জুনৰ পৰা আৰম্ভ হ’ব নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ উৎপাদন

প্ৰথম পৰ্যায়ত প্ৰকল্পটোৱে উৎপাদন কৰিব ৫ শ মেগাৱাট বিদ্যুৎ

0 24

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৮ মাৰ্চঃ চলিত বৰ্ষৰ জুন মাহৰ পৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত বিদ্যুৎ উৎপাদনৰ কাম আৰম্ভ হ’ব৷ প্ৰথম পৰ্যায়ত ৫ শ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদন কৰিব৷ এই মন্তব্য এন এইচ পি চিৰ কাৰ্যবাহী সঞ্চালক বিপিন গুপ্তাৰ৷ আজি লখিমপুৰ জিলাৰ বগীনদীত এই কথা সংবাদ মাধ্যমৰ আগত সদৰি কৰে কাৰ্যবাহী সঞ্চালকজনে৷ অসম অৰুণাচল সীমান্তৱৰ্তী গেৰুকামুখত ২০০০ মেগাৱাটৰ বিদ্যুৎ শক্তি উৎপাদনৰ লক্ষ্যৰে সোৱণশিৰি নদীত স্থাপন কৰা এই প্ৰকল্পটো হ’ব দেশৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প৷ উল্লেখ্য যে জুন মাহত প্ৰথম পৰ্যায়ত ৫০০ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদনৰ লক্ষ্য স্থিৰ কৰি ইতিমধ্যে প্ৰকল্পটোৰ দুটা ইউনিটৰ কাম সম্পূৰ্ণ কৰিছে৷ উক্ত প্ৰতিটো ইউনিটে ২৫০ মেগাৱাটকৈ বিদ্যুৎ উৎপাদন কৰিব৷ এন এইচ পি চিৰ কাৰ্যবাহী সঞ্চালকজনে জানিবলৈ দিয়া মতে সৰ্বমুঠ ৮ টা ইউনিটেৰে ২০০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ বাবে ব্যাপক তৎপৰতাৰে কাম অব্যাহত ৰাখিছে আৰু এই প্ৰকল্পটো ২০২৪ চনৰ জুন মাহত পূৰ্ণ পৰ্যায়ত অৰ্থাৎ ২০০০ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদন কৰিব৷ উল্লেখ যে বৃহৎ নদীবান্ধক লৈ বিভিন্ন দল-সংগঠনে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি অহাৰ পিছতো এন এইচ পি চি কতৃৰ্পক্ষই কেন্দ্ৰীয় চৰকাৰৰ গোপন নিৰ্দেশত যুদ্ধকালীন তৎপৰতাৰে বান্ধ নিৰ্মাণত অগ্ৰসৰ হৈছে৷ অৱশ্যে সন্থা-সংগঠনৰ প্ৰতিবাদত সেও মানি এন এইছ পি চি কতৃৰ্পক্ষই সোৱণশিৰিৰ নামনিৰ ৩০ কিলোমিটাৰলৈকে সোৱণশিৰি নদীত সুৰক্ষাৰ কাম সমান্তৰাল ভাৱে আগবঢ়াই নিছে৷ ইতিমধ্যে এন এইছ পি চিয়ে ১৮৯ কোটি টকাৰ সামাজিক দায়বদ্ধতা আঁচনি [চি এছ আৰ]ৰে সুৰক্ষা বান্ধৰ কাম হাতত লৈছে৷ উল্লেখ্য যে চলিত বৰ্ষৰ বাৰিষা এন এইচ পি চিত পাহাৰ খহি অভাৱনীয় পৰিস্থিতিৰ সূচনা হোৱাৰ পিছত এন এইচ পি চিয়ে পুনৰ প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য সম্প্ৰতি পূৰ্ণ পৰ্যায়ত আগবঢ়াই নিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More