জামুগুৰিহাটত পথ দুৰ্ঘটনাত থিতাতে নিহত দুই ভ্ৰাতৃ

0 23

জামুগুৰিহাট : ২৮ জুনঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ টুপীয়াৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে দুজনকৈ যুৱক নিহত হয় । জানিব পৰা মতে সোমবাৰে সন্ধিয়া ৮ মান বজাত পথত ৰৈ থকা এখন ট্ৰাকত খুন্দা মাৰি দুয়োজন বাইক আৰোহী নিহত হয় । প্ৰাপ্ত তথ্য মতে তেজপুৰৰ দিশৰ পৰা বিশ্বনাথ চাৰিআলি অভিমুখে আহি আছিল দুই বাইক আৰোহী । গ্লেমাৰখনৰ নম্বৰ AS-12-AA-0966 বুলি জানিব পৰা গৈছে । মৃত দুইগৰাকী জামুগুৰিহাটৰ শলগুৰি গাঁৱৰ মিন্টু শইকীয়া(২৩) আৰু বাবু শইকীয়া(২৫) বুলি জানিব পৰা গৈছে । প্ৰত্যক্ষদৰ্শীৰ মতে ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত ৰৈ থকা এখন ট্ৰাকত প্ৰচণ্ড জোৰেৰে খুণ্ডা মৰাৰ ফলতে এই ঘটনা ঘটে । জানিব পৰা মতে দুয়োজন ককাই-ভাই । নিজ পিতৃৰ বেমাৰৰ বাবে তেজপুৰৰ পৰা ঔষধ ঘৰলৈ আনি থকা অৱস্থাতে দুৰ্ঘটনাটো সংঘটিত হয় ‌।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More