জাতীয় শ্বহীদ ভূপেন ডেকাৰ স্মৃতি জীপাল কৰি ৰাখিবলৈ বিগত ২২ বছৰে নিজে নাটক লিখি, পৰিচালনা আৰু মঞ্চস্থ কৰি দৃষ্টান্ত দাঙি ধৰিছে তেজপুৰৰ বন্ধু কৰুণা শইকীয়াই

ভূপেন ডেকাৰ সোঁৱৰণত ২৩ সংখ্যক আৰু "নাট্যশ্ৰী" ৰ ৮৬ সংখ্যক নাটক "ইতিহাস হ'বলৈ নিদিওঁ" ৰ শুভ মহুৰত সম্পন্ন

0 22

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ৭ফেব্ৰুৱাৰীঃ অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ শ্বহীদ তথা এসময়ৰ দক্ষ অভিনেতা ভূপেন ডেকাৰ তেজপুৰৰ সহপাঠী বন্ধু এগৰাকীয়ে বন্ধুৰ সোঁৱৰণত বিগত ২২ বছৰে নিজৰ জেপৰ ধনেৰে নাট মঞ্চস্থ কৰি এক বিশেষ দৃষ্টান্ত দাঙি ধৰি অহাৰ পিছত এইবাৰো অহা ২০ মাৰ্চত জাতীয় শ্বহীদ ভূপেন ডেকা স্মৃতি দিৱসৰ দিনটোত ২৩ সংখ্যক নাট মঞ্চস্থৰ বাবে কালি নিশাৰ পৰা পুনৰ সাজু হৈছে। উল্লেখ্য যে জাতীয় শ্বহীদ ভূপেন ডেকাৰ বন্ধু কৰুণা শইকীয়াৰ তৎপৰতাত গঢ়ি উঠা “নাট্যশ্ৰী” নামৰ নাট্যানুষ্ঠানটিয়ে ১৯৮৩ চনত এগৰাকী দক্ষ নাট্যশিল্পী তথা সদৌ অসম ছাত্ৰ সন্থাৰ তেজপুৰৰ খামিডাঠ যোদ্ধা ভূপেন ডেকা আততায়ীৰ হাতত শ্বহীদ হোৱাৰ পিছৰ বৰ্ষৰ পৰাই ২০ মাৰ্চৰ দিনটোত স্মৰণ কৰি অহাৰ পিছত বিগত ২২ বছৰে নাট্যশিল্পী কৰুণা শইকীয়াই নিজে একোখনকৈ নাট ৰচনা কৰি নিজে পৰিচালনা কৰি বন্ধুৰ স্মৃতি জীপাল কৰি আহিছে। এইবাৰ ২৩ সংখ্যক নাট মঞ্চস্থৰ বাবে কালি নিশা এক মাংগলিক পৰিৱেশত সম্পন্ন হয় মহুৰত অনুষ্ঠানৰ। অপেশাদাৰী নাট্যানুষ্ঠান “নাট্যশ্ৰী” ৰ জড়িয়তে অহা ২০ মাৰ্চৰ মঞ্চস্থ হ’ব লগা কৰুণা শইকীয়াৰ পূণাঙ্গ নাটক “ইতিহাস হ’বলৈ নিদিওঁ” শীৰ্ষক নাটকখনৰ কালি সন্ধিয়া তেজপুৰৰ বাম-পৰ্বতীয়াৰ শ্বহীদ ভূপেন ডেকা ৰঙ্গমঞ্চত বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য তথা দক্ষ নাট্যশিল্পী অচ্যুত শৰ্মাই বন্তি প্ৰজ্বলনেৰে মহুৰত অনুষ্ঠানৰ শুভাৰম্ভ কৰে। উল্লেখযোগ্য যে নিষ্ঠাবান তথা প্ৰচাৰ বিমুখ নাট্যশিল্পী কৰুণা শইকীয়াই বন্ধু শ্বহীদ ভূপেন ডেকাৰ স্মৃতিত ২৩ বছৰ জুৰি স্ব-ৰচিত নাটক স্থানীয় শিল্পীৰে একক আৰু ব্যতিক্ৰম ভাৱে সম্পন্ন কৰি অসম আন্দোলনৰ শ্বহীদ গৰাকীলৈ শ্ৰদ্ধা জনাই অহা ঘটনা বন্ধু প্ৰেমৰ এক উৎকৃষ্ট নিদৰ্শন হোৱাৰ লগতে সামাজিক দায়বদ্ধতাৰো উন্মেষ ঘটোৱা পৰিলক্ষিত হৈছে। ।তদুপৰি “নাট্যশ্ৰী”ৰ জৰিয়তে কৰুণা শইকীয়াই ধাৰাবাহিক ভাৱে চলাই থকা এই নাট্যনিবেদন ৮৬ সংখ্যক নাট্য মঞ্চায়ন হিচাবেও তেজপুৰৰ এক বিৰল নাট্য ইতিহাস হিচাপে পৰিগণিত হৈছে ।কালি নিশা এই নাট্য মহুৰত অনুষ্ঠানত উপস্থিত থাকি বাণ থিয়েটাৰৰ উপ সভাপতি, তথা জাতীয় শ্বহীদ ভূপেন ডেকাৰ সুহৃদ দিলীপ বৰা, শিশু সাহিত্যিক দিলীপ কুমাৰ বৰুৱা, নাট্যশিল্পী নৰেণ শইকীয়া, যোগেন পটঙ্গীয়া, অভিলাস শাৱৰ্ণি আদিয়েও বক্তব্য আগবঢ়ায়।নাট্যকাৰ পৰিচালক কৰুণা শইকীয়াই নিজৰ বক্তব্যত বন্ধু শ্বহীদ ভূপেন ডেকাৰ স্মৃতি চাৰণ কৰি নাটকৰ কাহিনী চমুকৈ দাঙি ধৰে আৰু নাটকখনি সকলো শিল্পী-কলাকুশলী আৰু দৰ্শকৰ সহযোগত সফল মঞ্চায়ন হ’ব বুলি আশা প্ৰকাশ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More