মীনাক্ষি ঘোষ
চুইজাৰলেণ্ডত পঢ়ি থকা এজন ছাত্রই লিখিছে-
চুইজাৰলেণ্ডত পঢ়ি থকা সময়তে মই স্কুলৰ ওচৰতে এটা ভাড়াঘৰ লৈছিলোঁ। ঘৰৰ গৰাকীনী ৬৭ বছৰীয়া ক্ৰিষ্টিনা এখন চেকেণ্ডাৰী স্কুলত কাম কৰি অৱসৰ লৈছে। ভদ্রমহিলা একেবাৰে অকলশৰীয়া।
চুইজাৰলেণ্ডত অৱসৰকালীন ভাট্টা (পেন্সন) যথেষ্ট। খোৱা-বোৱাকে আদিকৰি জীৱন নিৰ্বাহৰ বাবে কোনো অভাৱত পৰিবলগীয়া নহয়।
যি হওক তেওঁ প্ৰকৃতাৰ্থতে এটা ‘কাম’ পালে আৰু কৰিবলৈ ল’লে। কামটো আছিল এজন ৮৭বছৰীয়া অকলশৰীয়া বৃদ্ধক চোৱাচিতা কৰা। মই তেওঁক সুধিলোঁ যে তেওঁ টকাৰ কাৰণেই কামটো কৰিছেনে। তেওঁৰ উত্তৰে মোক আশ্চর্যচকিত কৰিলে।
তেওঁ ক’লে ‘মই কোনো ধনৰ বাবে কাম কৰা নাই। কিন্তু মই মোৰ ‘সময়’ক Time Bankত সঞ্চয় কৰিছোঁ। যেতিয়া বৃদ্ধাৱস্থাত মই কাৰ্য্যক্ষমতা হেৰুৱাই লৰচৰ কৰিবলৈ অসমৰ্থ হৈ পৰিম তেতিয়া মই ইয়াক ব্যৱহাৰ কৰিব পাৰিম। ‘
‘Time Bank’, প্ৰথমবাৰৰ বাবে মই এটা নতুন ধাৰণাৰ কথা শুনিলোঁ। মোৰ ঔৎসুক্য বাঢ়ি গ’ল। অধিক জানিবলৈ আগ্রহ প্রকাশ কৰাত তেওঁ ক’লে-‘মূলতে টাইম বেংক আছিল এটা বৃদ্ধাৱস্থাৰ অৱসৰী পৰিযোজনা যিটো চুইচ্ ফেডাৰেল মিনিষ্ট্ৰিয়ে সামাজিক নিৰাপত্তাৰ বাবে প্ৰৱৰ্তন কৰিছিল (Swiss Federal Ministry Social Security) । মানুহে নিজে ডেকা বা সক্ষম হৈ থকা অৱস্থাতে বৃদ্ধ লোকসকলক সেৱা আগবঢ়াই, যত্ন লৈ নিজৰ বাবে সময় জমা কৰে। নিজে যেতিয়া বুঢ়া বা ৰুগীয়া হৈ পৰে আৰু সহায়ৰ প্ৰয়োজন হ’ব তেতিয়া এই সঞ্চিত সময়ৰ পৰা সময় উলিয়াই আনি ব্যৱহাৰ কৰিব পাৰে।
আবেদনকাৰীসকল স্বাস্থ্যৱান, যোগাযোগত পাৰদৰ্শী আৰু মৰমিয়াল হ’ব লাগিব। প্ৰতিদিনে তেওঁ বৃদ্ধ লোকক চোৱাচিতা কৰিব লাগিব-যাৰ প্ৰয়োজন হয়। তেওঁলোকৰ কামৰ সময়বিলাক সামাজিক নিৰাপত্তা ব্যৱস্থাত থকা তেওঁলোকৰ ব্যক্তিগত একাউণ্টত(time account) জমা হ’ব।
মহিলাগৰাকী সপ্তাহত দুবাৰকৈ কামলৈ ওলাই যায়। বৃদ্ধজনৰ পৰিচৰ্যাত, বজাৰ কৰি দি, বৃদ্ধৰ ঘৰৰ সকলো চাফাই কাম কৰি, বাহিৰলৈ ফুৰাবলৈ নি, সূৰ্যস্নান কৰাই, কথা পাতি দুঘণ্টা সময় দিয়ে।
চুক্তি অনুসৰি তেওঁৰ কামৰ এবছৰ হ’লে টাইম বেংকে তেওঁৰ কামৰ এগ্ৰিগেট পিৰিয়দ হিচাপ কৰিব আৰু তেওঁক এখন টাইম কাৰ্ড দিব।
যেতিয়াই তেওঁক কাৰোবাৰ সহায় বা যত্নৰ আৱশ্যক হ’ব তেওঁ তেওঁৰ টাইম কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব জমাকৃত সময় আৰু সময়ৰ সূদৰ সৈতে (time and time interest) । যথাযথভাৱে পৰীক্ষা কৰি টাইম বেংকে অন্য এজন স্বেচ্ছাসেৱক তেওঁৰ বাবে চুক্তিবদ্ধ কৰিব -চিকিৎসালয় বা ঘৰ য’তেই প্ৰয়োজন হয়।
এদিন মই স্কুলত থকা অৱস্থাতে ভদ্ৰমহিলাগৰাকীয়ে মোক মাতি পঠিয়ালে। তেওঁ মোক জনালে যে টুলত উঠি খিৰিকী চাফা কৰি থাকোঁতে তেওঁ পৰি গ’ল আৰু ভৰিৰ গোৰোহাৰ ওচৰত বেয়াকৈ দুখ পালে। মই তেওঁক ততাতৈয়াকৈ হাস্পতাললৈ নি ভৰ্তি কৰালোঁ। মহিলাগৰাকীৰ গোৰোহাৰ ওচৰত ফ্ৰেকচাৰ হৈছিল আৰু কেইদিনমান হাস্পতালত থাকিবলগীয়া হৈছিল। মই তেওঁৰ লগত থাকিবলৈ ছুটী ল’ম বুলি কোৱাত তেওঁ জনালে যে তাৰ কোনো দৰকাৰ নাই। তেওঁ ইতিমধ্যে টাইম বেলেঞ্চ উইদ্ৰৱেল ৰিকুৱেষ্ট পঠিয়াইছে। সঁচাকৈয়ে এঘণ্টামানৰ ভিতৰত টাইম বেংকে এজন পৰিচৰ্যাকাৰী পঠিয়ালে আৰু তেওঁ ভদ্ৰমহিলাৰ চোৱাচিতাৰ দায়িত্ব ল’লেহি। তেওঁ মহিলাগৰাকীৰ সকলো ধৰণৰ যত্ন ল’লে, পুষ্টিকৰ খাদ্যও ৰান্ধি খুৱালে। শুশ্ৰূষাকাৰীজনৰ সুন্দৰ যত্নত মহিলাগৰাকী সোনকালেই আৰোগ্য হ’ল।
সুস্থ হোৱাৰ পিছত ভদ্ৰমহিলা পুনৰ কামলৈ উভতি গ’ল। তেওঁ ক’লে যে তেওঁ যিহেতু এতিয়াও যথেষ্ট স্বাস্থ্যৱান আৰু কৰ্মক্ষম হৈ আছে, তেওঁ টাইম বেংকত আৰু অধিক সময় জমা কৰিবলৈ যত্ন কৰিব।
আজিকালি টাইম বেংকত সময় জমা কৰাটো চুইজাৰলেণ্ডত এটা জনপ্রিয় আৰু সাধাৰণ কথা হৈ পৰিছে। বৃদ্ধসকলক সহায় কৰাৰ এই পন্থাটো(scheme) সকলোৱে সমৰ্থন কৰিছে।
এটা বৰ সুন্দৰ ব্যৱস্থাৰ সৃষ্টি নহয়নে? গোটেই পৃথিৱীতে এই ধাৰাৰ প্ৰৱৰ্তন হোৱাটো কামনা নকৰেনে?
(মীনাক্ষি ঘোষৰ এই অনুবাদ লেখাটো কোনো লোকে “শতাব্দ”ৰ বাবে প্ৰেৰণ কৰিছে। এক নতুন ধাৰণা আৰু সামাজিক নিৰপত্তাৰ বিষয়টো প্ৰচাৰ কৰাটো উচিৎ গণ্য কৰি প্ৰকাশ কৰা হ’ল।)