ঝক্ ঝক্ ৰেল চলে সেউজ সতেজতাৰ মাজেৰে…

0 175

ৰুবী বৰা

     পুৱা ৫ বাজি ৫৫ মিনিট হোৱাৰ লগে লগে হাৰমতী অভাৰব্ৰীজখনৰ তলেদি নাহৰলগুন-তিনিচুকীয়া ভিষ্টাডাম ট্ৰেইনখন দীঘলীয়া উকি মাৰি হাৰমতী জংচনত প্ৰৱেশ কৰিলেহি। ট্ৰেইনখনত উঠিয়েই নিজৰ পচন্দৰ খিৰিকী কাষৰ ছীট এটা বিচাৰি বহি ল’লো। বেগ-পাতি থান থিত লগাই ছীটটোত ধুনীয়াকৈ বহি খিৰীকীখনেৰে চাই পঠাওতে দেখা পালো ষ্টেচনৰ দেৱালত লিখি থোৱা ‘ Keep Your Station Clean’ বাক্যশাৰী, যিয়েই ৰেলৰ কৰ্মচাৰীৰ লগতে যাত্ৰীসকলকো দায়বদ্ধ কৰি তোলে। সাগৰপৃষ্ঠৰ পৰা ১০৪.৬৯২ মিটাৰ উচ্চতাত অৱস্থিত হাৰমতী জংচনটো অসম-অৰুণাচলৰ সীমাত থকা হেতুকে দুয়োখন ৰাজ্যৰ সমন্বয়ৰ সেতু মজবুত কৰি ৰখাতো বহুখিনি সহায় কৰিছে।হাৰমতি জংচন

৬ঃ২০ বজাত ট্ৰেইনখনে সৰুকৈ জোকাৰণি এটা দি যাত্ৰা আৰম্ভ কৰিলে। ১ কিলোমিটাৰমান অহাৰ পিছত অৰুণাচললৈ ফাটি যোৱা ৰেলপথছোৱাক বিদায় দি লখিমপুৰ অভিমুখে আগবাঢ়িল।

আহিন আহোঁ আহোঁ কৰি থকা ভাদৰ শেষৰ ফালৰ সময়। পথাৰবোৰ গাঢ় সেউজীয়া। মাজে মাজে নীপকোৰ উচ্চ ক্ষমতা সম্পন্ন বগা বৈদ্যুতিক খুঁটাবোৰৰ ওপৰেদি বগা বগলীৰ জাক একোটা দূৰৈৰ পাহাৰখনৰ ফালে উৰি যোৱা দৃশ্যই নীলা আকাশখনক ছাতি এটাৰ দৰে তুলি ধৰে।

     ৰেল লাইনৰ কাষে কাষে থকা পুখুৰী কিছুমানত ভেট ফুলেৰে ভৰি আছিল। দূৰৈৰ গাঁৱৰ কোনোবাটো ঘৰ চোতালৰ খেৰৰ মেজিটোৰে ঢাকি থৈছিল। ইতিমধ্যে মানুহবোৰৰ দৈনন্দিন ব্যস্ততা আৰম্ভ হৈছিল। কণ কণ ল’ৰা ছোৱালীবোৰে উঠি আহি চোতালত থিয় হৈ ট্ৰেইনখনক বাই বাই দিছে, কোনোজনী মাকে নিজৰ কণমাণিটোক শোৱাপাটীৰ পৰা উঠাই আনি ট্ৰেইনখন দেখুৱাই টোপনি ভাঙিবলৈ চেষ্টা কৰিছে, কোনোজনে চকু মোহাৰি মোহাৰি গৰু কেইটাক খেদি লৈ গৈছে।

     দেশী-বিদেশী আলহী পক্ষীৰ নিৰাপদ বিশ্ৰামথলী শতজান পক্ষী উদ্যানৰ মাজেদি ট্ৰেইনখন পাৰ হৈ ৰঙানদীৰ দলঙেৰে আগবাঢ়ে লাহে লাহে। বাছেৰে গ’লে এইখন দলঙৰ ৰূপালী ৰঙৰ ৰেলিং কেইডাল নীলা পাহাৰখনলৈ যোৱা পথত থকা দুৱাৰৰ দৰে লাগে। ট্ৰেইনেৰে গ’লে পাহাৰখন নিচেই কাষতে পোৱা যেন লাগে, পাহাৰৰ গছ গছনিকে ধৰি কোনো অংশত মাটি খহি টকলা হৈ থকা অংশও স্পষ্টকৈ জিলিকি থাকে। তলত ৰঙানদীৰ নীলা পানীখিনিত নাও থাকেই। লখিমপুৰ জিলাৰ আয়ুসৰেখা এই ৰঙানদীখন আমাৰ লখিমপুৰবাসীৰ আৱেগ। এটা সময় আছিল এইখন নদীয়েই জিলাখনলৈ প্ৰলয় আনিছিল, তেতিয়াৰে পৰা ক’ৰবালৈ গ’লে লখিমপুৰত ঘৰ বুলি কলেই মানুহৰ মনলে অহা প্ৰশ্নটো হয় আমাৰ ঘৰত বানপানী হয় নে নহয়! লখিমপুৰ চহৰৰ পদুলিতে থকা সৌন্দৰ্য্যৰে ভৰা দুৰ্গা মন্দিৰৰ পিছফালেদি, গণেশ মন্দিৰৰ আগেদি নৱনিৰ্মিত বাইপাছৰ তলেদি ট্ৰেইনখন লাহে লাহে লখিমপুৰ চহৰত সোমায়হি।

    বগীনদী ষ্টেচনলখিমপুৰ ষ্টেচনত ২ মিনিট সময় ৰৈ যাত্ৰীক উঠিবলৈ দি দীঘল উকি মাৰি আকৌ চলিবলৈ ধৰে ট্ৰেইনখন। অলপ পিছতে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ মটীয়া ৰঙৰ আৰু গোলপীয়া ৰঙৰ শাৰী শাৰী কেইবা মহলীয়া ঘৰবোৰ পাৰ কৰি যাওঁ। কাষৰ সেউজীয়া পথাৰেদি দূৰৈৰ পাহাৰখনলৈ বাট বুলোৱাৰ কাষতে থকা এই ঘৰখিনি কিবা এটা ভাল লাগে দেখি। লাহেকৈ ট্ৰেইনৰ ট্ৰেকটো বাওঁফালে যায় আৰু পিছৰফালে থকা ডবাত থকা সকলে গোটেই ট্ৰেইনখন বেঁকা হৈ যোৱা দেখিবলৈ পায়। দূৰৈত পাহাৰখন, কাষত সেউজীয়াবোৰৰ সৈতে বেকা হৈ উকি মাৰি যোৱা ট্ৰেইনখনৰ দৃশ্যটোৰ বাবে মই লখিমপুৰ ষ্টেচনৰ পৰাই অপেক্ষা কৰি থাকো।

    ট্ৰেইনৰ খিৰিকীৰেকাকৈ নদী পাৰ হৈ চিয়াজুলি চাহ বাগানৰ মাজে মাজে থকা ওখ শিৰিষ গছবোৰৰ ফাঁকে ফাঁকে পাহাৰখনৰ লগত লুকা ভাকু খেলি খেলি ট্ৰেইনখন জোৰেৰে নিজৰ পথত গৈ থাকে।

    বগীনদী ষ্টেচন পোৱাৰ পিছতে ট্ৰেইনখন দুলুং সংৰক্ষিত বনাঞ্চলৰ মাজেদি যাত্ৰা আৰম্ভ কৰে। মই ডিঙিৰ পৰা ওপৰ অংশ যিমান পাৰি উলিয়াই লওঁ খিৰিকিৰ ৰদৰ মাজেৰে। ৰং বিৰঙী গছবোৰৰ একেবাৰে কাষেদি ওপেৰেৰে নিজকে উৰি যোৱা যেন লাগে। দুলুঙৰ মাজেদি বৈ যোৱা বাঘিনী জান, বাঘজান, কণা নদীৰ মাটিবোৰ ৰঙা ৰঙা, ওলাই থকা শিলবোৰৰ মাজেদি আইনাৰ দৰে পৰিস্কাৰ পানীবোৰ নিঃশব্দে বৈ থাকে। মনতে কল্পনা কৰি লওঁ সেই পানীখিনিৰ ওচৰলৈ গ’লে শিলবোৰত ঠেকা খাই সৰু সৰু কৈ এটা সুৰ হৈ বৈ থকাৰ পৰিৱেশ এটা। দীঘল দীঘল পাতেৰে নাহৰৰ দেশখনত বনৰীয়া ফুল কিছুমানো ফুলি সৌন্দৰ্য্যত দুগুণে ৰহন সানে। গছবনবোৰৰ সৌন্দৰ্য্যত বিভোৰ হৈ থাকোতে কাষতে লাগি থকা পাহাৰখনে যেন মুখ ফুলাই অভিমানহে কৰে, এবাৰ চাই দিলেই ডাৱৰ ঠেলি হাঁহি এটা যেন মিচিককে মাৰে। তলত ঘন অৰণ্য, মাজে মাজে নদী, জান, জুৰি, কাষতে ডাৱৰে লুকা ভাকু খেলা নীলা পাহাৰখন, ওপৰত পুৱাৰ নীলা আকাশ আৰু নিজৰ গতিত গৈ থকা ট্ৰেইনখনৰ মৃদু কম্পন…আৰু কিবা লাগেনে প্ৰকৃতি বলীয়া মানুহক!

   ট্ৰেইনেৰে এইখিনি ঠাইৰ সৌন্দৰ্য দেখাখিনি যিমান উপভোগ কৰিছো নেদেখাখিনি সৌন্দৰ্য্যৰ সাধুকথাও আনৰ মুখেৰে শুনি আহিছো। উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অৰুণ বৰদলৈ ছাৰ বন্ধুৰ সৈতে ইয়াৰ ভিতৰেদি পাহাৰৰ তলি পায়গৈ হেনো। প্ৰকৃতিৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ থকা ঢকুৱাখনাৰ ভাইটি ধ্ৰুৱজ্যোতি চেতিয়াও লগৰীয়াৰ সৈতে ইয়াত পিতপিতাই থাকেহি। অৱশ্যে ঠাইখিনিত বনবিভাগৰ অনুমতি নোলোৱাকৈ যোৱাটো বিপজ্জনক, কাৰণ ঠাইখিনি বনৰীয়া হাতীৰ বিচৰণথলী। সোৱণশিৰিৰ নীলা পানীৰ ওপৰেদি দীঘলীয়া দলঙেদি ট্ৰেইন গোগামুখত প্ৰৱেশ কৰে। গোগামুখৰ পিছতেই কুমতীয়া নদী পাৰ হৈ জীয়াধল নদীৰ ওপৰত থকা ইখনৰ পিছত সিখন দলং পাৰ হওঁতে মনলে আহে প্ৰকৃতিকো মানিব লাগিব, মানুহক কম নচুৱাই নাথাকে দেই। শ্ৰীপানী পাৰ হৈ পোৱা মুকলি ঠাইখিনিত কাণীবিলৰ কিছু অস্তিত্ব বাছি আছেগৈ, তাকে লৈ যেন কাণীবিলে সগৌৰৱেৰে থিয় দি আছে। গাইনদী পাৰ হৈ চিচিবৰগাঁও ষ্টেচনৰ পিছতে লগে লগে আহি থকা পাহাৰখনক বিদায় দিয়াৰ সময় আহি পৰে। গাড়ী মটৰেৰে ব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথৰ তলেদি, ধুনীয়াকৈ নতুনকৈ প্ৰতিষ্ঠা কৰা শিৱধামৰ কিছু আঁতৰেদি ট্ৰেইনখন ব্যস্ততাৰে বগীবিলৰ দিশে গতি কৰে।

    ধেমাজী ষ্টেচন ’বানে ধোৱা’ বুলি খ্যাত লখিমপুৰ-ধেমাজি জিলা দুখনে বানপানীৰ বাবে এটা সময়ত জলা কলা খালেও কিন্তু প্ৰকৃতিয়ে যি সৌন্দৰ্য্য হিয়া উজাৰি দিছে সেয়া চকুৰে নেদেখিলে বুজা টান। প্ৰকৃতিৰ সৈতে থকা জিলা দুখনৰ সম্পৰ্ক প্ৰকৃতিৰ সৈতে একাত্মতা থকাজনেহে উপলব্ধি কৰিব পাৰিব। প্ৰতিদিনেই নতুনকৈ প্ৰেমত পৰা মোৰ গৃহ জিলাখনৰ লগতে চুবুৰীয়া জিলাখনৰ প্ৰকৃতিৰ এই মন পৰশা কথাবোৰ এনেকৈয়ে লিখি পেলালো।

(ফটো : লেখিকাৰ)

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More