছে তাৰ প্ৰতি চৰকাৰৰ কোনো ভ্ৰূক্ষেপেই নাই। আনকি দেশৰ প্ৰচলিত আইন-কানুন সমূহৰ প্ৰতিও যে অৰুণাচল প্ৰদেশৰ চৰকাৰ শ্ৰদ্ধাশীল নহয় এইয়া তাৰেই এক নিদৰ্শন হিচাপে গণ্য হৈছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More