জিলা পৰিষদৰ সৌজন্যত তিনিচুকীয়াত বিশ্ব পৰিৱেশ দিৱস উদযাপন

0 20
শতাব্দ বিশেষ প্ৰতিনিধি, ৫ জুনঃ আজি ৫ জুনত সমগ্ৰ বিশ্বৰ লগতে তিনিচুকীয়াত তিনিচুকীয়া জিলা পৰিষদৰ সৌজন্যত দিনজোৰা কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে পুৱা হলৌ বান্দৰৰ বাবে বিখ্যাত বাৰেকুৰি অঞ্চলত স্থানীয় ৰাইজৰ সহযোগত গছপুলি ৰোপণ কৰা হয়। দিৱস উপলক্ষে তিনিচুকীয়া জিলা পৰিষদৰ সভাগৃহত এখন মুকলি সভাৰ আয়োজন কৰা হয়। সভাত সভাপতিত্ব কৰে জিলা পৰিষদৰ সভাপতি আৰ এন কৈৰীয়ে। দিৱসটিৰ তাৎপৰ্য ব্যাখ্যা কৰে প্ৰকৃতিপ্ৰেমী তথা বন্যপ্ৰাণী সংৰক্ষণৰ লগত জড়িত স্বেচ্ছাসেৱক সঞ্জয় দাসে। দিৱসটিৰ লগত জড়িত বিষয়সমূহৰ ওপৰত বিস্তূত আলোচনা আগবঢ়াই লেখক ৰাণু বৰুৱা, জ্যেষ্ঠ সাংবাদিক হীৰা ফুকনে। অনুষ্ঠানটোৰ উল্লেখযোগ্য কাৰ্যসূচী আছিল বাৰেকুৰিৰ হলৌ বান্দৰৰ সংৰক্ষণৰ ওপৰত নিৰ্মাণ কৰা ‘Planet Defender’ নামৰ এখন তথ্যচিত্ৰৰ প্ৰদৰ্শন। উল্লেখযোগ্য যে, বাৰেকুৰিৰ গ্ৰীণ হেটে প্ৰযোজনা আৰু অস্বিকা কাপুৰে নিৰ্মাণ কৰা এই তথ্যচিত্ৰ খনে গ্ৰীণ অ’স্কাৰ বঁটা লাভ কৰিছিল। অনুষ্ঠানত উপস্থিত থাকি অস্বিকা কাপুৰে বন্যপ্ৰাণীৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণ সম্পৰ্কত নিজৰ অভিজ্ঞতা উপস্থিত ৰাইজৰ লগত মত বিনিময় কৰে। অনুষ্ঠানত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া এম বৰদলৈ, উপ-সভাপতি শ্ৰীমতী হিৰণ্য দেৱী বৰুৱাকে প্ৰমুখ্য কৰি তিনিচুকীয়া জিলাৰ বিভিন্ন আঞ্চলিক আৰু গাঁও পঞ্চায়তৰ বিষয়-ববীয়াসকল উপস্থিত থাকে। অনুষ্ঠানত বাৰেকুৰিৰ হলৌ বান্দৰৰ সংৰক্ষণৰ ক্ষেত্ৰত ওতঃপ্ৰোতভাৱে জড়িত দিপ্লৱ চুতীয়াক সম্বৰ্ধনা জনোৱা হয়।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More