টাইগ্ৰিচ নৈৰ তলত ৩৪০০ বছৰ পুৰণি চহৰ

বহু ৰহস্য উন্মোচনৰ আশা

0 28

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ জুলাই : একাধিক সভ্যতাৰ ধ্বংসাৱশেষ পৃথিৱীৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ আছে। যিবোৰে ইতিহাসৰ সকলো অনন্য আৰ্হি কঢ়িয়াই লৈ ফুৰিছে। একে সময়তে মানৱ সভ্যতাৰ বিৱৰ্তন আৰু সেই সময়ৰ মানুহৰ জীৱন-ধাৰণৰ পদ্ধতিও এইবোৰে পোহৰলৈ আনে। শেহতীয়াকৈ ইৰাকৰ কুৰ্দিস্তান অঞ্চলৰ ৩৪০০ বছৰ পুৰণি এখন চহৰ উদ্ধাৰ কৰিছে এটা আন্তঃৰাষ্ট্ৰীয় পুৰাতত্ত্ববিদৰ দলে। আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল যে, টাইগ্ৰিছ নদীৰ তলত এই ঐতিহাসিক চহৰখন পোৱা গৈছে। যিটোৱে সকলোকে আচৰিত কৰি তুলিছে। টাইগ্ৰিছ নদীৰ তলত উদ্ধাৰ হোৱা এই চহৰখনত মিটানি সাম্ৰাজ্যই স্থাপন কৰিছিল বুলিও পুৰাতত্ত্ববিদসকলে মতপোষণ কৰিছে। সৰ্বোপৰি এই সময়ছোৱা আছিল খ্ৰীষ্টপূৰ্ব ১৪৭৫ চনৰ পৰা খ্ৰীষ্টপূৰ্ব ১২৭৫ চনলৈ। এই প্ৰাচীন চহৰখন এতিয়া আৱিষ্কাৰ কৰাটো সম্ভৱ হৈ উঠিছে মূলতঃ টাইগ্ৰিছ নদীৰ পাৰত থকা মোছুল বান্ধৰ বাবে। বান্ধৰ ফলত পানীৰ মাত্ৰা কম হোৱা বাবে এই অভিযান সহজ হৈ উঠে। পুৰাতত্ত্ববিদসকলে কয় যে, এই গুৰুত্বপূৰ্ণ আৱিষ্কাৰৰ ফলত মিটানি সাম্ৰাজ্যৰ বিষয়ে অধিক বিশদ তথ্য পোৱা যাব। ইয়াৰ উপৰি তেওঁলোকে এই আৱিষ্কাৰক বিগত দশকবোৰত সম্পূৰ্ণ হোৱা অন্যতম গুৰুত্বপূৰ্ণ প্ৰত্নতাত্ত্বিক আৱিষ্কাৰ বুলি গণ্য কৰে। ইফালে এই নগৰৰ ধ্বংসাৱশেষৰ পৰা ইতিমধ্যে কেইবাটাও বস্তুৰ অস্তিত্ব চৰ্চালৈ আহিছে। ইয়াৰ ভিতৰত আছে বহুমহলীয়া অট্টালিকা, বোকাময় ইটাৰ দেৱাল, একাধিক টাৱাৰকে ধৰি কেইবাটাও বৃহৎ সংস্থাপন। এই প্ৰসংগত প্ৰত্নতাত্ত্বিক ইভানা পুলজিজে কয় যে, কিছুমান অট্টালিকা সযতনে ডিজাইন কৰা হৈছিল আৰু ডাঠ বোকাৰ দেৱাল আছে। ইয়াৰ উপৰি ১০খন মাটিৰ কিউনিফৰ্ম ফলিও পোৱা গৈছে। মন কৰিবলগীয়া যে, কিউনিফৰ্ম হৈছে লিখাৰ বাবে ব্যৱহৃত এক প্ৰাচীন শৈলী। এনে ক্ষেত্ৰত সেইবোৰ লাভ কৰাৰ পিছত অনুবাদৰ বাবে পঠিয়াই দিয়া হৈছে। আটাইতকৈ আচৰিত কথাটো হ’ল, বহু বছৰ ধৰি ডুব যোৱাৰ পিছতো চহৰখনৰ মাটিৰ ইটাৰ দেৱালবোৰ উল্লেখযোগ্যভাৱে ভালদৰে সংৰক্ষিত হৈ আছে। জনা যায় যে, ১৯৮০ চনৰ আৰম্ভণিতে মোছুল বান্ধ নিৰ্মাণৰ ফলত চহৰখন সমাধিস্থ হৈছিল। সেই সময়ত পুৰাতত্ত্ববিদসকলে ইয়াক ডুব গৈ থকা বাবে ভালদৰে বিশ্লেষণ কৰিব পৰা নাছিল। অঞ্চলটোত হোৱা প্ৰচণ্ড খৰাং পৰিস্থিতিৰ বাবে যোৱা ডিচেম্বৰৰ পৰা পুনৰ এই প্ৰাচীন চহৰখনৰ এটা অংশ চৰ্চালৈ আহিছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More