জীৱাশ্মঃ-কিমান-জানো-প্ৰকৃতি বিষ্ময়

0 185

ড° ৰক্তিম ৰঞ্জন শইকীয়া

জীৱাষ্ম হ’ল প্ৰাচীন পৃথিৱীৰ কোনো জীৱৰ শিলাভূত দেহৰ অৱশেষ। জীৱদেহৰ কঠিন অংশবোৰ উপযুক্ত পৰিৱেশত শিল গঠন কৰা কোনো মণিকৰ দ্বাৰা প্ৰতিস্থাপিত হৈ জীৱাশ্মৰ সৃষ্টি হয়। মৃত জীৱদেহ একোটা সমুদ্ৰ বা আন কোনো দ গেদ জমা হোৱা ঠাইত গেদৰ তলত পোত যোৱাৰ পাছত জীৱদেহটোৰ দেহৰ কোমল অংশবোৰ পচি যায়। কিন্তু কেতিয়াবা এনেকুৱা পৰিৱেশৰ সৃষ্টি হয় যে জীৱদেহৰ টান অংশবোৰ যেন হাড়, খোলাধাৰী প্ৰাণী হলে খোলাটো, দাঁত আদি পচি যোৱাৰ পৰিৱৰ্তে ইহঁতৰ অনুবোৰক অতি ধীৰ গতিত এটা এটাকৈ চিলকন ডাই অক্সাইডৰ অণুৱে প্ৰতিস্থাপন কৰিবলৈ আৰম্ভ কৰে। বহু কোটি বছৰ এই প্ৰক্ৰিয়াটো চলাৰ পাছত জীৱদেহৰ টান অংশবোৰ চিলিকন ডাই অক্সাইডৰ দ্বাৰা প্ৰতিস্থাপিত হয় আৰু গেদীয় শিলৰ মাজৰ ‘শিলৰ জীৱদেহ’ বা ‘জীৱাশ্ম’ হিচাপে সংৰক্ষিত হয়। পাছৰ সময়চোৱাত বিভিন্ন ভূ-আন্দোলনৰ বাবে সমুদ্ৰপৃষ্ঠ ওপৰলৈ উঠি আহিলে কেতিয়াবা গেদীয় শিলটো ভাগি শিলৰ জীৱদেহ বা জীৱাশ্মটো ওলাই পৰে। কোনো কোনো ক্ষেত্ৰত জীৱদেহৰ টান অংশবোৰ তৈয়াৰ কৰা কেলচিয়াম কাৰ্বনেটৰ অনুবোৰক চিলিকন ডাই অক্সাইডৰ অণুৱে প্ৰতিস্থাপিত কৰাৰ পৰিৱৰ্তে ইহঁতৰ মাজে মাজে সোমাই পৰে। এইবোৰকো জীৱাশ্ম ৰূপেই গণ্য কৰা হয়।fossil 3584 44b72ff0dabfbec991c141596a328ae0@1x
জীৱাশ্ম কি ভালদৰে বুজি নাপালেও মানুহে অতীজৰে পৰা জীৱাশ্মৰ লগত মুখামুখি হৈ আহিছে। বিশেষকৈ প্ৰাচীন পৃথিৱীৰ অতিকায় জীৱবোৰৰ জীৱাশ্মই মানুহৰ কল্পনাক অপাৰ স্বাধীনতা দিছিল আৰু সৃষ্টি হৈছিল না না কল্প কাহিনীৰ। বহু ঠাইৰ মানুহে আকৌ জীৱাশ্মক ঔষধ হিচাপেও ব্যৱহাৰ কৰিছিল। প্ৰাচীন পৃথিৱীত অতি বৈশিষ্টপূৰ্ণ দৈহিক গঠনৰ কিছুমান শামুক জাতীয় খোলাধাৰী প্ৰাণীয়ে বাস কৰিছিল। এই প্ৰাণীবোৰৰ জীৱাশ্মবোৰেই মূলতঃ বিভিন্ন ৰোগৰ ঔষধৰূপে ব্যৱহাৰ হৈছিল। কিন্তু এনে ঔষধৰ কোনো বৈজ্ঞানিক ভিত্তি নাছিল। উদাহৰণ স্বৰূপে এমোনাইট একোটা কুণ্ডলী পকাই থকা সাপৰ নিচিনা দেখি বাবে ইয়াক সাপে কামুৰিলে ঔষধ হিচাপে দিয়া হৈছিল।
পৌৰাণিক গ্ৰীক কিম্বদন্তিত আৰু লোককথাত গ্ৰীফীন নামৰ জীৱ এটাৰ উল্লেখ পোৱা যায়। গ্ৰীফিনবোৰৰ মূৰ আৰু ঠোঁট ঈগলৰ দৰে আৰু দেহৰ পিছ অংশ সিংহৰ দৰে। জনবিশ্বাস মতে গ্ৰীফিনবোৰে মৰুভূমিত ধন সোণ পহৰা দি থাকে। বিখ্যাত লোককলা বিশেষজ্ঞ আদ্ৰিয়ান মেয়াৰৰ (Adrienne Mayor)মতে গ্ৰীফিনৰ কল্পনাটো মধ্য এচিয়াৰ দক্ষিণ পূৱ কাজাখাস্তান আৰু মংগোলীয়াৰ (পুৰণি স্কাইথিয়া) আলটাই পৰ্বতত থকা সোণৰ খনিত পোৱা প্ৰট’চেৰাটপচ নামৰ হাঁহ ঠুটিয়া ডাইনোচৰৰ জীৱাশ্মৰ পৰা আহিছে। গ্ৰীক কিম্বদন্তিৰ মতে এচিয়াৰ সোণৰ খনিবোৰৰ ৰখীয়া এই গ্ৰীফিন। খ্ৰীষ্টপূৰ্ব সপ্তম শতিকাতে গ্ৰীকসকলৰ লগত স্কাইথিন সকলৰ সংযোগ স্থাপন হয়। বোধহয় স্কাইথিয়ানসকলৰ পৰাই গ্ৰীকসকলে এইধৰণৰ জীৱাশ্মৰ কথা শুনি গ্ৰীফিনৰ কল্পনা কৰিলে।

ভাৰতৰ নিম্ন হিমালয়ত অৱস্থিত শিৱালিক পৰ্বতমালাত প্ৰাক ঐতিহাসিক যুগৰ অতিকায় প্ৰাণীবোৰৰ অসংখ্য জীৱাশ্ম অতি প্ৰাচীন কালৰে পৰা মানুহে আৱিষ্কাৰ কৰি আহিছে। শিৱালিক পৰ্বতৰ নামনিৰ এখন সৰু নগৰৰ নাম হ’ল ‘অস্থিপুৰ’ (বৰ্তমান হাৰিয়ানাত অৱস্থিত)।baryonyx claw fossil two column.jpg.thumb .768.768 বহু অতিকায় স্তন্যপায়ী জন্তুৰ হাড়ৰ জীৱাশ্ম পোৱাৰ বাবেই ঠাই ডোখৰৰ নাম অস্থিপুৰ হৈছিল। শিৱালিক পৰ্বতমালাৰ কাষতে অৱস্থিত প্ৰাচীন কুৰুক্ষেত্ৰ। সেয়েহে শিৱালিক পৰ্বতৰ অতি বৃহৎ হাতীৰ দাঁত, অতিকায় হাতী বা ঘোঁৰাৰ জীৱাশ্মবোৰক কৰুক্ষেত্ৰ ৰণত ভাগ লোৱা জীৱৰ মৃতদেহৰ অংশ বুলি জনপ্ৰিয় বিশ্বাস প্ৰচলিত আছিল সেইদৰে নেপাল হিমালয়ৰ কালীগণ্ডকী নদীৰ বুকুত পোৱা ‘এমোনাইট’ নামৰ খোলাধাৰী শামুকজাতীয় প্ৰাণীৰ জীৱাশ্মবোৰক সৰ্বভাৰততে আজিও শালগ্ৰাম শিলা নামেৰে ভক্তিৰে পূজা অৰ্চনা কৰা হয়। ইয়াৰ উপৰি সীমিত পৰিসৰত সৌৰাষ্ট্ৰ, মহাৰাষ্ট্ৰ, বংগ আদিত আৰু কৰ্ণাটকৰ মাধৱ নামৰ ধৰ্মসম্প্ৰদায়টোৱে শিলাভূত প্ৰৱালৰ জীৱাশ্মক ‘দ্বাৰকাশিলা’ নামেৰে উপাসনা কৰে।

আমি সকলোৱে জানো যে অসমৰ মানুহে মধ্যযুগত শামুক পুৰি চূণ উৎপাদন কৰিছিল। বৰ্তমানো মানুহে পাহাৰৰ বুকুৰ পৰা আহৰণ কৰা চুণ শিলো প্ৰকৃতিয়ে শামুক জীৱবোৰৰ মৃতদেহক জীৱাশ্মীভূত কৰি সৃষ্টি কৰাহে। পাহাৰৰ যিকোনো এচটা চুলশিল অনুবীক্ষণ যন্ত্ৰৰ তলত থৈ পৰীক্ষা কৰিলে অসংখ্য ক্ষুদ্ৰক্ষুদ্ৰ ফোৰামিনিফেৰা নামৰ খোলাধাৰী জীৱৰ দেহৰ অৱশিষ্ট দেখা যায়। প্ৰাচীন কালত বিভিন্ন কাৰণত এই ক্ষুদ্ৰ ক্ষুদ্ৰ ফোৰামিনিফেৰাবোৰ কোটি কোটিৰ হিচাপত মৃত্যুবৰণ কৰি সমুদ্ৰৰ তলত জমা হৈছিল। ফোৰামিনিফেৰাবোৰৰ দেহৰ খোলাবোৰ কেলচিয়াম কাৰ্বনেটেৰে তৈয়াৰী। উল্লেখযোগ্য যে চুণশিলো হ’ল কেলচিয়াম কাৰ্বনেট। দীৰ্ঘকাল পানীৰ তীব্ৰচাপ আৰু বিভিন্ন ভূ-ৰাসায়নিক বিক্ৰিয়াৰে বাবে ফোৰামিনিফেৰাৰ খোলাবোৰ একগোট হৈ শিললৈ ৰূপান্তৰিত হয়। পাচত ভূ-আন্দোলনৰ বাবে সমুদ্ৰতলি ওপৰলৈ উঠি আহিলে আমি চুণশিলৰ পাহাৰবোৰ পাঁও।

১৮২৮ চনতে মধ্যভাৰতৰ জব্বলপুৰ সেনা ছাউনীৰ ভিতৰত কেপ্টেইন উইলিয়াম শ্লিমেনে ডাইনোচৰৰ কেতবোৰ হাড় আৱিষ্কাৰ কৰে। তাৰ পাছৰ পৰাই নৰ্মদা উপত্যকাই ভূতাত্বিকসকলৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। প্ৰকৃততে নৰ্মদা নদীৰ উপত্যকাটোত ডাইনোচৰৰ অতি ঘন বসতি আছিল। নৰ্মদা উপত্যকাৰে মধ্যপ্ৰদেশৰ ধাৰ জিলা, ইয়াৰ ডাইনোচৰৰ কণীৰ জীৱাশ্মসমূহৰ বাবে পৃথিৱীতে বিখ্যাত। ধাৰ জিলাৰ পাদল্যা নামৰ অঞ্চলৰ ৮৯ হেক্টৰ ঠাই এতিয়ালৈকে আৱিষ্কাৰ হোৱা একমাত্ৰ ডাইনোচৰৰ বাহ সজা ঠাই। ধাৰ জিলা আৱিষ্কৃত কণীসমূহৰ জীৱাশ্মৰ বহুতৰ ভিতৰত ভ্ৰুণটো পৰ্যন্ত সংৰক্ষিত হৈ আছে। ভূতাত্ত্বিক ভাৱে ‘লেমেটা স্তৰ’ নামেৰে জনাজাত বালিশিলৰ স্তৰটোৰ মাজত বহুকাল জুৰি ধাৰাবাহিকভাৱে ডাইনোচৰৰ কণীৰ আৱিষ্কাৰ হৈ আহিছে। অঞ্চলটো নিশ্চয় একালত ডাইনোচৰবোৰে বাহ সজা আৰু কণী পৰাৰ বাবে বিশেষ ভাৱে ব্যৱহাৰ কৰিছিল। বিভিন্ন প্ৰজাতিৰ ডাইনোচৰে একে ঠাইতে বাহ সাজি কণী পৰা ঘটনাটো সচাই আমোদজনক। নৰ্মদা উপত্যকাৰ পৰা নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে ডাইনোচৰৰ কণী বা হাড়ৰ জীৱাশ্ম আৱিষ্কাৰৰ খবৰ আহিয়েই আছে।

এই খিনিতে জীৱাশ্মৰ অধ্যয়নৰ প্ৰয়োজনীয়তা সম্পৰ্কে প্ৰশ্ন হয়। জীৱাশ্ম অধ্যয়নৰ বিদ্যায়তনিক আৰু অৰ্থনৈতিক এই দুয়ো দিশতে গুৰুত্ব আছে। জীৱাশ্মৰ পৰা অতীজৰ বিভিন্ন সময়ত বিভিন্ন জীৱৰ ক্ৰমবিকাশৰ স্তৰ সম্পৰ্কে সম্যক ধাৰণা পাব পাৰি। গেদীয় শিলৰ পুৰণি স্তৰবোৰত একোবিধ জীৱৰ প্ৰাথমিক অৱস্থাৰ জীৱাশ্ম আৰু ক্ৰমে নতুন হৈ অহা স্তৰবোৰত অধিক বিকশিত প্ৰাণীৰ জীৱাশ্মই জীৱনটোৰ ক্ৰমবিকাশৰ ধাৰা, দিশ আৰু গতিক সূচায়। মানুহৰ ক্ৰমবিকাশৰ সকলো ধাৰণা আৰু সূত্ৰ জীৱাশ্মৰ ওপৰত ভিত্তি কৰিয়েই গঢ় লৈ উঠিছে। তদুপৰি বিভিন্ন বিলুপ্ত হৈ যোৱা জীৱৰ অৱস্থিতি আৰু ইয়াৰ ভৌগোলিক বিস্তাৰ সম্পৰ্কে জীৱাশ্মৰ পৰা ধাৰণা কৰিব পাৰি। ডাইনোচৰৰ দৰে ৬৫ নিযুত বছৰৰ আগতেই বিলুপ্ত হৈ যোৱা জীৱৰ বিষয়ে জনাৰ একমাত্ৰ উপায় হ’ল জীৱাশ্মৰ অধ্যয়ন। জীৱাশ্মই আমাক ধাৰণা দিব পাৰে। এডোখৰ ঠাইৰ প্ৰাচীন জলবায়ুৰ বিষয়ে। উদাহৰণস্বৰূপে তামিলনাডুৰ তিৰুমিলনাদুৰ তিৰুচিৰাপল্লীৰ ওচৰত পোৱা পৰ্বত প্ৰমাণ সামুদ্ৰিক জীৱৰ জীৱাশ্মই সেই ঠাই যে এসময়ত সমুদ্ৰগৰ্ভত আছিল তাক নিৰ্দেশ কৰে। পেট্ৰলিয়ামৰ অনুসন্ধানতো কেতিয়াবা ফুলৰ ৰেণুৰ জীৱাশ্মই সহায় কৰে। কেতিয়াবা কেতিয়াবা জীৱাশ্মক অলংকাৰ হিচাপেও ব্যৱহাৰ কৰা হয়। এবিধ জীৱাশ্মক বহুকাল জুৰি অসমীয়া মানুহে অলংকাৰ ৰূপে ব্যৱহাৰ কৰি আহিছে। অসমীয়া মানুহে অলংকাৰ হিচাপে ব্যৱহাৰ কৰা জাংফাই (amber) একো নহয়, ই জীৱাশ্ম ৰূপ পোৱা গছৰ আঠা বা ৰেজিন হে। মাৰ্কিন যুক্তৰাষ্ট্ৰত শেহতীয়াকৈ ডাইনোচৰৰ হাড় আৰু শিল হৈ যোৱা বিষ্ঠাৰ পৰা তৈয়াৰ পৰা অলংকাৰ জনপ্ৰিয় হৈছে আৰু উচ্চ মূল্যত বিক্ৰীও হৈছে।

আমাৰ উত্তৰ পূৰ্বাঞ্চল জীৱাশ্মৰ ক্ষেত্ৰত অতিশয় ধনী নহ’লেও অতিপাত দুখীয়াও নহয়। কাৰ্বি আংলঙৰ ডিফুৰ আশে পাশে কেতিয়াবা শিল হৈ যোৱা গছৰ অংশ পোৱা যায়। মেঘালয় আৰু কাৰ্বি আংলঙৰ চূণশিলৰ পাহাৰবোৰো জীৱাশ্মৰ দ্বাৰাই গঠিত। ২০০০ চনত ভূতাত্ত্বিক ইউ কে মিশ্ৰই মেঘালয়ৰ পশ্চিম খাচীয়া পাহাৰ জিলাৰ ৰাণীকট নামৰ ঠাইৰ ডিৰাং নামৰ গাঁওখনত কিছুমান ডাইনোচৰৰ হাড় আৱিষ্কাৰ কৰে। ই প্ৰমাণ কৰে যে আজিৰ পৰা ৬৫ নিযুত বছৰৰ আগতে এই অতিকায় প্ৰাণী বিধে আমাৰ অঞ্চলবোৰতো বিচৰণ কৰিছিল। অৰুণাচলৰ পাণ্ডোৱানা যুগৰ শিলাবোৰত বহুল পৰিমাণে উদ্ভিদ জীৱাশ্ম পোৱা যায়। উত্তৰ পূৰ্বাঞ্চলৰ জলবায়ু জীৱাশ্মৰ গঠন আৰু প্ৰাকৃতিক ভাৱে সংৰক্ষণৰ উপযোগী নহয় বাবে ইয়াত অধিক পৰিমাণে জীৱাশ্ম পোৱা নাযায়।

বৰ্তমান সমগ্ৰ পৃথিৱীতে জীৱাশ্ম সংগ্ৰহ আৰু সংৰক্ষণ এক জনপ্ৰিয় হ’বি বা নিচা হৈ পৰিছে। নেপালৰ ‘কালী গণ্ডকী’ নদীয়ে প্ৰতি বাৰিষা হিমালয়ৰ নতুন নতুন শিলাৰ ক্ষয়ীভৱন ঘটাই এমোনাইট জীৱাশ্ম মুক্ত কৰি আনে আৰু অক্টোবৰৰ পৰা জানুৱাৰী মাহলৈ হিন্দু ভক্ত, যাত্ৰী আৰু ব্যৱসায়ী দলবোৰে শালগ্ৰাম ৰূপে সিহঁতক সংগ্ৰহ কৰে। এই সমূহৰ উপৰি বহু অব্যৱসায়িক উৎসাহী সংগ্ৰাহকে প্ৰতিষ্ঠিত জীৱাশ্মক্ষেত্ৰবোৰত পিতপিতাই ফুৰে আৰু জীৱাশ্ম সংগ্ৰহ কৰে। এনে অব্যৱসায়িক সংগ্ৰাহক সকলে কেইবাটিও অতি গুৰুত্বপূৰ্ণ আৱিষ্কাৰো কৰি পেলাইছে।
বৰ্তমান সকলো বস্তু পণ্য হৈ পৰিছে। জীৱাশ্মও ব্যতিক্ৰম নহয়। আইনী আৰু বে-আইনী দুয়ো ধৰণেৰে আজিকালি জীৱাশ্মৰ নিযুত ডলাৰৰ ব্যৱসায় চলে। ভাৰতত প্ৰধানকৈ শালগ্ৰামৰ ৰূপত এমোনাইটেই বিক্ৰী হয় যদিও ভাৰতৰ বাহিৰত বিভিন্ন জীৱাশ্মৰ ৰমৰমীয়া ব্যৱসায় চলি আছে। ২০১৩ চনৰ ৩ ফেব্ৰুৱাৰীত Times of India কাকতত প্ৰকাশিত এটা বাতৰি মতে মধ্যপ্ৰদেশৰ ধাৰ জিলাত পোৱা ডাইনোচৰৰ দুষ্প্ৰাপ্য কণীবোৰ গাঁওবাসীৰ পৰা ৫০০ টকা মূল্যত কিনি নি আন্তঃৰাষ্ট্ৰীয় চোৰাং বজাৰত ১ কোটি টকাকৈ বিক্ৰী কৰা হয়।
জীৱাশ্ম হ’ল প্ৰকৃতিৰ এক খেয়ালী সৃষ্টি। কিছুমান বিশেষ ভূ ৰাসায়নিক পৰিৱেশত জীৱাশ্মৰ উৎপত্তি হয়। বিদ্যায়তনিক মূল্য থকাৰ উপৰি দুষ্প্ৰাপ্য হোৱা বাবেই জীৱাশ্ম মূল্যবান হৈ উঠে। বৰ্তমান পৃথিৱীৰ অন্য ঠাইৰ লগতে ভাৰততো কেইবাখনো জীৱাশ্ম উদ্যান গঢ়ি উঠিছে আৰু এইবোৰ পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে।

তথ্যসূত্ৰঃ-
1. Mayor Adrienne, (November—December, 1994): Archeology Magazine, 1994, pp 53—59
2. Mayor, Adrienne (2000): The First Fossil Hunters, Princeton University Press, 41
William Street, Princeton, New Jersey 08540
3. Van der Geer, Alexandra and Dermitzakis, Michael (2008): Fossil medicines from
“snake eggs” to “Saint’s bones”,  an overview, Calicut Medical Journal
4. Worth Rs 1 crore, dinosaur eggs sell for Rs 500 in MP’s fossil-rich belts, Times of
India, Feb 3, 2013
5. Biggest cluster of dinosaur eggs found, Hindustan Times, May 14, 2007

 

(লেখকৰ ঠিকনাঃ সহকাৰী অধ্যাপক, ভূতত্ব বিভাগ
জগন্নাথ বৰুৱা মহাবিদ্যালয়
যোৰহাট- ৭৮৫০০১
ফোন- ৯৮৫৯৩৪৪৭১৭)

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More