“জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকন আৰু তেখেতৰ কাব্য সাধনাৰ গুৰিকথা” শীৰ্ষক বিশেষ বক্তৃতা সম্পন্ন 

তেজপুৰৰ "সুদৰ্শন অসম"ৰ বিশেষ অনুষ্ঠানত বিশিষ্ট লেখিকা ড০ স্বাধীনতা মহন্তৰ শিশু উপন্যাস "পল্লৱী" উন্মোচন

0 27
শতাব্দ প্ৰতিনিধি তেজপুৰ, ৫ জুনঃ বিশ্ব পৰিৱেশ দিৱসৰ আজিৰ দিনটোতে আজি তেজপুৰত এক বিশেষ সুৰীয়া আৰু মনোজ্ঞ অনুষ্ঠানত ৰাজ্যখনৰ বিশিষ্ট লেখিকা, শিক্ষাবিদ ড০ স্বাধীনতা মহন্তৰ এখন শিশু উপন্যাস “পল্লৱী” আনুষ্ঠানিক ভাবে উন্মোচিত হয়। উল্লেখ্য যে,সামাজিক, শৈক্ষিক আৰু সাহিত্য-সংস্কৃতিৰ অনুষ্ঠান “সুদৰ্শন অসম”ৰ উদ্যোগত দৰংমহাবিদ্যালয়ৰ বিশেষ সভাকক্ষত অনুষ্ঠিত গীত-মাত আৰু কথাৰ মনোজ্ঞ অনুষ্ঠানটিত তেজপুৰৰ সামাজিক অনুষ্ঠান “অসমীয়া ক্লাব”ৰ সভাপতি, অৱসৰপ্ৰাপ্ত জিলা ন্যায়াধীশ অৰুণা দেৱীয়ে ড০ স্বাধীনতা মহন্তৰ শিশু উপন্যাসখন উন্মোচন কৰাৰ লগতে বাণ থিয়েটাৰৰ সভাপতি, বিশিষ্ট গীতিকাৰ বংকিম শৰ্মাই উন্মোচন কৰে সুদৰ্শন অসমৰ মুখপত্ৰ “সুদৰ্শন”ৰ প্ৰস্তাবনা সংখ্যাটি। সুদৰ্শন অসমৰ প্ৰতিষ্ঠাপক সভাপতি ড০ স্বাধীনতা মহন্ত ৰচিত আৰু সীমান্ত কাকতি সুৰাৰোপিত “সুদৰ্শন অসম”ৰ শীৰ্ষ গীত সদস্যাসকলৰ সমূহীয়া পৰিৱেশনেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত “জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকন আৰু তেখেতৰ কাব্য সাধনাৰ গুৰিকথা” শীৰ্ষক বিষয়ত মনোজ্ঞ বক্তৃতা প্ৰদান কৰে বিশিষ্ট কবি, লেখক, সমালোচক শশধৰ বৈশ্যই।আনহাতে এই অনুষ্ঠানতে “সুদৰ্শন অসম”ৰ শিক্ষা বিভাগৰ সভাপতি তথা বৰ্তমানে IMG 20220605 WA0068দৰংমহাবিদ্যালয়ৰ অধ্যক্ষৰ আসন অলংকৃত কৰা ড০ পলাশ মণি শইকীয়াক সুদৰ্শন অসম”ৰ তৰফৰ পৰা বিশেষ ভাবে সম্বৰ্ধনা পত্ৰ, স্মাৰক, গামোচা, গ্ৰন্থৰ টোপোলা আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। সুদৰ্শন অসমৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক অলক শৰ্মাই আঁত ধৰা অনুষ্ঠানটিত সকলো অতিথিকে আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে একোটিকৈ মূল্যবান গছপুলিৰে আদৰণী জনায়। সুদৰ্শন অসমৰ সাহিত্য বিভাগৰ সভাপতি মৃগেন চন্দ্র বড়াৰ সঞ্চালনাত প্ৰধান সম্পাদক ৰাতুল দাসে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটিত উদীয়মান কণ্ঠশিল্পী প্ৰণামী বৰঠাকুৰে জ্যোতি সংগীত পৰিৱেশন কৰে। অনুষ্ঠানটিত শৈলেন্দ্ৰ কুমাৰ নাথ আৰু ৰাঘৱ মহন্তৰ যুটীয়া সম্পাদনাত প্ৰকাশিত “সুদৰ্শন অসম”ৰ মুখপত্ৰৰ প্ৰস্তাৱনা সংখ্যাটি আনুষ্ঠানিক ভাবে উন্মোচন কৰি বাণ থিয়েটাৰৰ সভাপতি, বিশিষ্ট গীতিকাৰ, শিল্পী পেঞ্চনাৰ বংকিম শৰ্মাই ভাষণ প্ৰসংগত “সুদৰ্শন অসম” ৰ জৰিয়তে প্ৰেম-প্ৰীতিৰে সাহিত্য সৃষ্টি হোৱাৰ পোষকতা কৰি মহাভাৰতৰ যুদ্ধত যেনেদৰে সুদৰ্শন অস্ত্ৰ ব্যৱহাৰৰ জৰিয়তে দুস্কৃতিৰ বিৰুদ্ধে সংস্কৃতিৰ সূচনা হৈছিল তেনেদৰে সুন্দৰ সৃষ্টিৰ সোপান তৈয়াৰ হ’ব বুলি আশা ব্যক্ত কৰে। আনহাতে একোটা অনুষ্ঠানৰ মুখপত্ৰ সেই অনুষ্ঠানটিৰ দলিল স্বৰূপ বুলি মন্তব্য বিভিন্ন জনৰ বিভিন্ন চিন্তাৰ প্ৰতিফলন ঘটে বুলিও কয়। আনহাতে আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত ৰাজ্যখনৰ বিশিষ্ট লেখিকা, শিশু সাহিত্যিক ড০ স্বাধীনতা মহন্তৰ শিশু উপন্যাস “পল্লৱী” আনুষ্ঠানিক ভাবে উন্মোচন কৰি তেজপুৰৰ অসমীয়া ক্লাবৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত জিলা ন্যায়াধীশ অৰুণা দেৱীয়ে এই উপন্যাসখন শিশু বা কিশোৰ কিশোৰীৰ বাবেই নহয় ডাঙৰৰ বাবেও এক তথ্যকোষ সদৃশ বুলি মন্তব্য কৰে। এইখন কেৱল উপন্যাসেই নহয় সকলোৰে বাবে এখন তথ্যকোষ হিচাপে পৰিগণিত হ’ব বুলি কয়। প্ৰসংগ ক্ৰমে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ গৰাকীয়ে কৰ্মজীৱনত যিমানবোৰ গোচৰৰ কাষ চাপি গৈছিল সিমানেই সেই গোচৰবোৰৰ কাহিনী গল্প গল্প লাগিছিল বুলি কয়। সকলোৱে পঢ়ুৱৈৰ সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশেষকৈ শিশু আৰু চেমনীয়াৰ মাজত পঢ়ুৱৈৰ সংখ্যা বৃদ্ধি কৰিবলৈ চেষ্টা চলোৱা উচিত বুলি মন্তব্য কৰে। দক্ষ কন্ঠশিল্পী নৰবাহাদুৰ দৰ্জিয়ে বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত পৰিবেশন কৰা অনুষ্ঠানটিত সুদৰ্শন অসমৰ শিক্ষা বিভাগৰ সভাপতি ড০ পলাশ মণি শইকীয়া দৰংমহাবিদ্যালয়ৰ অধ্যক্ষৰ আসন অলংকৃত কৰাৰ বাবে সুদৰ্শন অসমে বিশেষ ভাবে সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা গ্ৰহণ কৰি নিজৰ অনুভৱ সদৰী কৰা অনুষ্ঠানটিত ড০ স্বাধীনতা মহন্তই ভাষণ প্ৰদান কৰি শিশু সাহিত্যৰ মহত্ব আৰু গুৰুত্বৰ দিশত আলোকপাত কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More