জাপানীজ এনকেফেলাইটিজ আৰু মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱকলৈ উদ্বিগ্ন স্বাস্থ্য বিভাগ

0 9
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৩ জুলাইঃ ৰাজ্যৰ কেইবাখনো জিলাত শেহতীয়াকৈ জাপানীজ এনকেফেলাইটিজ তথা উৎকট জ্বৰৰ লক্ষণযুক্ত ৰোগ আৰু মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি বিভাগীয় শীৰ্ষ বিষয়াসকলৰ সৈতে এখন জৰুৰী বৈঠকত মিলিত হয়। গুৱাহাটীস্থিত এন এইচ এমৰ ৰাজ্যিক কাৰ্যালয়ত মন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, এন এইচ এমৰ ৰাজ্যিক অভিযান সঞ্চালক ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মন, স্বাস্থ্যসেৱা সঞ্চালক (পৰিয়াল কল্যাণ) কমলজিৎ তালুকদাৰ, এন এইচ এমৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰীকে ধৰি বিভাগীয় বিষয়াসকল উপস্থিত থাকে। জাপানীজ এনকেফেলাইটিজ আৰু উৎকট জ্বৰৰ লক্ষণযুক্ত ৰোগ (জেই-এইএছ)ৰ লগতে মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱৰ বিষয়ে বৈঠকত বিস্তাৰিতভাৱে আলোচনা কৰি ইয়াৰ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগৰ ফালৰ পৰা প্ৰট’কল অনুসৰি সকলো কাৰ্যব্যৱস্থা গ্ৰহণ কৰাটো সুনিশ্চিত কৰিবলৈ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। জাপানীজ এনকেফেলাইটিজ আৰু উৎকট জ্বৰৰ লক্ষণযুক্ত ৰোগত আক্ৰান্তৰ জৰুৰী চিকিৎসাৰ বাবে বৰ্তমান প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়তে বিশেষ ব্যৱস্থা আছে যদিও জিলা চিকিৎসালয়সমূহতো এনে সন্দেহজনক জেই-এইই আৰু মেলেৰিয়াত আক্ৰান্তসকলৰ বাবে জৰুৰী চিকিৎসাসেৱা উপলব্ধ কৰোৱাৰ বাবে তাৎক্ষণিকভাৱে প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াসকলক দিহা দিয়ে। এই ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটা যিসমূহ জিলাত সদ্যহতে কোনো চিকিৎসা মহাবিদ্যালয়ৰ নাই, সেই জিলাসমূহৰ বাবে সংশ্লিষ্ট জিলা অসামৰিক চিকিৎসালয়ক জাপানীজ ‘ডেজিগনেটেড চিকিৎসালয়’ হিচাপে সাজু কৰিবলৈ বৈঠকত নিৰ্দেশ দিয়ে স্বাস্থ্যমন্ত্ৰীয়ে। এই ডেজিগনেটেড জিলা অসামৰিক চিকিৎসালয়সমূহত সংশ্লিষ্ট জিলাৰ সন্দেহযুক্ত এনকেফেলাইটিজ ৰোগীৰ সু-চিকিৎসাৰ বাবে চিকিৎসকৰ লগতে প্ৰয়োজনীয় সা-সুবিধা তাৎক্ষণিকভাৱে উপলব্ধ কৰাবলৈও বিভাগীয় বিষয়াসকলক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। জাপানীজ এনকেফেলাইটিজ, উৎকট জ্বৰ আৰু মেলেৰিয়াৰ উপৰি আজিৰ বৈঠকত ৰাজ্যৰ শেহতীয়া ক’ভিড পৰিস্থিতিকে ধৰি ৰাজ্যখনৰ ৰাজহুৱা স্বাস্থ্য সম্পৰ্কীয় শেহতীয়া সামগ্ৰিক পৰিস্থিতিৰো পৰ্যালোচনা কৰা হয়। ৰাজ্যত চলি থকা ক’ভিড টিকাকৰণ আৰু নিয়মীয়া টিকাকৰণ কাৰ্যসূচী আদিৰ অগ্ৰগতিও পৰ্যালোচনা কৰাৰ লগতে শেহতীয়া বানৰ পাছত বিভিন্ন অঞ্চলত উদ্ভৱ হোৱা ৰোগৰ প্ৰতিকাৰৰ বাবে জৰুৰী ব্যৱস্থা গ্ৰহণৰ বাবে বিষয়াসকলক মন্ত্ৰী মহন্তই নিৰ্দেশনা আগবঢ়ায়। ইফালে ৰাজ্যত জেই-এইইৰ প্ৰাদুৰ্ভাৱ সন্দৰ্ভত কাইলৈ জিলাসমূহৰ উপায়ুক্ত আৰু যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকসকলৰ সৈতেও স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এখন ভিডিঅ’ কনফাৰেন্স বৈঠকৰ অংশগ্ৰহণ কৰিব।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More