টকাৰ অৱমূল্যায়ন ৰোধৰ প্ৰচেষ্টাত চৰকাৰ সফল হ’বনে

0 153

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২ জুলাইঃ  বিগত কেইমাহমান ধৰি আমেৰিকান ডলাৰৰ বাহিৰে বিশ্বৰ প্ৰায়বোৰ দেশৰ মুদ্ৰাৰ মূল্য নিম্নগামী হৈছে । ইয়াৰ প্ৰভাৱ ভাৰতীয় টকাৰ ওপৰতো পৰিছে । প্ৰতি আমেৰিকান ডলাৰৰ বিপৰীতে কেইমাহমান আগলৈকে ৭৫-৭৬ টকা হৈ থকা ভাৰতীয় টকাৰ মূল্য সম্প্ৰতি ৭৯ টকা পাৰ হৈ ৮০ টকাৰ ফালে অগ্ৰসৰ হৈছে ।

মুদ্ৰাৰ অবমূল্যায়নৰ পোনপতীয়া প্ৰভাৱ মুদ্ৰাস্ফীতিত পৰে, অৰ্থাৎ মুদ্ৰাস্ফীতি বাঢ়ে । ইয়াৰ প্ৰধান কাৰণ হৈছে বিশ্বৰ দেশবোৰত চাহিদাৰ বিপৰীতে ডলাৰৰ অভাৱ ঘটিছে । চাহিদা বঢ়াৰ বাবে ডলাৰৰ বিনিময় মূল্য শক্তিশালী হৈছে । ডলাৰৰ উচ্চ চাহিদাৰ প্ৰধান কাৰণ হৈছে ইয়াৰ বহিৰ্গমন । ভাৰতৰ ক্ষেত্ৰত ডলাৰৰ বহিৰ্গমনৰ প্ৰধান কাৰণসমূহ হৈছে খাৰুৱা তেলৰ দাম বৃদ্ধি, বিদেশী বিনিয়োগকাৰীৰ শ্বেয়াৰ বিক্ৰী আৰু মুদ্ৰাস্ফীতি । আগতে একে পৰিমাণৰ তেল কিনিবলৈ যিমান ডলাৰৰ প্ৰয়োজন হৈছিল এতিয়া খাৰুৱা তেলৰ দাম বৃদ্ধিৰ ফলত তাতকৈ বেছি ডলাৰৰ প্ৰয়োজন হৈছে । দ্বিতীয় প্ৰধান কাৰণ হৈছে ভাৰতীয় শ্বেয়াৰ বজাৰৰ পৰা বিদেশী পুজিৰ বহিৰ্গমন । বিদেশী সংস্থাগত বিনিয়োগকাৰীসকলে (FII) যোৱা কেইবামাহো ধৰি ভাৰতীয় বজাৰত শ্বেয়াৰ বিক্ৰী কৰি আছে । ২০২১-২২ বৰ্ষত বিদেশী বিনিয়োগকাৰী সকলে সৰ্বোচ্চ মুঠ ২,১৪,২১৭কোটি টকা মূল্যৰ শ্বেয়াৰ বেচিছে । ফলত সেই টকা ডলাৰৰ ৰূপত দেশৰ পৰা ওলাই গৈছে । তৃতীয়তে ৰাচিয়া ইউক্ৰেইনৰ যুদ্ধৰ ফলত বিশ্বজুৰি হোৱা মুদ্ৰাস্ফীতিৰ বাবে বিদেশৰ পৰা যিকোনো বস্তু আমদানি কৰিবলৈ আগতকৈ বেছি ডলাৰৰ প্ৰয়োজন হৈছে ।

এতিয়া প্ৰশ্ন হয় চৰকাৰে টকাৰ অৱমূল্যায়ন ৰোধৰ বাবে কি প্ৰচেষ্টা লৈছে? চৰকাৰে নিজৰ মুদ্ৰাৰ অৱমূল্যায়ন ৰোধৰ বাবে কেইবাটাও পদক্ষেপ ল’ব পাৰে । ভাৰত চৰকাৰে প্ৰথমেই কোনো ধৰণৰ কঠোৰ ব্যৱস্থা লোৱাৰ সলনি চৰকাৰে সোণৰ আমদানিৰ ওপৰত আমদানি শুল্ক বৰ্তমানৰ ৭.৫%ৰ পৰা বঢ়াই ১২.৫% কৰিছে । কোনোধৰণৰ উৎপাদনমুখী কামত নলগা স্বত্বেও ২০২২ বিত্তীয় বৰ্ষত ভাৰতে ৪৬ বিলিয়ন ডলাৰৰ সোণ বিদেশৰ পৰা আমদানি কৰিছে । সোণৰ আমদানিয়ে চৰকাৰৰ প্ৰচেষ্টাত লগে লগে সুফলো দিলে । ৭৯.১১ টকা স্পৰ্শ কৰা ডলাৰৰ মূল্য লগে লগে ৭৮ টকা পালেহি । অৱশ্যে এই ব্যৱস্থাই ভৱিষ্যতে কিমান কামত আহে সময়েহে কব । পাকিস্থানত প্ৰতি আমেৰিকান ডলাৰৰ দাম ২০৪ পাকিস্তানী টকা হৈছেগৈ । সেয়ে পাকিস্তানী চৰকাৰে স্মাৰ্টফোনৰ পৰা চাহলৈ বহুতো সামগ্ৰীৰ আমদানি হয় বন্ধ কৰিছে নহয় কমাইছে যাতে ডলাৰ কমকৈ খৰচ কৰিবলগীয়া হয় । আমদানি কমোৱাৰ লগতে ৰপ্তানি বৃদ্ধি কৰাটোও জৰুৰী । ভাৰতেও বৰ্তমানৰ ব্যৱস্থাই সমূচিত কাম নিদিলে ভবিষ্যতে আৰু কঠোৰ ব্যৱস্থা ল’বলগীয়া হ’ব পাৰে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More