জিএইএফে পিৰো স্পেচ মেটাভাৰ্ছত মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম বাৰ্ষিকী আয়োজন কৰে

কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু নিউজ লাইভৰ ছায়ামণি ভূঞাই মেটাভাৰ্ছত অংশগ্রহণ কৰে

0 29

ৱাছিংটন ডি চি, আমেৰিকা, ৬ ডিচেম্বৰ : গোলকীয় অসমীয়া উদ্যমিতা মঞ্চ (GAEF, www.gaefnortheast.org)ৰ উদ্যোগত মেটাভাৰ্ছত মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম বাৰ্ষিকী আয়োজন উদযাপন কৰা হয়। এই ভাৰ্চুৱেল অনুষ্ঠানত প্রৱাসী অসমীয়া আৰু সমগ্ৰ বিশ্বৰ বহু শীৰ্ষ আমোলা, ৰাজনীতিবিদ, বিজ্ঞানী, উদ্যোগী আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্রহণ কৰে। সমগ্ৰ দেশতে মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম বাৰ্ষিকী উদযাপন কৰাৰ সময়তে ৪ ডিচেম্বৰত পাইৰ’স্পেচ মেটাভাৰ্ছত জিএইএফে মহান যোদ্ধাগৰাকীক এক অনন্যভাৱে শ্ৰদ্ধাঞ্জলি জনায়। অসমৰ হাৰ্টথ্ৰব, কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু ‘নিউজ লাইভ’ৰ জ্যেষ্ঠ কাৰ্যবাহী সম্পাদক ছায়ামণি ভূঞা অনুষ্ঠানটোৰ মূল আকৰ্ষণ আছিল আৰু প্ৰথমবাৰৰ বাবে তেওঁলোকে আনুষ্ঠানিকভাৱে মেটাভাৰ্ছত দৰ্শকক সম্বোধন কৰে। এই অনুষ্ঠানৰ আয়োজক আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনস্থিত জিএইএফৰ সাধাৰণ সম্পাদক অঞ্জনা বৰদলৈয়ে কয়— “বীৰ লাচিত বৰফুকন সকলো অসমীয়াৰ বাবে গৌৰৱ। লাচিত বৰফুকন আছিল আহোম ৰাজ্যৰ এজন মহান সেনাপতি যিয়ে কেইবাবাৰো মোগল সাম্ৰাজ্যৰ আগ্ৰাসনক প্ৰতিহত কৰিছিল।” ‘নিউজ লাইভ’ৰ জ্যেষ্ঠ কাৰ্যবাহী সম্পাদক ছায়ামণি ভূঞাই অসমৰ উদ্যোগীৰ সৈতে সহযোগিতা কৰাৰ মঞ্চ প্ৰদানৰ বাবে জিএইএফৰ প্ৰচেষ্টা অসমৰ উন্নতিৰ বাবে তাৎপৰ্যপূৰ্ণ বুলি মত প্ৰকাশ কৰে।

GAEF hosted a first of its kind 400th Birth Anniversary of Mahabir Lachit Barphukan in the Piro Space Metaverse

গায়ক জুবিন গাৰ্গে কয়— “লাচিত বৰফুকনে সৰু সৰু প্ৰদেশক একত্ৰিত কৰি এক ঐক্যবদ্ধ আহোম ৰাজ্য গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল।” এই অনন্য পদক্ষেপৰ ওপৰত ভাষণ দি পিৰো স্পেচ মেটাভাৰ্ছৰ সহ-প্ৰতিষ্ঠাপক মিষ্টাৰ কপিল জৈনে কয়— “লাচিত বৰফুকনৰ যোদ্ধাত্ব আৰু অৱদানক সন্মান জনাই পিৰো স্পেছে মেটাভাৰ্ছ উদযাপনৰ আয়োজন কৰি গৌৰৱ অনুভৱ কৰিছে। এই অনুষ্ঠানত সমগ্ৰ বিশ্বৰ প্রৱাসী অসমীয়াসকলৰ লগতে অসমৰ বিভিন্ন অঞ্চলৰ পৰাও অংশগ্ৰহণ কৰে।” জিএইএফৰ সৈতে এই অংশীদাৰিত্ব মেটাভাৰ্চক সকলোৰে বাবে সুলভ কৰি তোলাৰ এই অভিযানৰ ধাৰাবাহিকতা থাকিব বুলি কয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More