জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেক হত্যাঃ আততায়ী আটক

0 24

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ জুলাই : ৮ জুলাই শুকুৰবাৰে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেক গুলীয়াই হত্যা কৰা হয়। জাপানৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি তেওঁক পশ্চিম জাপানত গুলীয়াই হত্যা কৰা হৈছে। প্ৰাথমিক খবৰ অনুসৰি প্ৰথম অৱস্থাত তেওঁ আহত হয় যদিও পিছত মৃত্যু হয়। ঘটনাস্থলীত থকা এজন সাংবাদিকে বন্দুকৰ গুলীৰ শব্দ শুনা পায় আৰু লগে লগে আবেক ৰক্তাক্ত অৱস্থাত থকা দেখা পায়। ইতিমধ্যে আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। আবেক দুবাৰকৈ গুলিওৱা হৈছিল। দ্বিতীয়টো গুলীয়ে তেওঁৰ পিঠিত আঘাত কৰে। টকিঅ’ৰ প্ৰাক্তন গৱৰ্ণৰ যোইচি মাছুজোৱে এক টুইটযোগে কয় যে, ৬৭ বছৰীয়া আবেৰ কাৰ্ডিঅ’পালমোনাৰী এৰেষ্ট হৈ আছে। মৃত্যু আনুষ্ঠানিকভাৱে নিশ্চিত হোৱাৰ আগতে জাপানত এই শব্দটো প্ৰায়ে ব্যৱহাৰ কৰা হয়। কেবিনেট সচিব হিৰোকাজু মাটছুনোৱে কয়— “স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ১১:৩০ বজাত নাৰাটেত প্ৰাক্তন প্ৰধানমন্ত্ৰী আবেক গুলীয়াই হত্যা কৰা হৈছিল। বন্দুকধাৰীজনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। তেওঁক জিম্মাত লৈছে। এই সময়ত প্ৰাক্তন প্ৰধানমন্ত্ৰী আবেৰৰ অৱস্থাৰ বিষয়ে জানিব পৰা হোৱা নাই।” পুৱা ১১.৩০ বজাত অৰ্থাৎ ভাৰতীয় সময় অনুসৰি পুৱা ৮.২৯ বজাত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে আবেই নাৰা চহৰৰ ৰাজপথত ভাষণ দি আছিল। উল্লেখ্য যে, অহা ১০ জুলাইত হ’বলগীয়া সংসদীয় নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰ চলাই আছিল আবেই। শ্বিনজো জাপানী ৰাজনৈতিক পৰিয়ালৰ পৰা আহিছিল। প্ৰধানমন্ত্ৰী হিচাপে সৰ্বাধিক দীঘলীয়া কাৰ্যকালৰ অভিলেখ দখল কৰিছিল তেওঁ। ইয়াৰ পিছতে তেওঁ দীৰ্ঘদিনীয়া ৰোগৰ বাবে পদত্যাগ কৰাৰ সিদ্ধান্ত ঘোষণা কৰে। ২০০৮, ২০১৪, ২০১৫ আৰু ২০১৬ চনত তেওঁ ভাৰত ভ্ৰমণ কৰিছিল। ভাৰতৰ সৈতে জাপানৰ ঘনিষ্ঠ সম্পৰ্কত তেওঁৰ অৱদান উল্লেখযোগ্য।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More