জেমছ ৱেব টেলিস্কোপে ভৱিষ্যতে মানুহক আৰু কি কি দিব পাৰে?

0 12
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ জুলাইঃ জেমছ ৱেব টেলিস্কোপে সৃষ্টিৰ প্ৰাৰম্ভিক দিনৰ ফটো সংগ্ৰহ কৰিছে। পৃথিৱীৰ মানুহ আচৰিত, মুগ্ধ, স্তম্ভিত। সৃষ্টিৰ ৰহস্যময় সৌন্দৰ্যত মুগ্ধ হৈ পৰিছে পৃথিৱীৰ সাধাৰণ মানুহৰ পৰা বিজ্ঞানীলৈ। কিন্তু জেমছ ৱেব টেলিস্কোপক লৈ কৌতুহলৰ অন্ত নাই। এই টেলিস্কোপটোৰ লগত বহু অনুশীলন চলি আছে। গভীৰ মহাকাশৰ গোপনীয়তাৰ ফটো প্ৰেৰণ কৰাত এই টেলিস্কোপৰ ফলপ্ৰসূতা সম্পৰ্কে নিউয়ৰ্ক টাইমছত প্ৰকাশ পাইছে এক প্ৰতিবেদন। সেই প্ৰতিবেদনত আগন্তুক দিনত জেমছ ৱেব স্পেচ টেলিস্কোপে কি প্ৰকাশ কৰিব সেই বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে। তাৰে দুটামানৰ বিষয়ে তলত উল্লেখ কৰা হ’ল।
* মহাকাশত অপ্ৰত্যাশিত আৱিষ্কাৰ সম্ভৱ হ’ব
জেমছ ৱেব স্পেচ টেলিস্কোপত ষ্টিফেনছ কুইণ্টেট তাৰকাৰাজ্যৰ থূপটোৰ আগতে কেতিয়াও দেখা নোপোৱা ফটো প্ৰকাশ পাইছে। গেছ আৰু ধূলিৰে ভৰা মৃত তৰাৰ এক কবৰস্থানো জেমছে দেখুৱাবলৈ সক্ষম হৈছে। কিন্তু আটাইতকৈ আকৰ্ষণীয় ফটোখন হ’ব পাৰে ‘কৰীনা নেবুলা’। তৰাৰ থূপ বুলি জনাজাত ধূলিৰ এক বিশাল ঘূৰ্ণীবতাহ ডাৱৰ। ইয়াত আমাৰ তাৰকাৰাজ্যৰ আটাইতকৈ উজ্জ্বল আৰু বিস্ফোৰক তৰাবোৰ আছে। অতি ৰঙা ৰঙত দেখা নীহাৰিকাটোত বিন্দু বিন্দুকৈ অলেখ তৰা, যিবোৰ জ্যোতিৰ্বিজ্ঞানীসকলে আগতে কেতিয়াও দেখা নাছিল।
* দূৰৈৰ গ্ৰহৰ বায়ুমণ্ডলৰ বিষয়ে জানিব পৰা যাব
নাছাৰ মতে ১১৫০ আলোকবৰ্ষ দূৰত WASP-96b নামৰ এটা গেছ গ্ৰহ আছে। সূৰ্য সদৃশ তৰা এটাক প্ৰদক্ষিণ কৰি উষ্ণ বায়ুমণ্ডল থকা পৃথিৱী সদৃশ গ্ৰহটোত ডাৱৰ আৰু কুঁৱলীৰ প্ৰমাণ পোৱা গৈছে। নাছাৰ বিবৃতি অনুসৰি এই টেলিস্কোপৰ সহায়ত WASP-96b বিতংভাৱে পৰ্যবেক্ষণ কৰা সম্ভৱ হৈছিল। ভাপ, কুঁৱলী আৰু ডাৱৰৰ উপস্থিতি পূৰ্বতে প্ৰমাণিত হোৱা নাই। এইদৰে আৰু সৰু সৰু বাসযোগ্য পৃথিৱীৰ দৰে গ্ৰহৰ সন্ধান হ’ব পাৰে।
* বিশ্বব্ৰহ্মাণ্ডৰ অতীত ঘটনাবোৰ জানিব পৰা যাব
জেমছ ৱেবে আটাইতকৈ দূৰৈৰ আদিম তৰাবোৰক এতিয়া মানুহে টেলিস্কোপৰ জৰিয়তে দেখাতকৈ বহু বেলেগ আৰু স্পষ্টভাৱে চাব পাৰিব। আদিম তৰাবোৰ বিগ বেঙৰ পৰা বাকী থকা হাইড্ৰজেন আৰু হিলিয়ামৰ দ্বাৰা গঠিত আছিল। পিছলৈ ইহঁত সূৰ্যতকৈ ডাঙৰ হ’ব পাৰে বা কৃষ্ণগহ্বৰৰ ৰূপ ল’ব পাৰে। জেমছ ৱেব টেলিস্কোপৰ পৰা এই আদিম মহাজাগতিক বস্তুবোৰৰ ফটোবোৰ অধিক অধ্যয়ন কৰিলে বহু নতুন তথ্য পোৱা যাব।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More