জোনমণি ৰাভাৰ মৃত্যুৱে এৰি থৈ গল বহু ৰহস্য

0 58

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ মে’ঃ শাসকক ৰঙা চকু দেখুৱাই লাইমলাইটলৈ অহা তথা চমু চাকৰি জীৱনত একাধিক বিতৰ্কৰে জেল যাত্ৰা কৰিও অলেখজনৰ দৃষ্টিত সাহসী মহিলা আৰক্ষীৰূপে বিবেচিত জুনমণি ৰাভাৰ যোৱানিশা এক ৰহস্যজনক পৰিৱেশত দুৰ্ঘটনাত নিহত হয়। অসম আৰক্ষীৰ উপ পৰিদৰ্শক জুনমণি ৰাভাৰ ভয়াৱহ দুৰ্ঘটনাত নিহত হোৱা ঘটনাই শোকৰ ছাঁ পেলোৱাৰ লগতে এই ঘটনাই বহু প্ৰশ্নৰ অৱতাৰণা ঘটাইছে । নগাঁও জিলাৰ কলিয়াবৰত যোৱা নিশা জোনমনি ৰাভাৰ এ এছ ০১ ই এন ৭২৭৩ নম্বৰৰ মাৰুতি গাড়ীখন বিপৰীত দিশৰ পৰা অহা ইউ পি ৭৮ ইউ টি ৪৫১৮ নম্বৰৰ ট্ৰাকখনৰ মুখামুখি সংঘৰ্ষ লাগে।দুৰ্ঘটনাটোত আৰক্ষী বিষয়া গৰাকীৰ থিতাতে মৃত্যু ঘটে আৰু গাড়ীখন প্ৰায় বিধ্বস্ত হৈ পৰে। দুৰ্ঘটনাটো সংঘটিত হয় পুৱতি নিশা প্ৰায় ২ বজাত। আৰক্ষীয়ে জোনমণি ৰাভাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নিশা নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ আনে । নিহত আৰক্ষী বিষয়া জোনমণি ৰাভা নগাঁৱৰ মৰিকলং টাউন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আছিল।

পুৱতি নিশা অকলশৰে কলৈ গৈছিল জোনমণি

এগৰাকী যুৱতী আৰক্ষী বিষয়া। তাতে দুঃসাহসিক বুলিও নাম আছে। সেই জোনমণি ৰাভাই মাজনিশা অকলশৰে গাড়ী চলাই ক’লৈ গৈছিল ? এই প্ৰশ্নৰ এতিয়ালৈকে উত্তৰ নাই। কিয় গৈছিল? কোনোবাই তেওঁক মাতি পঠাইছিল নেকি? নগাঁও চহৰৰ মৰিকলং নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে যোগদান কৰাৰ পিছত জোনমণিয়ে নিষিদ্ধ ড্ৰাগ আৰু ক’লা ব্যৱসায়ীৰ বিৰুদ্ধে নিৰৱচ্ছিন্নভাবে অভিযান অব্যাহত ৰাখিছিল। কিন্তু কালি নিশ্চিতভাবে জোনমণিয়ে অভিযান চলাবলৈ যোৱা নাছিল। কাৰণ জোনমণিয়ে পৰিধান কৰা নাছিল আৰক্ষীৰ ইউনিফৰ্ম। লগত নাছিল কোনো আৰক্ষীৰ দল। সেয়ে জোনমণিৰ মৃত্যু এতিয়াও ৰহস্যৰ আৱৰ্তত।

  জোনমণি ৰাভাই ২০১৭ চনত অসম আৰক্ষীত উপ পৰিদৰ্শকৰ পদত যোগদান কৰিছিল। চাকৰি জীৱনৰ নিজৰ কৰ্তব্য পালনৰ দক্ষতা আৰু কিছু বিতৰ্কৰ বাবে সংবাদ মাধ্যমত সৰ্বাধিক চৰ্চিত হৈছিল। এগৰাকী শাসকীয় দলৰ বিধায়কক ফোনত দায়িত্ববোধ সোঁৱৰাই দিয়াৰ বাৰ্তালাপ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পৰা নিজৰ প্ৰেমিকক কু-কাৰ্যৰ বাবে গ্ৰেপ্তাৰ কৰোৱা আৰু পিছত নিজে কেলেংকাৰিত সাঙোৰ খাই গ্ৰেপ্তাৰ হোৱালৈকে বহু ঘটনাৰ বাবে সংবাদ শিৰোনাম দখল কৰিছিল জোনমণিয়ে। অৱশ্যে নিজৰ দক্ষতাৰ বাবে নিলম্বিত হৈয়ো কম দিনতে চাকৰি ঘূৰাই পাইছিল জোনমণিয়ে ।

লখিমপুৰত জোনমণি ৰাভাৰ বিৰুদ্ধে গোচৰ

জোনমণি ৰাভাৰ মৃত্যুক লৈয়ো হৈছে ব্যাপক চৰ্চা। লখিমপুৰ আৰক্ষী থানাত জোনমণি ৰাভাৰ বিৰুদ্ধে পঞ্জীয়ন হোৱা এটা গোচৰৰ পৰিণতিটো জোনমণিৰ মৃত্যু প্ৰসংগ সাঙুৰ খাই পৰিছে। উত্তৰ লখিমপুৰ সদৰ আৰক্ষী থানাত আমিনা খাতুন নামৰ এগৰাকী মহিলাই আৰক্ষী বিষয়া জোনমনি ৰাভাসহ মুঠ ৮ জন লোকৰ বিৰুদ্ধে দিয়া এক এজাহাৰৰ ভিত্তিত এক গোচৰ ৰজু হৈছিল।  লোক কেইজনৰ বিৰুদ্ধে এজাহাৰকাৰীয়ে উল্লেখ কৰিছে প্ৰবঞ্চনাৰে কেইবালাখ টকা আত্মসাতৰ অভিযোগ। উক্ত অভিযোগ পত্ৰৰ এক নম্বৰতে আছিল জোনমণিৰ নাম। এই সন্দৰ্ভত আমিনা খাতুনে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল দি আৰক্ষীৰ বিৰুদ্ধে বহু বিস্ফোৰক অভিযোগ কৰিছিল। সেইদিনাই লখিমপুৰৰ বঙালমৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তৰুণ চন্দ্ৰ বড়োৱে ধন লোৱাৰ ভিডিঅ’  সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতে অসম আৰক্ষীয়ে বড়োক তাৎক্ষণিক ভাৱে নিলম্বন কৰিছিল৷

আমিনা খাতুনে কি কৈছিল সংবাদমেলত

নকল সোণ আৰু জাল নোটৰ ঘাটিত পৰিণত হোৱা লখিমপুৰ জিলাৰ বঙালমৰাত সংঘটিত হৈ থকা বহু বিস্ফোৰক কাণ্ডৰ তথ্য আমিনা খাতুনে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত সংবাদমেলত দাঙি ধৰাত আৰক্ষী মহলত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছিল৷ বঙালমৰাৰ লগতে লখিমপুৰৰ একাংশ উচ্চ পদস্থ আৰক্ষী বিষয়াই এই অসাধু চক্ৰটোক কেনেদৰে ৰক্ষণাবেক্ষণ দি আহিছে সেই তথ্যও সংবাদমেলত ৰাজহুৱা কৰিছিল ৷ আমিনা খাতুন নামৰ এই মহিলাগৰাকীয়ে দীৰ্ঘদিন ধৰি এনে অসাধু চক্ৰটোৰ বিৰুদ্ধে যুঁজ দি অহাৰ লগতে আৰক্ষীৰ উৰ্ধতম বিষয়াকো অৱগত কৰি আহিছিল বুলি দাবী কৰিছিল৷ মহিলাগৰাকীয়ে সংবাদমেলত সদৰি কৰা অনুসৰি বঙালমৰাৰ লগতে নাৰায়ণপুৰ, তেজপুৰ, নগাঁও, বিহপুৰীয়া আদিত চলি অহা এনে কাৰ্যকলাপসমূহ বঙালমৰাৰ কেইজনমান অসাধু লোকৰ ছত্ৰ ছায়াত সংঘটিত হৈ অহা বুলি উল্লেখ কৰাৰ লগতে এই অসাধু চক্ৰটোক বঙালমৰা আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰুণ চন্দ্ৰ বড়োৰ লগতে লখিমপুৰৰ এগৰাকী উচ্চ পদস্থ আৰক্ষী বিষয়াই ৰক্ষণাবেক্ষণ দি আহিছে বুলি সংবাদমেলত বাৰে বাৰে দাবী কৰিছিল৷ প্ৰাণৰ সংশয়ত ভোগা মহিলাগৰাকীক আৰক্ষী বিষয়াগৰাকীয়ে বহুবাৰ ভাবুকি প্ৰদান কৰাৰ লগতে এই চক্ৰটোৰ বিৰুদ্ধে মাত নামাতিবলৈ তেওঁক সকীয়নি দি আহিছে বুলি সংবাদমেলত তেওঁ অৱগত কৰিছিল৷ ইফালে সুদূৰ পশ্চিমবংগৰ এখন অনাথ আশ্ৰমৰ এজন পুৰোহিত দিলীপ কুমাৰ মাইটিক এই অসাধু চক্ৰটোৱে ভুৱা প্ৰলোভনেৰে নকল সোণৰ এখন নাও দি ১০ লাখ টকা সৰকোৱাৰ পিছত পুৰোহিতজনে অসাধু চক্ৰটোৰ বিৰুদ্ধে সদায় মাত মাতি অহা মহিলাগৰাকীৰ সহায় বিচৰাত তেওঁক সহায় কৰিবলৈ আগবাঢ়ি যোৱাত শেহতীয়াকৈ মহিলাগৰাকী আৰু তেওঁৰ ভাতৃ মনচুৰ আলি আৰক্ষীৰ ৰোষত পৰিব লগা হৈছে বুলি সংবাদমেলত ব্যক্ত কৰিছিল ৷ আমিনা খাতুনে এই সন্দৰ্ভত ৰাজ্যৰ আৰক্ষী মহাপৰিদৰ্শক, আৰক্ষীৰ দায়বদ্ধতা আয়োগ, আৰক্ষী সঞ্চালকপ্ৰধান, চি আই ডি, দুৰ্নীতি নিবাৰক শাখা আদিৰ কাষ চপাত লখিমপুৰৰ একাংশ আৰক্ষী বিষয়াৰ ৰোষত পৰা বুলি মহিলা গৰাকীয়ে সংবাদমেলত উল্লেখ কৰিছিল৷ এই সমস্ত ঘটনাক্ৰমৰ লগত জোনমণি ৰাভাৰ নাম সাঙুৰ খাই পৰাত এতিয়া আৰক্ষীৰ সঠিক তদন্তইহে ৰহস্যৰ ওৰ পেলাব পাৰিব। ইপিনে নগাঁৱৰ শীৰ্ষ আৰক্ষী বিষয়াই যোৱা নিশা জোনমণি ৰাভাৰ কোৱাটাৰত অভিযান চলাই লক্ষাধিক টকা জব্দ কৰি অনা বুলি জোনমণিৰ আত্মীয়ই সংবাদ মাধ্যমৰ আগত কৰা অভিযোগেও বহু প্ৰশ্ন উত্থাপন কৰিছে। অভিযোগ কৰা আত্মীয় গৰাকীৰ মতে সেই টকা জোনমণিৰ মাকৰ আৰু পুত্ৰৰ চিকিৎসাৰ বাবে থোৱা। ইফালে আজি পুৱা নগাঁও আৰক্ষী নিৱেশৰ খেলপথাৰত মৃত জোনমণি ৰাভাৰ প্ৰতি আৰক্ষী বিভাগ আৰু জিলা প্ৰশাসনে আনুষ্ঠানিক ভাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More