তৃষ্ণা বৰগোহাঁই
স্কুল-কলেজ-ইউনিভাৰ্চিটিৰ আনুষ্ঠানিক শিক্ষা সামৰাৰ পিছতো আমাৰ কোনোবা শিক্ষক থাকেনে বা থাকিব পাৰেনে? শিক্ষক দিৱসৰ সমাগত দিনবোৰত এই প্ৰশ্নটো মই প্ৰায়েই নিজকে সুধি চাওঁ ! গোটেই জীৱনটোকেই যদি আমি পাঠশালা বুলি ভাবি লওঁ, তেন্তে আমাৰ যে কিমান শিক্ষক ! জীৱনৰ শিক্ষক ! যি পলে পলে আমাৰ জীৱনটোক চলাই নিবলৈ আৱশ্যকীয় আবেগ-অনুভূতিবোৰক, মানসিক প্ৰস্তুতিবোৰক ভাঙে-গঢ়ে, নতুন সাঁচ দিয়ে, আৰিয়া ধৰি বাট দেখুৱায় । আপোনাৰো আছেনে বাৰু তেনে কোনো জীৱনৰ শিক্ষক ?
এৰা ! জীৱনৰ শিক্ষক ! মোৰ জীৱনৰ এই শিক্ষকসকল পিছে তেজ-মঙহৰ শিক্ষক নহয়, সেইবোৰ কিছুমান দৃশ্য । –কিছুমান প্ৰিয় হৈ পৰা কিতাপৰ আৰু আনবোৰ সাঁচ বহুৱাই থৈ যোৱা চিনেমাৰ ।
দৃশ্য- ১
কণমানি ল’ৰাটোৱে গাখীৰৰ গিলাচটো চপচপীয়াকৈ ভৰ্ত্তি নহ’লে বেয়া পায়, সেয়ে সি আধালৈকে থকা গাখীৰৰ গিলাচটোত অলপ পানী ঢালি দিয়ে আৰু তাৰ পিছত সেইটো ভৰ্তি হৈ পৰিলে লাহে লাহে গাখীৰ খিনি পি খায় !
বহু দিনৰ আগতে চোৱা জাহ্নু বৰুৱাৰ সাগৰলৈ বহু দূৰ চিনেমাৰখনৰ এই দৃশ্যটোৰ বাহিৰে এতিয়া আৰু কাহিনীটোৰ একোকে মনত নপৰে ! কিয় সেই দৃশ্যটো মনত দাগ কাটি ৰৈ গ’ল ? কাৰণ দৃশ্যটো মোৰ বাবে জীৱনৰ শিক্ষক ! জীৱনৰ অপূৰ্ণ গিলাচটো ভৰাই লৈ জীৱনটো উপভোগ কৰিবলৈ সি যে শিকাই গ’ল !
দৃশ্য- ২
মাতৃ এগৰাকীয়ে তেওঁৰ সন্তান দুটিক শোৱাবলৈ লৈ সিহঁতৰ টোপনি আনিবলৈ কিবা কাহিনী এটা কৈ আছে, এই নিদ্ৰাই হয়তো সিহঁতৰ শেষ নিদ্ৰা, ইতিমধ্যে সিহঁত যাত্ৰী হিচাপে থকা জাহাজখনৰ তলৰ অংশ সমুহ ডুবি আহিছে । মৃত্যু সন্নিকট বুলি জানিও কণমানি সন্তানক শংকাৰ ভাগ নিদিয়া মাতৃ গৰাকী মোৰ দুচকুত বিজয়ীনী । তেওঁ মোৰ আন এক শিক্ষক, যি মোক প্ৰতিটো মুহূৰ্তৰ বাবে নিজৰ ভাগত আহি পৰা দায়িত্বটোকেই আটাইতকৈ গুৰুত্ব দি পালন কৰিবলৈ শিকনি দি যায় ! আৰু সেই মৃত্যু ভয় তুচ্ছ কৰি বেহেলাত সুৰ তোলা যাত্ৰী কেইজন ! তেওঁলোকো যেন একোজন মূৰ্তমান যুঁজাৰু ! জীৱনৰ শিক্ষক ।
দৃশ্য- ৩
তৃতীয় দৃশ্যটো এখন প্ৰিয় কিতাপৰ !
কিতাপখন বিনোদ কুমাৰ শুক্লাৰ সাহিত্য অকাডেমীৰে সন্মানিত -“দিৱাৰ মে এক খিৰিকী ৰেহতী থী”
চহৰৰ একোঠলীয়া ঘৰত থকা নৱ-বিবাহিত পুত্ৰ- বোৱাৰীৰ ঘৰলৈ গাঁৱৰ পৰা মাক-দেউতাক আহিছে । নাই যি নাই কোঠাটোত ন বোৱাৰীয়ে কাপোৰ সাজ সলাবলৈও আছুতীয়াকৈ অকণ ঠাই নাই ! অপ্ৰস্তুত বোৱাৰীক সকাহ দিবলৈ মাতৃয়ে এক উপায় উলিয়ালে ; কোঠাটোত থকা একমাত্ৰ খাটিয়াখন থিয় কৰি দিলে, বোৱাৰীৰ আছুতীয়া কোঠা তৈয়াৰ !
সমস্যাৰে যেতিয়াই ভাৰাক্ৰান্ত হৈ যাওঁ, দৃশ্যটো মনলৈ আনো। ক’ত যে কেনেকৈ সহজ সমাধান একোটা লুকাই থাকিব পাৰে সেই কথা বিচাৰিবলৈ শিকোৱাটো জানো এজন শ্ৰেষ্ঠ শিক্ষকৰ কাম নহয় ?
দৃশ্য -৪
সৰু ছোৱালী এজনীয়ে এজোপা গছৰ ছবি আঁকিছে । ওচৰতে ৰৈ মানুহজনে তাইক মন কৰি আছে । ছোৱালীজনীয়ে আধা অঁকা কৰি ছবিখন থৈ দিয়াত মানুহজনে সুধিলে -“কি হ’ল?”
“পাত আৰু ফুলত দিবলৈ ৰং নাই ।”
মানুহজনে তাইক বাহিৰলৈ লৈ আহিল ।
দূৰণিৰ জাৰনিখনত তেতিয়া ফাগুনৰ পৰশ লাগিছে । দুই এজোপাক বাদ দি আটাইবোৰ গছৰে পাত সৰি পৰিছে । মানুহজনে সেইবোৰলৈ আঙুলিয়াই দি ক’লে .” ভালকৈ চোৱাচোন ,পাত নথকা গছবোৰ বেছিহে ধুনীয়া লগা নাইনে ? কেতিয়াবা ৰং নোহোৱাকৈও ৰঙীন হ’ব পাৰি, ধুনীয়া হ’ব পাৰি ।”
“পাত-ফুল-ফলেৰে জাতিস্কাৰ গছ এজোপা কেৱল গছ, পাত ফুলবিহীন লঠঙা গছ এজোপা ভাস্কৰ্য ! “
শব্দবোৰ অবিকল ভাবে নহলেও মানুহজনৰ কথাখিনি মনত ৰৈ গৈছিল । কাৰণ সেয়া যে আছিল জীৱনৰ আন এক শিক্ষা !
জীৱনৰ ভিন্ন স্তৰত মানুহৰ আশা-আকাংক্ষা-লক্ষ্য সকলো ভিন্ন ।জীৱনটোৰ মধ্য বয়সত উপনীত হোৱা অবস্থাৰ সময়ছোৱাত যি আমাক আটাইতকৈ বেছিকৈ প্ৰভাৱিত কৰিব পাৰে তেওঁৱেই হৈ পৰে জীৱনৰ শিক্ষক । এতিয়া মোৰ জীৱনৰ শিক্ষক Hermann Hesse নামৰ লেখকজনৰ সৃষ্ট সিদ্ধাৰ্থ নামৰ উপন্যাসখনৰ মূল চৰিত্ৰ সিদ্ধাৰ্থ। যিকোনো ৰূপতেই জীৱনটোক গ্ৰহণ কৰি,আগুৱাই গৈ থকাটোৱেই আচলতে সফলতা। সিদ্ধাৰ্থই মোক এইকথা শিকাইছে, সেয়ে প্ৰাপ্তি-অপ্ৰাপ্তি, হৰ্ষ-বিষাদ সকলো সামৰি জীৱনটো ভাল পাবলৈ শিকিছোঁ। জীৱনক ভাল পাবলৈ শিকাটোৱেই সকলোতকৈ ডাঙৰ শিক্ষা, নহয়নে ?
( লেখিকা কাৰ্বি আংলঙত কৰ্মৰত এগৰাকী শিক্ষয়িত্ৰী)