জলসংকট আৰু আমাৰ পৃথিৱী

0 172

 পংকজ বৰুৱা  

আমি সৰুতে পঢ়িবলৈ পাইছিলো পৃথিৱীৰ চাৰিভাগৰ তিনিভাগেই পানীয়ে আগুৰি আছে । আমাৰ মনলৈ এই চিন্তা আহে পৃথিৱীত ইমান বেছিকৈ পানী থকাৰ পাছতো পৃথিৱীত জলসংকটে দেখা দিব পাৰেনে ? সেই কথা বিশ্বাস কৰিবলৈ টান লাগে, যদিও পৃথিৱীৰ ৭১% ভাগ পানী আছে এই সকলো পানী মানুহৰ ব্যৱহাৰৰ খোৱা বোৱা, খেতি বাতি,চাফ চিকুণ আদিৰ বাবে উপযুক্ত নহয় । পানী কেৱল মানুহকে প্ৰয়োজন তেনে নহয় গছ-গছনি, তৰু-লতা উদ্ভিদ, চৰাই-চিৰিকটি, পশু-পক্ষী আদি সকলোকে পানীৰ প্ৰয়োজন । সেয়ে পানীক প্ৰাণীৰ প্ৰাণ আখ্যা দিয়া হয় । ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদন মতে পানীৰ বাবেই নিতৌ ৩৯০০ শিশুৱে মৃত্যুক আঁকোৱালি লয় । বছৰি এই সংখ্যা নিযুতৰ ঘৰ পাৰ কৰে । বিশ্বত সৰ্বাধিক শিশু মৃত্যুৰ ই হৈছে দ্বিতীয় কাৰণ । পৃথিৱীৰ চাৰিভাগৰ তিনিভাগেই পানী হোৱা স্বত্বেও পৃথিৱীৰ ৩ বিলিয়নৰ অধিক লোকেই পানীৰ অভাৱগ্ৰস্ত অঞ্চলত বস বাস কৰে । পৃথিৱীৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে যাৰ ফলত পানীৰ চাহিদাও বৃদ্ধি পাইছে, কৃষি কৰ্মৰ পৰা আৰম্ভ কৰি মানুহৰ দৈনন্দিন ব্যৱহাৰৰ লৈকে । ২০৫০ চনলৈকে কৃষি ক্ষেত্ৰত পানীৰ ব্যৱহাৰ ১৯% বৃদ্ধি পাব আৰু ২০৩৫ চনলৈকে সামগ্ৰিক ভাৱে পানীৰ চাহিদা ৮৫% বৃদ্ধি পাব । মানৱ জাতিৰ এই অতিৰিক্ত পানীৰ প্ৰয়োজনীয়তাক পূৰণ কৰিবলৈ যথা সময়ত পদক্ষেপ ন’ল’লে বিশ্বই ভয়াৱহ জলসংকটৰ সন্মূখীন হ’ব যে সেইটো ধ্ৰুৱ সত্য ।

বৰ্তমান সময়ত পৃথিৱীৰ বহুদেশৰ লগতে ভাৰততো জলসংকটে দেখা দিছে , পৃথিৱীৰ বহু দেশে জলসমস্যা সমাধানৰ বাবে নিজৰ সুবিধা অনুযায়ী পদক্ষেপ লৈ সফলতা লাভ কৰিছে কিন্তু ভাৰতত আজিকোপতি কোনো বিশেষ পদক্ষেপ লোৱা চকুত নপৰে । ব্ৰাজিল, চীন, অষ্ট্ৰেলিয়া, ইজৰাইল,জাৰ্মানী আদি দেশত জলসংকট দূৰ কৰিবৰ বাবে অতিকৈ আধুনিক ব্যৱস্থা লৈ সফলতা লভিছে । বৰষুণৰ পানী নদ-নদীৰ পানী সংৰক্ষণৰ দ্বাৰা জলসমস্যা বহুপৰিমাণে ৰোধ কৰিব পাৰি ভাৰতে এইক্ষেত্ৰত এই দেশ বিলাকৰ পৰা বহু শিকিব লগা আছে । পানী সংৰক্ষণৰ আটাইতকৈ সহজ উপায় হ’ল পানীৰ কম মাত্ৰাত ব্যৱহাৰ আৰু পানীক সংৰক্ষণ কৰা । ১৩৫ কোটি জনসংখ্যাৰ দেশ ভাৰতত প্ৰায় ৬০ কোটি মানুহে জলসংকটত ভুগিছে মানে বিশুদ্ধ পেয় জলৰ অভাৱত ভুগিছে। এই সংকটে অসমৰো চহৰ আনকি বহু গাঁৱকো ইতিমধ্যে চুইছে ।sk water 8 web topper 10
২০৫০চনমানত দেশৰ জনসংখ্যাই ১৬০কোটি অতিক্রম কৰিব আৰু চীনৰ জনসংখ্যাক পিছ পেলাব । জনসংখ্যাৰ সমান্তৰালভাৱে দেশত খোৱাপানীৰ চাহিদাও বিপজ্জনকভাৱে বাঢ়ি যাব। ২০০১চনত দেশৰ জনসংখ্যা ১০০কোটি অতিক্রম কৰাৰ সময়তে দেশৰ ৬৮.২শতাংশ পৰিয়ালেহে নিৰাপদ খোৱাপানীৰ সুবিধা লাভ কৰিছিল বুলি লোকপিয়লৰ তথ্যত প্ৰকাশ পাইছিল। বিগত দশকটোত এই পৰিসংখ্যাৰ সামান্য উন্নতি ঘটিলেও বৰ্ধিত জনসংখ্যাৰ তুলনাত সি নিচেই নগণ্য। প্ৰাপ্ত তথ্যমতে, দেশৰ প্ৰায় ৩৭.৭মিলিয়ন লোক প্ৰতিবছৰে বিভিন্ন পানীজনিত ৰোগৰ দ্বাৰা আক্রান্ত হয় আৰু চিন্তনীয়ভাৱে ইয়াৰ শতকৰা ৭৫ ভাগতকৈও অধিক হৈছে শিশু। খোৱাপানীৰ বাবে ভূ-জলৰ ওপৰত অধিক নিৰ্ভৰশীল হোৱা বাবে এই সংকট অধিক জটিল হৈছে, কিয়নো ফ্লুৰাইড, আৰ্ছেনিক আদি মাৰাত্মক বিহে দেশৰ বহু অংশৰ ভূ-জল বিষময় কৰি তুলিছে। দেশৰ ২০খন ৰাজ্যৰ প্ৰায় ৬৬মিলিয়ন লোক সম্প্ৰতি অত্যধিক ফ্লুৰাইড বিশিষ্ট পানী সেৱনৰ ফলত হ’ব পৰা বিপদাশংকাত ভুগিছে, এই ২০ খন ৰাজ্যৰ ভিতৰত অসমো আছে । মধ্য অসমৰ পৰা আৰম্ভ কৰি নামনি অসমৰ বহু ঠাইৰ ভূ জল আনকি পুখুৰী, নাদ, বিল আদিতো অত্যধিক মাত্ৰাত আৰ্চেনিক আৰু ফ্ল’ৰাইড পোৱা গৈছে ।

অসম তথা উত্তৰপূৱ ভাৰত হৈছে নদী প্ৰধান ৰাজ্য আৰু ইয়াত বছৰি ৩০০/৪০০ চেঃমিঃ বৰষুণ হয় তথাপি এই অঞ্চলৰ বহু মানুহে বিশুদ্ধ খোৱা পানীৰ সমস্যাত পৰে ।প্ৰধানকৈ খৰালি বহু ঠাইত পানী থাকে যদিও পানী বিশুদ্ধ নহয় । উত্তৰ পূবৰ মানুহে আগতে পুখুৰী নদ নদী জলাশয়ৰ পানী অধিক ব্যৱহাৰ কৰিছিল কিন্তু বৰ্তমান সময়ত ভূজলৰ ব্যৱহাৰ বেছিকৈ কৰিব ল’লে, ভূূজলৰ ব্যৱহাৰৰ ফলত পুখুৰী নাদ জলাশয় আদিবোৰ এলাগি হৈ পৰিল । ভূজলৰ অধিক ব্যৱহাৰে ভূ-জলস্তৰ ক্ৰমাৎ নিম্নগামী হৈ গৈ আছে এই ক্ষেত্ৰত অধিক অৰিহণা যোগাইছে চাহ বাগান বোৰে যি হকে নহকে বিশালকায় গভীৰ নলীনাদ বহুৱায় বৃহৎ বৃহৎ মেচিনেৰে পানী উলিয়াই সেই পানীক চাহ গছত দিয়ে আৰু ভূজলক নিম্নগামী কৰিছে । ভূ-জলক বাহিৰ কৰিবলৈ সহজ কিন্তু সেই জল পুনৰ ভৰ্তি হ’বলৈ বহু সময় লাগে । ভূ-জলস্তৰ নিম্নগামিতাই গছ-গছনি, নদ-নদী, জান-জুৰি আদিৰ ওপৰতো প্ৰভাৱ পেলায় । ভূ-জলস্তৰ নিম্নগামী হোৱাৰ ফলত খৰালি গছগছনিয়ে পৰ্যাপ্ত পানী শোষণ কৰিব নোবাৰে যাৰ বাবে বহু গছগছনি শুকাই মৰি যায়, গছগছনিৰ মৃত্যুৱে জলবায়ুৰ উপৰত প্ৰভাৱ পেলায় পৰিবেশক ক্ৰমাৎ শুষ্ক কৰি তোলে অৱশ্যে এই পৰিঘটনা ধীৰ গতিত হয় বাবে হয়টো আমাৰ চকুত পতকৈ ধৰা নপৰে । ভূ-জলস্তৰ হ্ৰাস হোৱাৰ বাবেই অসম তথা উত্তৰ পূবৰ বহু নদ নদী খৰালি অতি বেয়াকৈ শুকাই যাবলৈ লৈছে । এনেকৈ এখন নদী শুকাই গ’লে নদীখনত থকা মাছ কাছকে ধৰি সমষ্ট পৰিস্থিতি তন্ত্ৰটোকে প্ৰভাৱিত কৰে ।

পানীৰ সম্ভাব্য গোলকীয় সংকটৰ সমাধান সূত্ৰ বিছাৰি আৰু প্ৰতিজন লোকৰে মাজত পানীৰ সৎ ব্যৱহাৰ বিষয়ক লৈ সজাগতাৰ সৃষ্টি কৰাৰ উদ্দেশ্য আগত ৰাখিয়েই ১৯৯২চনত ব্ৰাজিলৰ ৰিঅ’ দ্য জেনেৰিঅ’ চহৰত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু উন্নয়ন সন্মিলনত জল সংৰক্ষণৰ সজাগতাৰ বাবে এটা বিশেষ দিন উদ্‌যাপনৰ প্ৰস্তাৱ লোৱা হয়। সেইমতেই ১৯৯৩ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ২২ মাৰ্চৰ দিনটোক বিশ্ব জল দিৱসৰূপে ঘোষণা কৰে। ৰাষ্ট্ৰসংঘ, ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ লগতে বহুসংখ্যক স্বেছাসেৱী সংগঠনেও পানীৰ এই জটিল সমস্যাটোৰ প্ৰতি জনসাধাৰণৰ দৃষ্টি আকৰ্ষণৰ বাবে বিশ্ব জল দিৱসত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে। প্ৰতিবছৰে এই দিৱসৰ বাবে এটা মূল বিষয় বাছনি কৰাৰ লগতে নিৰ্দিষ্ট অন্তৰালত এই দিৱসৰ দিনা বিশ্ব জল উন্নয়ন প্ৰতিবেদনো প্ৰকাশ কৰি আহিছে ৰাষ্ট্ৰসংঘই ।

ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান বুটৰচ ঘালীয়ে আজিৰ পৰা প্ৰায় ৩০ বছৰ আগতে কৈছিল যে যদি পৃথিৱীত তৃতীয় বিশ্বযুদ্ধ হয়, এই যুদ্ধ পানীৰ বাবে হ’ব । আচলতে এই পৃথিৱীয়ে এতিয়ালৈকে দুখন বিশ্বযুদ্ধৰ সাক্ষী বহন কৰিছে । প্ৰথম বিশ্বযুদ্ধ হৈছিল নিজৰ এলেকা বৃদ্ধি কৰিবলৈ মানে মাটি দখলৰ বাবে, দ্বিতীয় বিশ্বযুদ্ধৰ লক্ষ্য উদ্দেশ্য আৰু স্বাৰ্থ আছিল তেল আৰু শক্তি ।

১৯৯৫ চনত ইছমাইল ছেৰাগ’ল্ডিনে পানীৰ বৈশ্বিক সংকটৰ প্ৰতি লক্ষ্য কৰি কৈছিল যে এই শতাব্দীত পৃথিৱীয়ে তেল আৰু শক্তিৰ বাবে বিশ্বযুদ্ধ দেখিলে আগন্তুক দশকত পৃথিৱীবাসীয়ে হয়টো পানীৰ বাবে বিশ্বযুদ্ধ দেখিব ।

জলসংকট এক বিশ্বজনীন সমস্যা । ভাৰতৰ পৰা আৰম্ভ কৰি আফ্ৰিকাৰ দেশবোৰলৈকে, আমেৰিকাৰ পৰা অষ্ট্ৰেলিয়ালৈকে । মানুহে তেল শক্তি নোহোৱাকৈ জীৱন সম্ভৱ কিন্তু পানীৰ অবিহনে জীৱন অসম্ভৱ । য়েতিয়া নিজৰ অস্তিত্বক লৈ প্ৰশ্ন চিহ্ন সৃষ্টি হয় তেতিয়া জীৱন সংগ্ৰামত বৰ্তি থাকিবলৈ শক্তিশালী দেশবোৰে পানীৰ ওপৰত নিজৰ দখল বিস্তাৰ কৰিবলৈ যদি যুদ্ধও কৰিব লগা হয় মোৰ মতে তেওঁলোকে পিচ নোহোঁহোকিব ।

নদ-নদীৰ দেশ ভাৰতও ইতিমধ্যে জলসংকটৰ সন্মুখীন হৈছেই তামিলনাডুৰ ২৩খন জিলা জলসংকটত ভুগিছে, বুণ্ডেলখণ্ড আজি বছৰ বছৰ ধৰি খৰাং পৰিবেশে বিৰাজ কৰিছে য’ৰ পৰা মানুহ পলায়ন কৰিছে ।

আনকি আমাৰ অসমৰে মোৰ গৃহ জিলা গোলাঘাটৰ সৰুপথাৰ, বৰপথাৰ, নাওজান, চুঙাজান, জামুগুৰি, উৰিয়াম ঘাট আদিকৰি এক বিস্তৃত এলেকা জুৰি বিগত দুবছৰ বিৰাট অনাবৃষ্টিৰ কৱলত পৰিছে । যিখন অসমত বছৰি ৩০০ চেঃমিঃ অধিক বৰষুণ হয় । যি ৰাজ্যত চ’ত বহাগৰ পৰা ভাদ আহিন মাহলৈকে বানপানী হয় সেই ৰাজ্যৰ এই ঠাই সমূহত যোৱা বছৰ ধান খেতি ন’হ’ল পানীৰ অভাৱৰ বাবে এই বছৰো এতিয়ালৈকে পথাৰত পানী হোৱাই নাই ।

ভাৰতৰ নীতি আয়োগৰ তথ্য মতেও ২০২০ চনলৈকে ভাৰতৰ ১০ কোটি মানুহ জলসংকটৰ সন্মুখীন হয় । ইয়াৰ উচিত ব্যৱস্থা ন’ল’লে এই পৰিসংখ্যা ক্ৰমাৎ বৃদ্ধি পাই গৈ থাকিব ।

ভাৰত বৰ্ষত কৰা কিছুমান খেতি কুঁহিয়াৰ, ঘেঁহু, ধান, কপাহ আৰু ছয়াবিন কৃষি মাটি খৰাং কৰা আৰু ভূত্বকৰ জলস্তৰ নিম্নগামী কৰাৰ বাবে দায়ী । এই খেতি উৎপাদন কৰিবলৈ বহু পানীৰ আৱশ্যকতা হয় । তদুপৰি বিভিন্ন চহৰ সমুহত স্থাপন কৰা শীতল পানীয়ৰ ফেক্টৰী সমুহও ভূগৰ্ভৰ জলস্তৰ নিম্নগামী কৰাৰ বাবে দায়ী । শীতল পানীয় প্ৰস্তুতৰ বাবেও বহু পানীৰ আৱশ্যকতা হয় ।

পানীৰ ওপৰত অধ্যয়ন কৰা এটা সংস্থা wateraid india ৰ beneath the surfaceৰ তথ্য মতে ভাৰতে পৃথিৱীৰ ভিতৰত সাৰ্বধিক ভূজলৰ ব্যৱহাৰ কৰে যি বিশ্বৰ মূঠ ভূ জল ব্যৱহাৰৰ ২৪% । ভাৰতৰ গ্ৰাম্য অঞ্চলৰ মানুহৰ খোৱা পানীৰ ৮০% ই ভূজল । ভাৰতত ২০০০ চনৰ পৰা ২০১০ চনৰ ভিতৰত ভূজলৰ ব্যৱহাৰ ২৩% লৈকে বাঢ়িল । ভাৰত বিশ্বৰ তৃতীয় বৃৃৃহৎ ভূজল ৰপ্তানিকাৰী দেশ । ভূজলৰ ৰপ্তানিৰ অৰ্থ হ’ল এনে সামগ্ৰীৰ ৰপ্তানি যি বস্তু প্ৰস্তুত কৰণত অধিক ভূজলৰ ব্যৱহাৰ হয় যিয়ে ভূমিক শুষ্ক কৰে । ঘেঁহু উৎপাদনত ৩৫% আৰু ধান উৎপাদনত ২৫% ভূজলৰ আৱশ্যকতা হয় । ২০১৬/১৭ চনত ভাৰতে ৩লাখ টন ঘেঁহু বিদেশলৈ ৰপ্তানি কৰিছিল ।যি খন দেশত জলসংকটে এক গভীৰ সমস্যা ৰূপে থিয় দিছে তেনে দেশে এনে অধিক পানী আৱশ্যকতা হোৱা সামগ্ৰী এনে বৃহৎ হাৰত ৰপ্তানি কৰাটো কিমান যুক্তিসংগত ? ভাৰতবৰ্ষৰ মানুহে মানে আমি প্ৰয়োজনতকৈ অধিক ভূজলৰ ওপৰত নিৰ্ভৰ কৰাৰ বাবেই পানীয়ে আমাৰ আগত এই ভয়াবহ সংকট ৰূপে মূৰ দাঙি উঠিছে । আমি বৰষুণৰ পানীক এনেয়ে বাগৰি যাবলৈ দিওঁ, কোনোদিনে সংৰক্ষণৰ কথা নাভাবোঁ । আমাৰ দেশত মাত্ৰ ৮% বৰষুণৰ পানীক সংৰক্ষণ কৰা হয় । কেন্দ্ৰীয় জলসমিতিৰ এক তথ্য মতে ভাৰতত বছৰি ৩ লাখ ঘনমিটাৰ পানীৰ আৱশ্যক হয় আনহাতে দেশত বছৰি গড় হিচাপে ৪লাখ ঘনমিটাৰ বৰষুণ হয় । ইয়াৰ অৰ্থ এইটোৱে যে ১০০ কোটিৰ অধিক জনসংখ্যাৰ আমাৰ দেশে বৰষুণ পৰা পোৱা পানীৰ চাৰিভাগৰ তিনিভাগেই ব্যৱহাৰ কৰিব নোৱাৰোঁ ।

বিকাশ আৰু আধুনিকীকৰণৰ নামত বৃহৎ বৃহৎ নিৰ্মাণ কাৰ্যবোৰে গছগছনি হাবি জঙ্ঘল কাটি পৃথিৱীৰ ভাৰসাম্য বিনষ্ট কৰিছে যাৰ বাবে পৃথিৱীৰ জলবায়ুৰ পৰিবৰ্তন হৈছে প্ৰদূষণ হৈছে, অতিবৃষ্টি অনাবৃষ্টি হৈছে । পৰিবেশৰ এনে অস্থিৰতাই ভূগৰ্ভস্থ জলস্তৰক অধোগামী কৰিছে । আমি মানৱ জাতিয়ে অতিকৈ প্ৰয়োজনীয় অতি মূল্যৱান পানীৰ মহত্ব আৰু গুৰুত্বক আজিলৈকে বুজিব নোৱাৰিলো । আজিৰ সময়ত পানীক সঞ্চয়, সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে প্ৰতি ব্যক্তিৰ মাজত সজাগতা, সচেতনতা অনাৰ বাবে এক জনআন্দোলনৰ আৱশ্যকতা আছে । আমি সকলোৱে পৰিবেশ পৰিবেশ কৈ চিঞৰি থাকো, পৰিবেশ বুলিলে কেৱল গছগছনি জীৱজন্তু চৰাই চিৰিকটি পশু পক্ষীয়ে নহয়, জল স্থল মাটি পানী বায়ু পাহাৰ পৰ্বত নদ নদী সাগৰ সকলো সামৰিহে বিশ্ব পৰিবেশ গঢ় লৈ উঠিছে । এটাত কেৰুণ লাগিলেই প্ৰভাৱ সকলোতে পৰিব গতিকে পানীৰ সৎ ব্যৱহাৰ কৰিব লওক ভূগৰ্ভস্থ জলক অধিক ব্যৱহাৰ কৰাত কৈ নদ-নদী, জলাশয়-পুখুৰী আদিৰ পানীক ব্যৱহাৰ কৰিব লওক, বৰষুণৰ পানীক নদ-নদীৰ পানীক সঞ্চয় কৰাৰ ব্যৱস্থা কৰক । পানীয়েই প্ৰাণীৰ প্ৰাণ গতিকে পানীৰ সৎ ব্যৱহাৰ কৰক আৰু পৃথিৱীৰ সমস্ত জীৱকুলৰ প্ৰাণক ৰক্ষা কৰক ।

লেখকৰ ঠিকনাঃ বুঢ়ালিকছন গাঁও, গোলাঘাট 

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More