জীয়াভৰলীৰ ৫০বছৰীয়া দলং বিধ্বস্তপ্ৰায়

যিকোনো মুহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা প্ৰকট

0 23

শতাব্দ প্ৰতিনিধি তেজপুৰ,৪মে’: জীয়াভৰলী নৈৰ ওপৰত থকা একমাত্ৰ দলংখনৰ সাম্প্ৰতিক অৱস্থাই বহু লোককে উদ্বিগ্ন কৰিছে । ১৯৬২ ত শোণিতপুৰৰ খনামুখ আৰু টৌভঙাৰ মাজত ১৫নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথক সংযোগ কৰা জীয়াভৰলীৰ এই দলংখন নিৰ্মাণ কৰা হৈছিল । বৰ্তমান প্ৰায় ৫০বছৰীয়া দলংখনৰ ওপৰৰে অতিক্ৰম কৰা যানবাহনৰ সংখ্যা বৃদ্ধি পাইছে । তদুপৰি পূৰ্বৰ তুলনাত এইখন দলঙৰ ওপৰৰে পাৰ হয় বহু গধুৰ যান বাহন । প্ৰতিৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আৰু শোণিতপুৰৰ এটা অংশৰ লগতে বিশ্বনাথ, লখিমপুৰ, ধেমাজি, জোনাইকে ধৰি অৰুণাচল প্ৰদেশৰ বাবেও যোগাযোগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ এই দলংখনৰ বৰ্তমানৰ বিধ্বস্ত অৱস্থাই স্বাভাৱিকতে গুৰুত্বপূৰ্ণ দলংখনৰ স্থায়িত্বকলৈয়েই আশংকা বৃদ্ধি কৰিছে । ইতিমধ্যেই দলংখনে পূৰ্বৰ বহন ক্ষমতা হেৰুৱাই পেলোৱা বুলি চৰ্চিত হৈছে । প্ৰণিধানযোগ্য যে,দলংখনৰ প্ৰতিটো খুঁটাৰ সংযোগী অংশত লোহাৰ পাটী ব্যৱহাৰ কৰা হৈছিল । সেই পাটী সমূহ বৰ্তমান সোলোকঢোলোক হৈ পৰাৰ লগতে এই অংশ সমূহৰ মাজত ব্যৱধানৰো সৃষ্টি হৈছে । তদুপৰি দলং খনৰ বহু অংশত প্ৰকাণ্ড গাঁত থকাত যাতায়াতৰ ক্ষেত্ৰত বহু সমস্যাৰ উদ্ভৱ হোৱাৰ লগতে ভালেমান দুৰ্ঘটনাও সংঘটিত হৈছে । দুৰ্বল হৈ পৰা গুৰুত্বপূৰ্ণ দলংখনৰ এনে অৱস্থাৰ বিপৰীতে পূৰ্বে ৰাইজে অৱৰোধ কৰি দলংখনৰ উপযুক্ত মেৰামতি কৰাৰো দাবী জনাইছিল । কিন্তু সাধাৰণ মেৰামতিৰেই কাম সামৰাৰ পিছত এতিয়া পুনৰ দলংখনৰ শোচনীয় অৱস্থা আৰু দৈনিক বহু অধিক ওজনৰ বাহন তথা সামগ্ৰী পৰিবহণ হোৱা দলংখনৰ বিপজ্জনক অৱস্থাৰ প্ৰতি গড়কাপ্তানি বিভাগে বিশেষ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে । আনকি দলংখন পূৰ্বতকৈ সামান্য বহি যোৱা বুলিও স্থানীয় একাংশ লোকে প্ৰকাশ কৰিছে। জীয়াভৰলীৰ ওপৰত তেজপুৰ জামুগুৰি সংযোগী দ্বিতীয়খন দলঙৰ নিৰ্মাণ চলি থকাৰ বিপৰীতে এইখন দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’বলৈ যথেষ্ট সময় ল’ব । কিন্তু প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো অতিশয় গুৰুত্বপূৰ্ণ পুৰণা দলংখনৰ শোচনীয় অৱস্থা সত্বেও চৰকাৰী সংশ্লিষ্ট বিভাগে সামান্যতম গুৰুত্ব প্ৰদান নকৰাটো এক ৰহস্যজনক বিষয় হৈ উঠিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More