জি-২০ সন্মিলনৰ লগত সংগতি ৰাখি তিনিচুকীয়াত ম’ক পাৰ্লিয়ামেন্ট

0 10

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৬ ফেব্ৰুৱাৰী : জি-২০ সন্মিলনৰ লগত সংগতি ৰাখি তিনিচুকীয়াৰ বাণিজ্য মহাবিদ্যালয়ত দেওবাৰে ম’ক পাৰ্লিয়ামেন্ট অনুষ্ঠিত কৰা হয় ৷ এই ম’ক পাৰ্লিয়ামেন্ট কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে তিনিচুকীয়াৰ অতিৰিক্ত উপায়ুক্ত সুশান্ত দত্ত ৷ বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা কাৰ্য্যসূচীত তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° চৈতন্য বৰা, মহাবিদ্যালয়খনৰ এছ’চিয়েট লাইব্ৰেৰীয়ান ড° এচ এন নাথ প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷ জিলাখনৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ২০খন দেশক প্ৰতিনিধিত্ব কৰি এই ম’ক পাৰ্লিয়ামেন্ট কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ ম’ক পাৰ্লিয়ামেন্টত তিনিচুকীয়া মহাবিদ্যালয়ৰ বাগ্মীতা দাস আৰু মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ সমীৰ ৰিমালক প্ৰথম শ্ৰেষ্ঠ বক্তাৰ বঁটা প্ৰদান কৰা হয় । জি-২০ সন্মিলনৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত সুদীপ্ত চক্ৰৱৰ্তীয়ে আহ্বায়ক হিচাপে দায়িত্ব পালন কৰে । তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° চৈতন্য বৰাই আদৰণি ভাষণ আগবঢ়াই জলবায়ু পৰিৱৰ্তন, বিত্তীয় সংকট তথা সমগ্ৰ পৃথিৱীয়ে বিশেষকৈ জি-২০ ৰাষ্ট্ৰ সমূহে সন্মুখীন হোৱা অন্যান্য বিভিন্ন সমস্যাৰ ওপৰত আলোকপাত কৰে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More