জি-২০ সন্মিলনৰ লগত সংগতি ৰাখি তিনিচুকীয়াত বিভিন্ন কাৰ্যসূচীৰ আয়োজন

0 22

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৩ জানুৱাৰী : ‘বসুধৈৱ কুটুম্বকম’ অৰ্থাৎ এখন পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যতক আদৰ্শ হিচাপে লৈ ভাৰতবৰ্ষই এইবাৰ জি-২০ সন্মিলনৰ অধ্যক্ষতা কৰিছে ৷ এই জি-২০ সন্মিলনৰ অংশস্বৰূপে অসমৰ গুৱাহাটী আৰু ডিব্ৰুগড়ত অনুষ্ঠিত হব ৫ খনকৈ বৈঠক ৷ সন্মিলনৰ লগত সংগতি ৰাখি ৰাজ্যৰ প্ৰতিখন জিলাতে বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে ৷ বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে যুৱ প্ৰজন্মক আগন্তক জি-২০ সন্মিলনৰ সৈতে জড়িত কৰাৰ উদ্দেশ্যে তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত বিদ্যালয় তথা মহাবিদ্যালয়সমূহৰ সহযোগিতাত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ জি-২০ সন্মিলনৰ কাৰ্য্যসূচীসমূহ ৰূপায়নৰ বাবে তিনিচুকীয়া মহাবিদ্যালয়ক নডেল কলেজ হিচাপে নিযুক্ত কৰা হৈছে ৷ সেই অনুসৰি ২৫ জানুৱাৰীত তিনিচুকীয়া মহাবিদ্যালয়ৰ উদ্যোগত চাইকেল ৰেলী, ২৭ জানুৱাৰীত জি-২০ শীৰ্ষক কৰ্মশালাৰ আয়োজন কৰা হৈছে ৷ উভয় কাৰ্যসূচীৰ আয়োজক তিনিচুকীয়া মহাবিদ্যালয়৷ ২৮ জানুৱাৰীত ’The Growing Population in G-20 Nations is not a threat for it’s development’ শীৰ্ষক বিষয়ৰ ওপৰত তৰ্ক প্ৰতিযোগিতা আৰু ’G-20, NEP-2020, Sustainable Development Goals, Youth Development’ আদি বিভিন্ন বিষয়ৰ ওপৰত কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হ’ব ৷ উক্ত প্ৰতিযোগিতাৰ আয়োজক ডুুমডুমা মহাবিদ্যালয়৷ ৫ ফেব্ৰুৱাৰীত এখন ম’ক পাৰ্লিয়ামেন্ট অনুষ্ঠিত কৰা হ’ব ৷ তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ে আয়োজন কৰা এই ম’ক পাৰ্লিয়ামেন্টত অতি কমেও দুখনকৈ দেশৰ প্ৰতিনিধিত্বৰে জিলাখনৰ প্ৰতিখন মহাবিদ্যালয়ৰ পৰা ছাত্ৰ-ছাত্ৰীৰ দলে অংশগ্ৰহণ কৰিব ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More