জীৱনদায়িনী ঔষধৰ মূল্যবৃদ্ধিত দিশাহাৰা সাধাৰণ জনতা

কি ঔষধৰ কিমান দাম বাঢ়িল

0 16

৮০ শতাংশ ঔষধৰ দাম গড়ে ১৮ শতাংশলৈ বৃদ্ধি পাইছে। জীৱনদায়িনী ঔষধৰ অভাৱনীয় মূল্য বৃদ্ধিয়ে সাধাৰণ জনতাক দিশাহাৰা কৰি তুলিছে। সকলোতে মূল্যবৃদ্ধিৰ প্ৰভাৱ পৰাত সাধাৰণ লোকৰ জীৱন চকৰি যেন স্তব্ধ হৈ পৰিছে। ‘মেনেজ’ কৰি চলিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। সাধাৰণ কাহ-চৰ্দিৰ পৰা আৰম্ভ কৰি ৰক্তচাপ, মধুমেহ আদি ৰোগৰ ঔষধৰ দামো ২০ শতাংশলৈ বৃদ্ধি হৈছে।

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৭ মে’ : অত্যাৱশ্যকীয় প্ৰতিবিধ সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সর্বসাধাৰণ ৰ‍াইজক দিশহাৰা কৰি তোলাৰ সময়তে এইবাৰ জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি হৈছে। প্রায় প্রতিদিনে নিত্য প্ৰয়োজনীয় খাদ্য-সামগ্ৰীৰ দাম বৃদ্ধি পাই থকাৰ সময়তে এইবাৰ ঔষধৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ ওপৰত ৰামটাঙোন সোধাইছে। কাহ-জ্বৰ, ৰক্তচাপ, মধুমেহকে ধৰি প্ৰায় প্রতিবিধ ৰোগৰ ঔষধৰ দাম ১৫ ৰ পৰা ২০ শতাংশলৈ বৃদ্ধিৰে সকলোকে চিন্তিত কৰি তুলিছে। উল্লেখ্য যে এক এপ্রিলৰ পৰা অত্যাৱশ্যকীয়, জীৱন ৰক্ষাকাৰী ঔষধৰ দাম বৃদ্ধি হ’ব বুলি ভাৰতীয় ৰাষ্ট্ৰীয় ফার্মাচিউটিকেল মূল্য নির্ধাৰণ কৰ্তৃপক্ষই ঘোষণা কৰিছিল। সংস্থাটোৱে ১০.৭ শতাংশ মূল্যবৃদ্ধিৰ সম্ভাৱনাৰ কথা ঘোষণা কৰিছিল যদিও এনে সম্ভাৱনাক অধিক উদ্বিগ্ন কৰি এপ্রিল মাহৰ শেষ সময়ছোৱাতে প্রায় প্রতিবিধ ঔষধৰ দাম ২০ শতাংশলৈ বৃদ্ধি পোৱাত সাধাৰণ ৰাইজৰ বাবে এক চিন্তাৰ কাৰণ হৈ পৰিছে। যি সময়ত ইন্ধনকে ধৰি খাদ্য-সামগ্ৰীৰ দামবৃদ্ধিয়ে মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালৰ মাজত হাহাকাৰ সৃষ্টি কৰিছে সেইসময়ত ভূতৰ ওপৰত দানহ পৰাদি ঔষধৰ মূল্যবৃদ্ধিয়ে একপ্ৰকাৰ অচলাৱস্থাৰ সৃষ্টি কৰিছে। মন কৰিবলগীয়া যে ঔষধৰ বজাৰত সাধাৰণ জ্বৰৰ ঔষধৰ দাম ২০ শতাংশলৈ বৃদ্ধি পাইছে। কেৱল সেয়াই নহয় সাধাৰণ কাহ-চৰ্দি, ৰক্তচাপ আৰু মধুমেহ ৰোগৰ ঔষধৰ দামো ২০ শতাংশলৈ বৃদ্ধি হৈছে। একেদৰে সকলো ভিটামিনৰ দাম ১৫ শতাংশকৈ বৃদ্ধি পাইছে। মধুমেহত আক্রান্ত ৰোগীৰ অতি প্রয়োজনীয় গ্লাইক’মেট-৫০০ৰ দাম ৯৫ টকাৰ পৰা ১২৫ টকালৈ বৃদ্ধি কৰা হৈছে। সেইদৰে লিভাৰৰ বাবে ব্যৱহাৰ হৈ থকা ইউডিলিভৰ দাম ৬৪১ৰ পৰা ৬৯৪ টকালৈ বৃদ্ধি পাইছে। আনহাতে ইনছুলিন লৈ থকা ৰোগীসকলৰ বাবেও এই দামবৃদ্ধিয়ে আনিছে বেয়া খবৰ। ইনছুলিনৰ দাম ১০ শতাংশকৈ বৃদ্ধি পাইছে। একেদৰে ৰক্তচাপ ৰোগীৰ প্ৰতিবিধ ঔষধৰ দাম ১০ শতাংশকৈ বৃদ্ধি পাইছে। নভমিক্স-৩০ পেনফিলৰ দাম ৭৩০ টকাৰ পৰা ৭৭৪ টকালৈ বৃদ্ধি পাইছে। একেদৰে কিডনীজনিত ৰোগৰ ঔধষৰ দামো ১০ শতাংশৰ পৰা ১৫ শতাংশলৈ বৃদ্ধি পাইছে। পান-ডি একোটা টেবলেটৰ দাম ১০ টকাৰ পৰা বৃদ্ধি হৈ ১২.৫০ টকা হৈছেগৈ। সেইদৰে কাহৰ ঔষধৰ দামো ১৫ শতাংশলৈ বৃদ্ধি পাইছে। গৰমৰ এই সময়ছোৱাত সাধাৰণ লোকে সেৱন কৰা একোটা অ’ আৰ এছৰ দাম ৪০ৰ পৰা ৪২ টকালৈ বৃদ্ধি হৈছে। জীৱনদায়িনী ঔষধৰ এনে অভাৱনীয় মূল্য বৃদ্ধিয়ে সাধাৰণ জনতাক দিশহাৰা কৰি তুলিছে। সকলোতে মূল্যবৃদ্ধিৰ প্ৰভাৱ পৰাত সাধাৰণ লোকৰ জীৱন চকৰি যেন স্তব্ধ হৈ পৰিছে। ‘মেনেজ’ কৰি চলিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। গুৱাহাটীৰ পাণবজাৰৰ পাইকাৰী ঔষধ বিক্ৰেতাসকলৰ মতে ৮০ শতাংশ ঔষধৰ দাম গড়ে ১৮ শতাংশকৈ বৃদ্ধি পাইছে। আনহাতে এই মূল্য হ্রাস পোৱাৰ সম্ভাৱনা নাই বুলি তেওঁলোকে জনাইছে। মূল্যবৃদ্ধিৰ এনে অৱস্থাত সাধাৰণ ৰাইজে খাদ্য-সামগ্রী ক্রয়ৰ চিন্তা কৰিবনে, পৰিয়ালৰ অসুস্থ সদস্যক সুস্থ কৰাৰ বাবে ঔষধ ক্রয় কৰাৰ কথা চিন্তা কৰিব। এক অত্যন্ত জটিল পৰিস্থিতিৰ সন্মুখীন হৈছে সাধাৰণ লোক। ইফালে মূল্যবৃদ্ধিৰ ক্ষেত্রত চৰকাৰে নীৰৱতা অৱলম্বন কৰাৰ লগতে একাংশ জনপ্ৰতিনিধি তথা নেতাই মূল্যবৃদ্ধিৰ প্ৰসংগত অদ্ভুত যুক্তি দাঙি ধৰিছে। মুঠতে ৰাইজক সংকটমুক্ত কৰাৰ বাবে চৰকাৰখনে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More