জামুগুৰিহাটৰ পাতলৰচুকত ২৬৭ বছৰীয়া গৌৰৱোজ্জ্বল বোকাখচা ভাওনা

0 25

জামুগুৰিহাট, ২১ আগষ্টঃ ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষ্যে শুকুৰবাৰে নিশাৰ ভাগলৈকে হাজাৰ হাজাৰ বন্তিৰ পোহৰৰে আলোকিত হৈ থাকিল জামুগুৰিহাটৰ পাতলৰচুক গাঁওৰ নামঘৰ চৌহদ । দিনৰ ভাগত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তিপ্ৰাণ ৰাইজে শৰাই শলিতা নৈবেদ্য আগবঢ়াই নিজৰ মনোবাঞ্ছা পূৰণাৰ্থে ভাগৱানৰ আশিস লোৱাৰ পাছত নিশা শ্ৰীকৃষ্ণৰ জন্মযাত্ৰাৰ নাটভাগ মঞ্চস্থ হোৱাৰ পাছত শনিবাৰে বিয়লিৰ ভাগত অনুষ্ঠিত হয় নন্দোৎসৱ তথা বোকাখচা ভাওনা । বুঢ়া নন্দই পুত্ৰ লাভ কৰাৰ আনন্দত গকুলত যি নন্দোৎসৱৰ সৃষ্টি হয় সেই পৰিবেশকে প্ৰতীকী অৰ্থত দেখুৱাবলৈ নামঘৰ চৌহদত আয়োজন কৰা নন্দোৎসৱ তথা বোকাখচা ভাওনা ধাৰাবাহিকভাৱে ২৬৭ বছৰ ধৰি জামুগুৰিহাটৰ পাতলৰচুক গাঁৱৰ ৰাইজে সম্পূৰ্ণ ধৰ্মীয় ৰীতিনীতিৰে পালন কৰি আহিছে । গাঁওবাসী ৰাইজে এইবাৰো আয়োজন কৰা এই ভাওনা চাবলৈ দূৰদৰণিৰ পৰা যথেষ্ট লোকৰ সমাগম হয় । ৰাইজৰ বিশ্বাস – বোকাখেচা ভাওনাৰ পংকৰ ফোট ললে মানুহৰ মনোবাঞ্ছা পূৰণ হয় । বোকাখেচা ভাওনাক লৈ ইতিমধ্যে একসপ্তাহ আগৰ পৰাই গাঁওখনত এক উদুলিমুদুলি পৰিবেশৰ সৃষ্টি হয় ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More