জাতীয় শিক্ষানীতি ২০২০ৰ দ্বাৰা ৰাজহুৱা শিক্ষা ব্যৱস্থাক ধ্বংসৰ চক্ৰান্তৰ বিৰুদ্ধে তেজপুৰত প্ৰতিবাদ

0 22

 

শতাব্দ প্ৰতিনিধি তেজপুৰ,২০এপ্ৰিল: জাতীয় শিক্ষা নীতি ২০২০ কাৰ্যকৰী কৰি ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংস কৰাৰ লগতে শিক্ষাৰ ব্যৱসায়ীকৰণৰ প্ৰক্ৰিয়া তীব্ৰতৰ কৰাৰ বিৰুদ্ধে আজি তেজপুৰতো প্ৰতিবাদ সাব্যস্ত কৰা হয় । উল্লেখযোগ্য যে, আজি ইয়াৰ বিৰুদ্ধে অল ইণ্ডিয়া ডি এছ অ’ৰ অসম ৰাজ্যিক কমিটিৰ আহ্বান মৰ্মে সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰতো “চৰকাৰী শিক্ষা বচাও দিৱস ” পালন কৰা হয়। তেজপুৰৰ আদালত পাঁ‌চআলিত সংগঠনটোৰ কৰ্মীসকল সমবেত হৈ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। দিনৰ ১২ বজাত প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে হাতে হাতে প্লেকাৰ্ড ফেষ্টুন লৈ  জাতীয় শিক্ষানীতি-২০২০ কাৰ্যকৰী কৰি ৰাজহুৱা শিক্ষা ব্যৱস্থাক ধ্বংস কৰাৰ চক্ৰান্ত বন্ধ কৰক, ৰাজ্যজুৰি চৰকাৰী শিক্ষা বচাওঁক দিৱস পালন কৰক, ৰাজহুৱা শিক্ষা ব্যৱস্থাক ধ্বংস কৰি দুখীয়া ঘৰৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ সুযোগ কাঢ়ি লোৱা নচলিব, অষ্টম শ্ৰেণীলৈকে পাছ – ফেইল প্ৰথা পুনৰ প্ৰৱৰ্তন আৰু পৰ্যাপ্ত শিক্ষক নিয়োগ কৰি ৰাজহুৱা শিক্ষাৰ মান উন্নত কৰক, ৰাজহুৱা শিক্ষা ব্যৱস্থা ৰক্ষাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰক, ৰাজহুৱা শিক্ষাৰ আন্তগাঁথনি উন্নত কৰাৰ ব্যৱস্থা কৰক, শিক্ষকসকলক অনা শৈক্ষিক কামত নিয়োগ কৰা বন্ধ কৰক ” আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে। বৰ্তমান চৰকাৰী ভাবে শিক্ষা ব্যৱস্থাটোক ধ্বংস কৰাৰ কুটিল চক্ৰান্ত কৰাৰ লগতে চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষকসকলৰ ওপৰত পাঠদানৰ পৰিৱৰ্তে আন বিষয়ৰ বিভিন্ন কামৰ দায়িত্ব অৰ্পণ কৰা কাৰ্যক তীব্ৰ বিৰোধিতা কৰি প্ৰতিবাদকাৰী সকলে শিক্ষাৰ ব্যৱসায়ীকৰণৰ সুযোগ দিয়া চৰকাৰেই ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংস কৰা বুলিও অভিযোগ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More