‘টাইম’ৰ এশজনীয়া প্ৰভাৱশালী ব্যক্তিৰ তালিকাত তিনি ভাৰতীয়

0 22

শতাব্দ বিশেষ প্ৰতিনিধি, ২৪ মে’ :

‘টাইম’ আলোচনীখনে কালি ঘোষণা কৰিছে বিশ্বৰ প্ৰভাৱশালী প্ৰথম ১০০ গৰাকী ব্যক্তিৰ তালিকা। সন্মানীয় এই তালিকাত স্থান লাভ কৰিছে তিনি গৰাকী ভাৰতীয়ই। তেওঁলোক হৈছে আদানি গ্ৰুপৰ গৌতম আদানি, আইনজীৱী কৰুণা নন্দী আৰু মানৱাধিকাৰ কৰ্মী খুৰাম পাৰভেজ।

PTI04 20 2022 000147B 0 1653318617771 165331863543674610982 10157893477148385 4096180167838269440 n 1653318724948 165331875013910934022 10153696203228352 7490593778416694932 n 1653318850795 1653318882314
উল্লেখযোগ্য যে, আলোচনীখনে এই এশ গৰাকী প্ৰভাৱশালী ব্যক্তিক ছটা শ্ৰেণীত বিভক্ত কৰিছে, যেনে আইকন, পায়’নিয়াৰ্ছ, টাইটান, আৰ্টিষ্ট, লিডাৰ্ছ আৰু ইন’ভেটৰ্ছ। আদানি গ্ৰুপৰ স্বত্বাধিকাৰী গৌতম আদানিক স্থান দিয়া হৈছে ‘টাইটান’ তালিকাত য’ত এপ’লৰ মুখ্য কাৰ্যবাহী বিষয়া টিম কুক, অ’প্ৰা উইনফ্ৰেৰ দৰে ব্যক্তিয়েও স্থান লাভ কৰিছে। ‘টাইম’ আলোচনীখনে আদানিৰ বিষয়ে মন্তব্য কৰি কৈছে, ২০২৫ চনৰ ভিতৰত ভাৰতৰ অৰ্থনীতি ৫ ট্ৰিলিয়ন কৰাৰ নৰেন্দ্ৰ মোদীৰ যি লক্ষ্য তাত গৌতম আদানিৰ উত্থান আৰম্ভ হৈছেহে মাত্ৰ।
‘লিডাৰ’ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে আইনজীৱী কৰুণা নন্দীক। এই তালিকাত অন্তৰ্ভুক্ত হোৱা কেইগৰাকীমান ব্যক্তি হৈছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ঝেলেনস্কি, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বিডেন ইত্যাদি। কৰুণা নন্দীৰ বিষয়ে আলোচনীখনে কৈছে যে, তেওঁ কেৱল এগৰাকী আইনজীৱীয়েই নহয়, এগৰাকী সমাজকৰ্মীও, যি আদালতৰ বাহিৰে ভিতৰে নিজৰ কণ্ঠস্বৰৰ মাধ্যমেৰে সমাজৰ পৰিৱৰ্তন আনিব বিচাৰে। তেনেদৰে তৃতীয় গৰাকী ভাৰতীয় খুৰাম পাৰভেজকো ‘লিডাৰ’ শ্ৰেণীতেই স্থান দিয়া হৈছে। পাৰভেজৰ বিষয়ে আলোচনীখনে মন্তব্য কৰিছে এনেদৰে, কাশ্মীৰত মানৱাধিকাৰ উলংঘন আৰু অন্যায়-অবিচাৰৰ বিৰুদ্ধে প্ৰাণেপণে যুঁজ দিয়া পাৰভেজৰ নাম এতিয়া সমগ্ৰ বিশ্বতে জিলিকি উঠিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More