জামুগুৰিহাটত ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপনৰ প্ৰস্তুতি  আৰম্ভ

0 130

জামুগুৰিহাট, ১৫ ডিচেম্বৰঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পকামূৰা পথাৰত ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপনৰ বাবে ব্যাপক প্ৰস্ততি আৰম্ভ হৈছে ৷ ভাওনাথলিৰ ভূমি উন্নয়ণৰ কাম কালি শোণিতপুৰ জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই  শুভাৰম্ভ কৰাৰ পিছত সম্প্ৰতি উদযাপন কমিটিখনৰ সকলোবোৰ উপ কমিটিয়ে নিজা নিজা দায়িত্ব নিয়াৰিকৈ পালন কৰা পৰিলক্ষিত হৈছে ৷ আজি দুপৰীয়া বাৰেচহৰীয়া ভাওনাৰ অস্থায়ী কাৰ্য্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত উদযাপন কমিটিৰ মুখপাত্ৰ নিতুমনি বৰাই কয় যে জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত পকামূৰা পথাৰত অহা মাৰ্চত মাহত অনুষ্ঠিত হব বাৰেচহৰীয়া ভাওনা মহোৎসৱ ৷ ইয়াৰ বাবে অতি প্ৰয়োজনীয় ১২৬ টা খোল,১২৬ টা নেগেৰা, ১২৬ যোৰ বৰ তাল আৰু ২১ টা ডবা ইতিমধ্যেই যোগাৰ কৰি কাৰ্য্যালয়ত জমা ৰখা হৈছে ৷ ইয়াৰ উপৰিও অন্যতম আকৰ্ষণীয় সিংহাসন (খটলা) ভাগ নিৰ্মাণৰ কাম প্ৰায় শেষ হৈছে ৷ বৰাই আৰু কয় যে দেশৰ ভিতৰতে একক বৃহৎ সামাজিক সাংস্কৃতিক অনুষ্ঠান হিচাপে পৰিচিত বাৰেচহৰীয়া ভাওনা মহোৎসৱ অহা ৬, ৭, ৮ আৰু ৯ মাৰ্চত অনুষ্ঠিত কৰা হব অৰ্থাৎ পূৰ্ব্বৰ তাৰিখেই বৰ্তমানলৈকে বাহাল ৰখা বুলি মুখপাত্ৰ গৰাকীয়ে আজি সংবাদমেলযোগে সদৰী কৰে ৷ ইয়াৰ উপৰি অহা ২৭ ডিচেম্বৰত জামুগুৰিহাটৰ ডেকাসুন্দৰ গাঁও নামঘৰত জামুগুৰি বাৰেচহৰীয়া ভাওনা উদযাপন সমিতি আৰু স্থায়ী কমিটিৰ এখন যুটীয়া সাধাৰণ সভাও আহ্বান কৰাৰ বিষয়ে জানিবলৈ দিয়ে প্ৰধান সম্পাদক জয়ন্ত বৰাই ৷ জামুগুৰিহাটস্থিত বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপন কমিটিৰ অস্থায়ী কাৰ্য্যালয়ত অনুষ্ঠিত সংবাদমেলখনত উদযাপন কমিটিৰ সাধাৰণ সম্পাদক জয়ন্ত বৰা আৰু সহকাৰী সাধাৰণ সম্পাদক প্ৰদীপ হাজৰিকা প্ৰমুখ্যে কেইবাগৰাকীও বিষয়ববীয়াই অংশগ্ৰহণ কৰে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More