জীয়াভৰলীৰ প্ৰৱল খহনীয়াত জাহ গ’ল তেজপুৰ বিশ্ববিদ্যালয় সুৰক্ষাৰ জিঅ’ বেগ আঁচনি

শৈলস্পাৰৰ ৮৫শতাংশও নিঃশেষ

0 33

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৬অক্টোবৰ: ৰঙাপৰা বিধানসভা সমষ্টিৰ চামধৰা গাঁও পঞ্চায়ত অন্তৰ্গত অঞ্চলত জীয়াভৰলী নৈৰ প্ৰৱল খহনীয়াই কাষৰীয়া অঞ্চল সমূহলৈ বিপৰ্যয় কঢ়িয়াই আনিছে৷ ধাৰাবাহিকভাবে গৰাখহনীয়া অব্যাহত থকাত কোৰকানি, বিহিয়াগাঁও, চামধৰা আৰু নতুন বস্তি অঞ্চল জীয়াভৰলীত জাহ যোৱাৰ উপক্ৰম হৈছে যদিও বৰ্তমানলৈকে ইয়াত কোনো প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই৷ এই অঞ্চলত অব্যাহত গৰাখহনীয়াক লৈ স্হানীয় বিধায়ক কৃষ্ণ কমল তাঁতিয়েও উদাসীন ভূমিকা পালন কৰা বুলি অভিযোগ উত্থাপন হৈছে৷ প্ৰনিধানযোগ্য যে,যোৱা সময়চোৱাত অব্যাহত এই খহনীয়া কালিৰে পৰা বৃদ্ধি পোৱাত নৈপৰীয়া ৰাইজ আতংকিত হৈ পৰিছে৷  গৰাখহনীয়াৰ ফলত ২০১৩-১৪ত জলসম্পদ বিভাগে নিৰ্মাণ কৰা তেজপুৰ বিশ্ববিদ্যালয় সুৰক্ষা বান্ধ নামৰ কেবাকোটি টকীয়া জিঅ’ বেগ আঁচনিখন সম্পূৰ্ণৰূপে জীয়াভৰলীত জাহ গৈছে৷ উল্লেখযোগ্য যে,ইয়াৰ লগতে এই বান্ধৰ সুৰক্ষাৰ বাবে থকা দুটাকৈ শৈল স্পাৰৰ ভিতৰত এক নম্বৰ শৈল স্পাৰৰ ৮৫শতাংশ জাহ গৈছে জীয়াভৰলীত৷ যোৱা সময়চোৱাত ইয়াত খহনীয়া অব্যাহত থকাৰ বিপৰীতে ৰাইজে এই খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগৰ প্ৰতি আহ্বান জনাই আহিছিল য’দিও এই ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নহ’ল৷ এনে অৱস্থাত জিঅ’বেগ আঁচনিখনৰ বৃহৎ অংশ জীয়াভৰলীত জাহ যোৱাৰ পাছত যোৱা দুদিন ধৰি হোৱা বৰষুণৰ ফলত খহনীয়াৰ মাত্ৰা অধিক বৃদ্ধি পাই আৰু জিঅ বেগ আঁচনিখনৰ অৱশিষ্ট অংশও জাহ যায়৷ এতিয়া শৈলস্পাৰৰ এটাৰো অধিকাংশই জাহ যোৱাৰ পাছত নৈপৰীয়া অঞ্চলকেইটাত হাঁহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ ইতিমধ্যেই বহু পৰিমাণৰ কৃষিভূমি জাহ যোৱা এই খহনীয়াই ভৱিষ্যতে তেজপুৰ বিশ্ববিদ্যালয়ৰ লগতে তেজপুৰৰ বহু অংশলৈ বিপৰ্যয় কঢ়িয়াই অনাৰ আশংকা বৃদ্ধি পাইছে৷ ইপিনে এই খহনীয়াৰ প্ৰকোপ নতুনকৈ নিৰ্মাণ হৈ থকা চাৰিশৰীয়া পথৰ বাবে অধিক বৃদ্ধি পোৱা বুলিও অভিযোগ কৰিছে ৰাইজে

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More