জলীয় বাষ্পৰ মেটমৰা ভাৰ লৈ অসমত মৌচুমীৰ প্ৰৱেশঃ বাৰিষা আৰম্ভ

বতৰ বিজ্ঞানী, কৃষক, ৰপ্তানিকাৰীৰ মুখত হাঁহি

4 168

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ মে’: আজিৰে পৰা অসমত বাৰিষা আৰম্ভ হ’ল। মৌচুমী বায়ু প্ৰবাহে সাধাৰণতে ১ জুনত কেৰালা উপকূলেৰে প্ৰৱেশ ঘটে।কিন্তু এইবাৰ নিৰ্দিষ্ট দিনতকৈ ৩ দিন পূৰ্বে ২৯ মে’ত কেৰালা উপকূলেৰে প্ৰবেশ কৰে।আনহাতে জলীয় বাষ্পৰ মেটমৰা ভাৰ লৈ মৌচুমীয়ে ১-৫ জুনৰ ভিতৰত অসমত উপস্থিত হয় যদিও এইবাৰ আজি অৰ্থাৎ ৩০ মে’ত অসমত বৰষুণ আৰম্ভ হোৱাত কাৰ্যত মৌচুমী অসমত সোমাল।বতৰ বিজ্ঞানৰ দৃষ্টিত অসমত মৌচুমী বায়ু প্ৰৱেশৰ দিনটোকে “বাৰিষা আৰম্ভ” বুলি ধৰা হয়।সেইসূত্ৰে আজি অসমত বাৰিষা কাল আৰম্ভ হ’ল। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সদৰী কৰা মতে আজি ৬০% তকৈ অধিক ষ্টেচনত ২.৫ মিলিমিটাৰতকৈ অধিক বৰষুণ হোৱা বুলি ৰেকৰ্ড কৰা হৈছে। বিভাগটোৱে ১ জুনৰ পৰা উত্তৰ-পূবৰ ৰাজ্যসমূহত বৰষুণ হব বুলি আগজাননী দিছিল যদিও অসমত ৩০ মেৰ পৰাই বৰষুণ আৰম্ভ হৈছে। উল্লেখ্য যে দক্ষিণ পূব মৌচুমী বায়ুৰ স্বাভাৱিক আগমণৰ ওপৰত ভাৰতৰ কৃষি অৰ্থনীতি বহু পৰিমাণে নিৰ্ভৰশীল।আনহাতে ভাৰতলৈ সঠিক সময়ত মৌচুমী নাহিলে দক্ষিণ পূব এচিয়াৰ দেশ সমূহো উদ্বিগ্ন হৈ পৰে।কাৰণ দক্ষিণ পূব এচিয়াৰ কেবাখনো দেশ ভাৰতৰ চাউলৰ ওপৰত নিৰ্ভৰশীল। সেয়ে মৌচুমীৰ আগমণ সঠিক হলে বতৰ বিজ্ঞানী বা দেশৰ কৃষক সমাজ যিদৰে উৎফুল্লিত হৈ পৰে ঠিক একেদৰে চাউলকে ধৰি বাৰিষা বতৰৰ শস্য ৰপ্তানিকাৰী ব্যৱসায়ী সকলো আনন্দিত হয়। আনহাতে এইবাৰ প্ৰাকমৌচুমী কালতে অসমত বানপানীয়ে ২৩খন জিলাত ৰুদ্ৰৰূপ দেখুৱাই গল।সেয়ে মৌচুমী কালিন অসমৰ বাৰিষাত বৰষুণৰ পৰিমাণ স্বাভাৱিক হবনে হ্ৰাস পাব, সেই লৈও চিন্তাৰ কাৰণ সন্মুখত উপস্থিত হৈছে।

4 মন্তব্য
  1. Avatar of RP
    RP says

    অনুগ্ৰহ কৰি, ভুল বাতৰি প্ৰকাশ নকৰে যেন, অসমত এতিয়াও মৌচুমী প্ৰৱেশ কৰা নাই। বতৰ বিজ্ঞান বিভাগৰ report অনুসৰি অহা ৩-৪ দিনত উত্তৰ পূবৰ কোনো কোনো ঠাইত মৌচুমী বতাহ প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে।
    ৩০-মে ২০২২

    1. Avatar of শতাব্দ
      শতাব্দ says

      ভুল বাতৰি হবই নোৱাৰে। বতৰ বিজ্ঞানে দিয়া সম্ভাৱনীয়তাৰ পূৰ্বে মৌচুমী আহিল বুলি বতৰ বিজ্ঞানে জনাইছে আৰু অসমৰ ঠায়ে ঠায়ে বৰষুণ আৰম্ভ হৈছে।

      1. Avatar of RP
        RP says

        যোৱাকালি অৰ্থাৎ 2 জুন তাৰিখে মণিপুৰ, মিজোৰাম আৰু নাগালেণ্ডত মৌচুমী প্ৰৱেশ কৰে যদিও এতিয়া লৈকে অসমত প্ৰৱেশ কৰা নাই। আৰু মইও বতৰ বিজ্ঞানত বিভাগতে কাম কৰোঁ বাবেহে কলোঁ।

  2. Avatar of RP
    RP says

    অসমত pre monsoon (মাৰ্চৰ পৰা মে) ঋতুত যথেষ্ট বৰষুণ হয়, গতিকে কেৱল বৰষুণ হোৱাক লৈ মৌচুমী অহা বুলি কব নোৱাৰি।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More